--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত এখন বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দেশ। এই বৈচিত্ৰ্যভৰা দেশৰ বিচিত্ৰ কাৰ্য-কলাপে সকলোকে আচৰিত কৰি তোলে। মহাৰাষ্ট্ৰত এনে এখন অনন্য গাঁও আছে য'ত প্ৰতিঘৰতে পালন কৰা হয় সাপ। কেৱল সেয়াই নহয়, এই গাঁওখনৰ ল'ৰা-ছোৱালীয়েও সাপৰ সৈতে খেলে। আচৰিত কথাটো এয়ে যে এই গাঁৱৰ কোনো ব্যক্তিকে আজিলৈকে সাপে দংশন কৰা নাই। দৰাচলতে, মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত অৱস্থিত এই গাঁওখনৰ নাম শ্বেতপাল। এই গাঁওখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে ইয়াৰ বাস কৰা লোকসকলে দীৰ্ঘদিন ধৰি ইয়াত সাপক পূজা কৰি আহিছে। এই কাৰণেই গাঁওখনৰ প্ৰতিঘৰ লোকে পালন কৰে সাপ। গাঁওখনৰ প্ৰতিজন নাগৰিকৰ সাপৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা-ভক্তিৰ বাবে ইয়াত সাপ পালন কৰা হয়। [caption id="attachment_133574" align="aligncenter" width="340"]অনন্য দেশৰ এখন অনন্য গাঁও, য’ত প্ৰতিঘৰ লোকে পালন কৰে সাপ[/caption] জানিব পৰা মতে, শ্বেতপালৰ প্ৰতিটো ঘৰত সাপ পালন কৰা হয়। কেৱল এয়াই নহয়, কিছুমানৰ ঘৰত কোব্ৰাও পালন কৰা হয়। ঘৰৰ শিশুসকলে সাপবোৰৰ সৈতে খেলি থকাও দেখা যায়। গাঁওখনৰ ঘৰবোৰত সাপবোৰ পোহনীয়া জন্তুৰ দৰে ঘূৰি ফুৰে। এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ওচৰ-চুবুৰীয়া গাঁওবোৰৰ গঞাই ইয়াত ভিৰ কৰেহি। উল্লেখ্য যে, গাঁওখনত প্ৰায় ২,৬০০ জনসংখ্যা বাস কৰে আৰু এই সকলো গাঁওবাসীক আজিলৈকে সাপে দংশন কৰা নাই। ইয়াৰ লগতে সাপবোৰ থাকিবলৈ এটা পৃথক স্থান বনাই দিয়া হয়। এই ঠাইখন ঘৰৰ চালত নিৰ্মাণ কৰা হয় এনে কিছুমান স্থান। যাক তেওঁলোকে দেৱস্থান বুলি গণ্য কৰে। যেতিয়া উৎসৱ আহে গাঁওখনৰ বাসিন্দাসকলে সম্পূৰ্ণ ৰীতি-নীতিৰে সাপক উপাসনা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন