--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত এখন বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দেশ। এই বৈচিত্ৰ্যভৰা দেশৰ বিচিত্ৰ কাৰ্য-কলাপে সকলোকে আচৰিত কৰি তোলে। মহাৰাষ্ট্ৰত এনে এখন অনন্য গাঁও আছে য'ত প্ৰতিঘৰতে পালন কৰা হয় সাপ। কেৱল সেয়াই নহয়, এই গাঁওখনৰ ল'ৰা-ছোৱালীয়েও সাপৰ সৈতে খেলে। আচৰিত কথাটো এয়ে যে এই গাঁৱৰ কোনো ব্যক্তিকে আজিলৈকে সাপে দংশন কৰা নাই। দৰাচলতে, মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত অৱস্থিত এই গাঁওখনৰ নাম শ্বেতপাল। এই গাঁওখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে ইয়াৰ বাস কৰা লোকসকলে দীৰ্ঘদিন ধৰি ইয়াত সাপক পূজা কৰি আহিছে। এই কাৰণেই গাঁওখনৰ প্ৰতিঘৰ লোকে পালন কৰে সাপ। গাঁওখনৰ প্ৰতিজন নাগৰিকৰ সাপৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা-ভক্তিৰ বাবে ইয়াত সাপ পালন কৰা হয়। [caption id="attachment_133574" align="aligncenter" width="340"]অনন্য দেশৰ এখন অনন্য গাঁও, য’ত প্ৰতিঘৰ লোকে পালন কৰে সাপ[/caption] জানিব পৰা মতে, শ্বেতপালৰ প্ৰতিটো ঘৰত সাপ পালন কৰা হয়। কেৱল এয়াই নহয়, কিছুমানৰ ঘৰত কোব্ৰাও পালন কৰা হয়। ঘৰৰ শিশুসকলে সাপবোৰৰ সৈতে খেলি থকাও দেখা যায়। গাঁওখনৰ ঘৰবোৰত সাপবোৰ পোহনীয়া জন্তুৰ দৰে ঘূৰি ফুৰে। এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ওচৰ-চুবুৰীয়া গাঁওবোৰৰ গঞাই ইয়াত ভিৰ কৰেহি। উল্লেখ্য যে, গাঁওখনত প্ৰায় ২,৬০০ জনসংখ্যা বাস কৰে আৰু এই সকলো গাঁওবাসীক আজিলৈকে সাপে দংশন কৰা নাই। ইয়াৰ লগতে সাপবোৰ থাকিবলৈ এটা পৃথক স্থান বনাই দিয়া হয়। এই ঠাইখন ঘৰৰ চালত নিৰ্মাণ কৰা হয় এনে কিছুমান স্থান। যাক তেওঁলোকে দেৱস্থান বুলি গণ্য কৰে। যেতিয়া উৎসৱ আহে গাঁওখনৰ বাসিন্দাসকলে সম্পূৰ্ণ ৰীতি-নীতিৰে সাপক উপাসনা কৰা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ