--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'এষ্ট্ৰোটক'(Astrotalk) নামৰ এটা ভাৰতীয় জ্যোতিষশাস্ত্ৰ কোম্পানী বিশ্বৰ সৰ্ববৃহৎ জ্যোতিষশাস্ত্ৰ কোম্পানী হিচাপে বিবেচিত হৈছে। যিয়ে যোৱা ৪ বছৰত বিশ্বব্যাপী কমেও ২০ নিযুত লোকক জ্যোতিষসেৱা প্ৰদান কৰিছে। এষ্ট্ৰোটকে বৰ্তমান সময়ত দৈনিক প্ৰায় ৪১ লাখ টকাৰ ব্যৱসায় কৰি আছে। কিন্তু আপুনি জানেনে যে এষ্ট্ৰোটক এপটো এজন জ্যোতিষীৰ ভৱিষ্যতবাণীৰ ফলাফল স্বৰূপে গঠন হৈছিল। পুনীত গুপ্তা নামৰ এজন ইঞ্জীনিয়াৰে 'এষ্ট্ৰোটক' গঠন কৰে। এষ্ট্ৰোটকৰ প্ৰতিষ্ঠাপক পুনিত গুপ্তাৰ কাহিনীৰ বিষয়ে জানো আহক। ২০১৫ চনত পুনীতে মুম্বাইৰ এটা আইটি কোম্পানীত ইঞ্জীনিয়াৰ হিচাপে কাম কৰিছিল। কিন্তু তেওঁ নিজৰ আইটি ষ্টাৰ্টআপ আৰম্ভ কৰিবলৈ চাকৰি এৰাৰ সিদ্ধান্ত লৈছিল। বেছিভাগ মানুহৰ দৰে পুনীতেও চাকৰি এৰি দিয়াৰ সিদ্ধান্তক লৈ দোমোজাত পৰিছিল। তেতিয়াই তেওঁৰ এজন সহকৰ্মী তথা জ্যোতিষী বন্ধুৱে পুনীতক সহায় কৰিবৰ বাবে আগবাঢ়ি আহে। কিন্তু পুনীতে সেই সময়ত জ্যোতিষশাস্ত্ৰত একেবাৰে বিশ্বাস কৰা নাছিল। পুনীতে তেওঁৰ জ্যোতিষী বন্ধুৰ কথাত বহুত হাঁহিছিল আৰু কৈছিল তেওঁৰ দৰে এজন শিক্ষিত ব্যক্তিয়ে জ্যোতিষশাস্ত্ৰত কেনেকৈ বিশ্বাস কৰিব পাৰে? অৱশ্যে তেওঁৰ বন্ধু নিজৰ জ্যোতিষ দক্ষতাৰ ওপৰত যথেষ্ট আত্মবিশ্বাসী আছিল আৰু পুনীতক কৈছিল যে তেওঁ পুনীতৰ অতীতৰ বিষয়ে সকলো ক'ব পাৰিব। জ্যোতিষী বন্ধুৰ এই আত্মবিশ্বাস দেখি পুনীতে তেওঁৰ বিষয়ে ক'বলৈ কয়। জ্যোতিষী বন্ধুৱে পুনীতৰ অতীতৰ বিষয়ে সকলোখিনি সঠিককে কয়। কিন্তু তাৰপাছতো পুনীতে তেওঁৰ বন্ধুক বিশ্বাস কৰা নাছিল। পুনীতে ভাবিছিল যে তেওঁ নিশ্চয় বেলেগৰ পৰা তেওঁৰ অতীতৰ বিষয়ে আগতে শুনিছিল। বন্ধুজনে ভৱিষ্যতবাণী কৰি কয় যে পুনীতে শীঘ্ৰেই তেওঁৰ বন্ধুৰ সৈতে এটা আইটি ষ্টাৰ্টআপ আৰম্ভ কৰিব। কিন্তু এই ষ্টাৰ্টআপটো ২ বছৰৰ ভিতৰত বন্ধ হৈ যাব, কিয়নো তেওঁৰ বিছনেছ পাৰ্টনাৰে তেওঁৰ সংগ এৰি গুচি যাব। ইয়াৰ পাছত পুনীতে আন এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব, যিটো ষ্টাৰ্টআপত পুনীত যথেষ্ট সফল হ'ব। পুনীতে জ্যোতিষী বন্ধুৰ কথা অলপো বিশ্বাস নকৰিলে আৰু তেওঁ চাকৰি এৰি এজন বন্ধুৰ সৈতে এটা আইটি ষ্টাৰ্টআপ আৰম্ভ কৰে। পুনীতৰ জ্যোতিষী বন্ধুৱে কোৱাৰ দৰে আশ্চৰ্যজনকভাৱে ২ বছৰৰ ভিতৰত সেই কোম্পানী বন্ধ হৈ যায়। পুনীতৰ বন্ধুজনে সেই কোম্পানী এৰি আঁতৰি গৈছিল। সেই সময়ত পুনীতৰ জ্যোতিষী বন্ধুজনলৈ মনত পৰে। পুনীতে তেওঁক ফোন কৰি কয় যে ''তোমাৰ ভৱিষ্যতবাণী সঁচা হ'ল। এতিয়া মই কি কৰা উচিত?'' ইয়াৰ পাছত বন্ধুজনে পুনীতক জ্যোতিষশাস্ত্ৰৰ ক্ষেত্ৰত কিবা কৰিবলৈ পৰামৰ্শ দিছিল আৰু কৈছিল যে এনে ব্যৱসায়ত তেওঁ যথেষ্ট সফল হ'ব। তাৰ পিছত পুনীতে 'এষ্ট্ৰোটক' নামৰ জ্যোতিষশাস্ত্ৰ কোম্পানীটো আৰম্ভ কৰিলে আৰু সঁচাকৈয়ে কোম্পানীটো যথেষ্ট দ্ৰুতগতিত আগবাঢ়ি পৃথিৱীৰ সৰ্ববৃহৎ জ্যোতিষশাস্ত্ৰ প্ৰতিষ্ঠান হৈ পৰিল। বৰ্তমান সময়ত পুনীত গুপ্তা ভাৰতৰ এজন কোটিপতি ব্যৱসায়ী। এই কোম্পানীৰ জৰিয়তে ২৫০০ৰো অধিক জ্যোতিষীয়ে নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিছে। নিজৰ ভৱিষ্যতৰ কথা ভাবি দিকবিদিক হেৰুৱা লোকে এই কোম্পানীৰ জ্যোতিষীৰ পৰামৰ্শ গ্ৰহণ কৰি নিজৰ জীৱনৰ সঠিক ঠিকনা বিচাৰি পাইছে। কিয়নো এই কোম্পানীৰ প্ৰতিজন জ্যোতিষীয়ে অতি দক্ষ আৰু জ্যোতিষশাস্ত্ৰত পাৰ্গত। আৰু পঢ়কঃ মই আৰু মোৰ পৰিয়াল শত্ৰুৰ প্ৰথম লক্ষ্য কিন্তু আমি দেশক ‘গাড্ডাৰী’ নকৰোঁঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ