--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ জোকাৰি যোৱা মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৱা ৪ মে'ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলা।

বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ উক্ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই সমগ্ৰ দৃশ্য। মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে সংঘটিত কৰিছিল উক্ত জঘন্য কাণ্ড।

এই ঘটনা পোহৰলৈ অহাৰ এদিন পিচতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰে জড়িত মূল অভিযুক্তক। এই জঘন্য কাণ্ডৰে জড়িত মূল অভিযুক্তজনৰ নাম হিৰোদাস মেইটেই।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে।

আৰক্ষীবিষয়াসকলে জনোৱা মতে, ঘটনাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ লগে লগে কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হয়। মাষ্টাৰমাইণ্ড বুলি অভিযোগ উত্থাপন কৰা লোকসকলৰ অন্যতম হিৰোদাস মেইটেইক থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ২৬ ছেকেণ্ডৰ এই ক্লিপটোত অভিযুক্তজনক বিশেষভাৱে দেখা গৈছিল।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কয় যে ৰাজ্য চৰকাৰে অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ কথা চিন্তা কৰিছে। আমি ভিডিঅ'টো দেখিলোঁ আৰু  বহুত বেয়া লাগিল, ই মানৱতাৰ বিৰুদ্ধে অপৰাধ। লগে লগে আৰক্ষীক নিৰ্দেশ দিলোঁ যে দোষীক গ্ৰেপ্তাৰ কৰক আৰু ৰাজ্য চৰকাৰে অভিযুক্তক মৃত্যুদণ্ড নিশ্চিত কৰাৰ চেষ্টা কৰিব। প্ৰতিজন মানুহে ইয়াক গৰিহণা দিব লাগে।" 

মণিপুৰ আৰক্ষীয়ে ইয়াৰ পূৰ্বে বুধবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে থৌবাল জিলাৰ নংপক ছেকমাই থানাত অজ্ঞাত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু অপৰাধীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলি আছে।

ৰাজ্যত জনগোষ্ঠীয় হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ মাত্ৰ এদিন পিছতে যোৱা ৪ মে’ত বি ফাইনম গাঁও জ্বলাই দিয়াৰ পিছতে কাংপকপি জিলাত সংঘটিত হয় এই নিন্দনীয় ঘটনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস