--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ জোকাৰি যোৱা মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৱা ৪ মে'ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলা।

বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ উক্ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই সমগ্ৰ দৃশ্য। মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে সংঘটিত কৰিছিল উক্ত জঘন্য কাণ্ড।

এই ঘটনা পোহৰলৈ অহাৰ এদিন পিচতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰে জড়িত মূল অভিযুক্তক। এই জঘন্য কাণ্ডৰে জড়িত মূল অভিযুক্তজনৰ নাম হিৰোদাস মেইটেই।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে।

আৰক্ষীবিষয়াসকলে জনোৱা মতে, ঘটনাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ লগে লগে কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হয়। মাষ্টাৰমাইণ্ড বুলি অভিযোগ উত্থাপন কৰা লোকসকলৰ অন্যতম হিৰোদাস মেইটেইক থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ২৬ ছেকেণ্ডৰ এই ক্লিপটোত অভিযুক্তজনক বিশেষভাৱে দেখা গৈছিল।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কয় যে ৰাজ্য চৰকাৰে অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ কথা চিন্তা কৰিছে। আমি ভিডিঅ'টো দেখিলোঁ আৰু  বহুত বেয়া লাগিল, ই মানৱতাৰ বিৰুদ্ধে অপৰাধ। লগে লগে আৰক্ষীক নিৰ্দেশ দিলোঁ যে দোষীক গ্ৰেপ্তাৰ কৰক আৰু ৰাজ্য চৰকাৰে অভিযুক্তক মৃত্যুদণ্ড নিশ্চিত কৰাৰ চেষ্টা কৰিব। প্ৰতিজন মানুহে ইয়াক গৰিহণা দিব লাগে।" 

মণিপুৰ আৰক্ষীয়ে ইয়াৰ পূৰ্বে বুধবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে থৌবাল জিলাৰ নংপক ছেকমাই থানাত অজ্ঞাত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু অপৰাধীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলি আছে।

ৰাজ্যত জনগোষ্ঠীয় হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ মাত্ৰ এদিন পিছতে যোৱা ৪ মে’ত বি ফাইনম গাঁও জ্বলাই দিয়াৰ পিছতে কাংপকপি জিলাত সংঘটিত হয় এই নিন্দনীয় ঘটনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে