--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীমৰ ট্ৰেডমিলত দৌৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটিলে এজন যুৱকে। দিল্লীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দিল্লীৰ ৰোহিনী অঞ্চলৰ এটা জীমৰ ট্ৰেডমিলত দৌৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দিল্লীৰ এজন ২৪ বছৰীয়া যুৱকৰ। মৃত যুৱকজনৰ নাম সাক্ষম প্ৰকৃতি। ৰোহিনী ছেক্টৰ ১৯ৰ বাসিন্দা  আছিল। 

মৃত যুৱকজনে ১৫ নং ছেক্টৰৰ জিম্পলেক্স ফিটনেছ জ’নত সঘনাই আহিছিল। মঙলবাৰে সন্ধিয়া জীমত ট্ৰেডমিলত ব্যায়াম কৰি থকা অৱস্থাত হঠাতে সাক্ষম বাগৰি পৰে। ততাতৈয়াকৈ তেওঁক ৰোহিনী ছেক্টৰ ৬ৰ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।
24-Year-Old Man Electrocuted To Death While Running On Treadmill At Gym In Delhi
আৰক্ষীৰ উপ-আয়ুক্ত (ৰোহিনী) গুৰিকবাল সিং সিদ্ধুৱে জনোৱা মতে, বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়ত সাক্ষমৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে। 

জীমৰ মেনেজাৰ অনুভ ডুগলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ২৮৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্তত নামি পৰিছে।

লক্ষণীয়ভাৱে চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত সংঘটিত একেধৰণৰ এক কাণ্ডত মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা জীমত ৱৰ্কআউটৰ অন্তত প্ৰদীপ ৰঘুবংশী নামৰ ৫৫ বছৰীয়া এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে