--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীমৰ ট্ৰেডমিলত দৌৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটিলে এজন যুৱকে। দিল্লীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দিল্লীৰ ৰোহিনী অঞ্চলৰ এটা জীমৰ ট্ৰেডমিলত দৌৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দিল্লীৰ এজন ২৪ বছৰীয়া যুৱকৰ। মৃত যুৱকজনৰ নাম সাক্ষম প্ৰকৃতি। ৰোহিনী ছেক্টৰ ১৯ৰ বাসিন্দা  আছিল। 

মৃত যুৱকজনে ১৫ নং ছেক্টৰৰ জিম্পলেক্স ফিটনেছ জ’নত সঘনাই আহিছিল। মঙলবাৰে সন্ধিয়া জীমত ট্ৰেডমিলত ব্যায়াম কৰি থকা অৱস্থাত হঠাতে সাক্ষম বাগৰি পৰে। ততাতৈয়াকৈ তেওঁক ৰোহিনী ছেক্টৰ ৬ৰ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।
24-Year-Old Man Electrocuted To Death While Running On Treadmill At Gym In Delhi
আৰক্ষীৰ উপ-আয়ুক্ত (ৰোহিনী) গুৰিকবাল সিং সিদ্ধুৱে জনোৱা মতে, বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়ত সাক্ষমৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে। 

জীমৰ মেনেজাৰ অনুভ ডুগলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ২৮৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্তত নামি পৰিছে।

লক্ষণীয়ভাৱে চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত সংঘটিত একেধৰণৰ এক কাণ্ডত মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা জীমত ৱৰ্কআউটৰ অন্তত প্ৰদীপ ৰঘুবংশী নামৰ ৫৫ বছৰীয়া এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস