--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটাৰ পাছত আন এটা কেলেংকাৰি সংঘটিত হৈছে গুজৰাটত৷ ২৮টা বেংকক সামৰি গুজৰাটৰ প্ৰতিষ্ঠানে সংঘটিত কৰা ২২,৮৪২ কোটি টকাৰ দেশৰ সৰ্ববৃহৎ বেংক জালিয়াতিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গুজৰাটৰে আন এটি কেলেংকাৰিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বিজেপিশাসিত ৰাজ্যখনত এইবাৰ সংঘটিত হৈছে ৬,০০০ কোটি টকাৰ কয়লা কেলেংকাৰি৷ কংগ্ৰেছে বুধবাৰে অভিযোগ কৰিছিল যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে নিৰ্ধাৰিত কয়লা আন ৰাজ্যৰ উদ্যোগসমূহক বিক্ৰী কৰা হৈছিল আৰু গুজৰাটত ৬,০০০ কোটি টকাৰ কেলেংকাৰি পোহৰলৈ আহিছে। ভাৰতীয় জাতীয় কংগ্ৰেছে পোহৰলৈ আনিছে এই বৃহৎ কয়লা কেলেংকাৰি৷ দলটোৱে এই কেলেংকাৰিৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে৷ আজি নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰি কয় যে, এইটো কাকতালীয় নেকি যে তিনিজন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (২০০১ চনৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী), ২০০৭ৰ ডিচেম্বৰৰ পৰা ২০১২ৰ ডিচেম্বৰলৈ উদ্যোগ, খনি আৰু খনিজ বিভাগৰ দায়িত্বত আছিল), বিজয় ৰুপানি (২০১৬ৰ আগষ্ট পৰা ২০২১ৰ ছেপ্টেম্বৰলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী) আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে (বিগত বৰ্ষৰ ২০২১লৈকে খনিজ বিভাগ নিজৰ সৈতে ৰাখিছিল)৷ সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কয়, ভাৰতৰ খনিৰ পৰা আহৰণ কৰা কয়লা যিবোৰ উদ্যোগৰ বাবে আহৰণ কৰা হৈছিল অথচ সেইবোৰত উপণীত হোৱাই নাছিল৷ বিগত ১৪ বছৰত গুজৰাটৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগৰ নামত ভাৰতৰ খনিৰ পৰা ৬০ লাখ টন কয়লা আহৰণ কৰা হৈছে। প্ৰতি টনত ইয়াৰ গড় মূল্য হৈছে ১,৮০০ কোটি টকা৷ কিন্তু, ইয়াক ব্যৱসায়ী আৰু উদ্যোগবোৰক বিক্ৰী কৰাৰ পৰিৱৰ্তে, আন ৰাজ্যত ৮,০০০ৰ পৰা ১০,০০০ টকা মূল্যত বিক্ৰী কৰা হৈছে। কংগ্ৰেছে কয় যে, পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০০৭ত সমগ্ৰ দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহক সুলভ মূল্যত ভাল মানৰ কয়লা প্ৰদান কৰাৰ বাবে এটা নীতি প্ৰস্তুত কৰিছিল। এই নীতিৰ অধীনত গুজৰাটৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে পশ্চিম ভাৰতৰ কয়লা ক্ষেত্ৰ আৰু দক্ষিণ-পূব ভাৰতৰ কয়লা ক্ষেত্ৰৰ পৰা প্ৰতিমাহে কয়লা আহৰণ কৰা হয়। বল্লভে কয়, পূৰ্বৰ নীতি অনুসৰি গুজৰাট চৰকাৰে কয়লাৰ হিতাধিকাৰী উদ্যোগৰ তালিকা, প্ৰয়োজনীয় কয়লাৰ পৰিমাণ, কোন সংস্থাৰ পৰা কয়লা কোল ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হ’ব, এই সকলো তথ্য প্ৰেৰণ কৰিবলগা হৈছিল। ইয়াৰ লগতে, গুজৰাট চৰকাৰে ৰাজ্যিক মনোনীত সংস্থাৰ (এছএনএ) এখন তালিকাও প্ৰেৰণ কৰিব লাগিছিল৷ এছ.এন.এ.ৰ অৰ্থ হৈছে ৰাজ্য চৰকাৰে ঘোষণা কৰা সংস্থাটো, যি কোল ইণ্ডিয়াৰ পৰা ৰাজ্যৰ হিতাধিকাৰী, ক্ষুদ্ৰ উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়ীলৈ কয়লা কঢ়িওৱাৰ কৰ্তৃত্ব লাভ কৰে৷ এতিয়া গুজৰাট চৰকাৰে কোল ইণ্ডিয়ালৈ প্ৰেৰণ কৰা তথ্য মিছা বুলি পৰিগণিত হৈছে। নথি-পত্ৰত কোল ইণ্ডিয়াৰ পৰা কয়লা আহৰণ কৰা উদ্যোগবোৰ সেই উদ্যোগবোৰলৈ গৈ পোৱাত নাছিল। সংস্থাসমূহে গুজৰাটৰ হিতাধিকাৰী উদ্যোগসমূহৰ নামত প্ৰতিবছৰে কোল ইণ্ডিয়াৰ পৰা কয়লা ক্ৰয় কৰে, কিন্তু, হিতাধিকাৰীসকলক দিয়াৰ পৰিৱৰ্তে সংস্থাসমূহে মুকলি বজাৰত উচ্চ মূল্যত কয়লা বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰে। কংগ্ৰেছে কয়, এয়া সম্ভৱ হৈছে এইবাবেই যে সংস্থাবোৰে এই কয়লা ৰপ্তানিৰ বাবে ভুৱা বিল সৃষ্টি কৰিছে আৰু আয়কৰ, বিক্ৰী কৰ আৰু জিএছটি কৰ ফাঁকি দি কয়লা সৰবৰাহ কৰি আহিছে৷ বিজেপি শাসনাধীন গুজৰাটত সংঘটিত এই কয়লা কেলেংকাৰি সম্পৰ্কত ভাৰতীয় জাতীয় কংগ্ৰেছে উত্থাপন কৰা এই অভিযোগে পৰৱৰ্তী সময়ত কোনদিশে গতি কৰে, সেয়া লক্ষ্যণীয় হ’ব৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুজৰাটত সংঘটিত এটাৰ পাছত এটা কেলেংকাৰিয়ে এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক