--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফল কি হ’ব পূৰ্বানুমান কৰাতো কঠিন, কিন্তু মমতা বেনাৰ্জীৰ সৈতে মোৰ সম্পৰ্কত কোনো ব্যাঘাত জন্মা নাই’- এই মন্তব্য প্ৰশান্ত কিশোৰৰ৷ ভাৰতৰ সাম্প্ৰতিক ৰাজনীতিৰ ৰণনীতিকাৰ, ‘আধুনিক চাণক্য’খ্যাত প্ৰশান্ত কিশোৰে দেশৰ এটি স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানে লোৱা এক সাক্ষাৎকাৰত দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হোৱা ৰাজ্যিক নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে৷ লগতে, ৰাষ্ট্ৰীয় ৰাজনীতি আৰু মমতা বেনাৰ্জী, নীতিশ কুমাৰৰ সৈতে তেওঁৰ নিজৰ সম্পৰ্ক সম্পৰ্কে মন্তব্য কৰে৷ দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচন সম্পৰ্কত সংবাদ মাধ্যমত বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে কিশোৰে কয় যে, উত্তৰ প্ৰদেশত কি ঘটিব কোনেও নাজানে আৰু ফলাফলৰ পূৰ্বানুমান কৰাতো অসম্ভৱ। উত্তৰ প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত প্ৰশান্ত কিশোৰে কয় যে, ২০২২ৰ নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ প্ৰভাৱ আমি আগৰ নিৰ্বাচনবোৰত দেখাতকৈ বেলেগ নহ’ব। তেওঁ কয়, তথ্যই দেখুৱাইছে যে প্ৰায় ৫০% হিন্দু ভোটাৰ মেৰুকৰণ প্ৰচাৰৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে আৰু প্ৰায়ে প্ৰভাৱিত হয়। বাকীবোৰ নহয়। কিশোৰে লগতে কয় যে, মূলতঃ উত্তৰ প্ৰদেশৰ নিৰ্বাচন এটা দ্বিদলীয় যুঁজ আৰু তেওঁ স্বীকাৰ কৰিছে যে কংগ্ৰেছ আৰু বহুজন সমাজপাৰ্টী তৃতীয় আৰু চতুৰ্থ স্থানত থকাৰ সম্ভাৱনা আছে৷ সাক্ষাৎকাৰটোত কিশোৰক পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাৰ নিৰ্বাচন সম্পৰ্কেও প্ৰশ্ন কৰা হৈছিল৷ দেশৰ জ্যেষ্ঠ সাংবাদিক কৰণ থাপাৰক দিয়া ৭০ মিনিটৰ সাক্ষাৎকাৰত কিশোৰে মমতা বেনাৰ্জীৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়েও মন্তব্য কৰে আৰু কয় যে ইয়াত কোনো পৰিৱৰ্তন হোৱা নাই। তেওঁ কয় যে, তেওঁ মমতা বেনাৰ্জীৰে তেওঁৰ সংঘাতৰ বাতৰিবোৰ পঢ়ি-শুনি হাঁহিছিল। মমতা বেনাৰ্জীৰে প্ৰশান্ত কিশোৰৰ সংঘাত শিৰোনাম বিচাৰি ফুৰা সাংবাদিকসকলৰ দ্বাৰা বিয়পি পৰা কাহিনী বুলি তেওঁ মন্তব্য কৰে৷ ১৯ ফেব্ৰুৱাৰীত নীতিশ কুমাৰৰ সৈতে প্ৰশান্ত কিশোৰৰ নৈশভোজৰ বৈঠক সন্দৰ্ভতো সাক্ষাৎকাৰটোত প্ৰশ্নৰ সন্মুখীন হয় প্ৰশান্ত কিশোৰ৷ সেই বৈঠক এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত বিহাৰৰ মুথ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ কৌশলৰ অংশ আছিল নেকি বুলি প্ৰশান্ত কিশোৰক প্ৰশ্ন কৰা হৈছিল৷ উত্তৰত প্ৰশান্ত কিশোৰে কয় যে ইয়াত সত্যৰ একো নাই৷ তেওঁ কয় যে তেওঁ এই দেশৰ মুৰব্বী নহয়। নীতিশৰ সৈতে তেওঁৰ সাক্ষাৎ কেৱল সৌজন্যতাসূচকহে আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰশান্ত কিশোৰে৷ বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধী একত্ৰিত হোৱাতো প্ৰয়োজনীয় নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা দেশজুৰি নহয় ৰাজ্য অনুসৰি বিচাৰ কৰিব লাগিব। পশ্চিম বংগ, উড়িশা, তেলেংগানা বা অন্ধ্ৰৰ দৰেও ৰাজ্য আছে য’ত বিজেপিবিৰোধী শিবিৰ বিভক্ত আৰু খণ্ডিত৷ কিন্তু, সেই বিভক্ত বিৰোধীৰ এটা অংশ তথাপি বিজেপিক প্ৰতিৰোধ কৰিবলৈ যথেষ্ট শক্তিশালী। আনহাতে তেওঁ আঙুলিয়াই দিয়ে যে বিহাৰতো বিৰোধী একত্ৰিত আছিল কিন্তু তথাপি বিজেপিক পৰাজিত কৰিবলৈ অসমৰ্থ হৈছিল। কংগ্ৰেছৰ বিষয়ে বিশেষভাৱে ক’বলৈ গৈ কিশোৰে কয় যে কংগ্ৰেছে এসময়ত প্ৰতিনিধিত্ব কৰা ধাৰণা আৰু আদৰ্শৰ সৈতে দলটোৰ বৰ্তমানৰ গাঁথনি আৰু সঠিকভাৱে কাম কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে পৃথককৈ চিন্তা কৰিব লাগে। তেওঁ কয় যে, কংগ্ৰেছৰ স্থান আৰু ধাৰণা আঞ্চলিক দলৰ কোনো সংমিশ্ৰণৰ দ্বাৰা পূৰণ কৰিব নোৱাৰি বা সেই স্থান বিজেপিয়ে ল’ব নোৱাৰে। ৰাহুল গান্ধী সম্পদ নে দায়বদ্ধতা বুলি বিশেষভাৱে সোধাত কিশোৰে প্ৰশ্নটোৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে। অৱশ্যে তেওঁ কয় যে এইটো কংগ্ৰেছৰ বাবেহে বিচাৰ্য বিষয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক