--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিসংখ্যাই দেখুৱাইছে যে দেশতেই হওক, বিদেশতেই হওক - এদিনীয়া ক্ৰিকেটত সকলোতে সফল বিৰাট কোহলী। যদিও মাজে মাজে ব্যতিক্ৰম হৈছিল, তথাপিও সেইবোৰ আছিল ক্ষন্তেকীয়া।

পৰিসংখ্যা অনুসৰি ২০০৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বিৰাটে দেশৰ মাটিত মুঠ ১২১ খন এদিনীয়া খেল খেলিছিল। ১১৮খন মেচত বেটিং কৰিছিল।

সেই ১১৮খন মেচত বিৰাটৰ বেটৰ পৰা ৬,২১৪ ৰান আহিছিল। ১৬খন মেচত আউট নহ’ল। ৯ খন মেচত কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ উভতি আহিছিল। বিৰাটে ১১৮খন মেচত গড়ে ৬০.৯২ ৰান সংগ্ৰহ কৰে। ষ্ট্ৰাইক ৰেট ৯৬.৮০।

বিৰাটে যি ৫০টা শতক অৰ্জন কৰিছে তাৰ ভিতৰত তেওঁ দেশৰ মাটিত ২৪টা শতক অৰ্জন কৰিছে। তেওঁ ৩২টা অৰ্ধশতক অৰ্জন কৰে।

২০০৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত দেশৰ এদিনীয়া ক্ৰিকেটত বিৰাটে ৫৯০টা  ছাৰি মাৰিছিল। ৭৮টা ছয় মাৰিলে।

এদিনীয়া ক্ৰিকেটত বিৰাটে দেশৰ মাটিত সৰ্বাধিক ১৬৬ ৰান সংগ্ৰহ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে তিৰুৱানন্তপুৰমত শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাটে ১৬৬ ৰান সংগ্ৰহ কৰিছিল। খেলৰ শেষলৈকে তেওঁ নিজৰ উইকেট ৰাখিছিল।

বিদেশৰ মাটিতো কোহলীৰ সফলতা। পৰিসংখ্যা অনুসৰি কোহলীয়ে বিদেশৰ মাটিত মুঠ ১৭০খন এদিনীয়া মেচ খেলিছে। ইয়াৰে ১৬১খন মেচত বেটিং কৰিছে।

কোহলীয়ে ১৬১খন খেলত ৭৫৮০ ৰান সংগ্ৰহ কৰে। গড় ৫৬.৯৯। বিদেশী মাটিত তেওঁৰ ষ্ট্ৰাইক ৰেট দেশতকৈ কম যদিও বৰ কম নহয়। বিদেশৰ মাটিত বিৰাটৰ ষ্ট্ৰাইক ৰেট ৯১.১৬।

বহিঃৰাষ্ট্ৰত খেলা ১৭০খন এদিনীয়া মেচৰ ভিতৰত কোহলীয়ে ২৮খন মেচত আউট নোহোৱাকৈয়ে আছে। মাত্ৰ ৭বাৰ শূন্য ৰাণত আউট হৈছে।

কোহলীৰ ৫০টা শতকৰ ভিতৰত ২৬টা শতক আহিছে বিদেশৰ মাটিত। তেওঁ ৩৯টা অৰ্ধশতক অৰ্জন কৰে। কোহলীয়ে দেশৰ বাহিৰত এদিনীয়া খেলত তেওঁৰ সৰ্বাধিক স্ক’ৰ ১৮৩ ৰান সংগ্ৰহ কৰে। ২০১২ চনত তেওঁ ঢাকাৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে খেলিছিল আৰু সেই নজিৰ গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক