--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিসংখ্যাই দেখুৱাইছে যে দেশতেই হওক, বিদেশতেই হওক - এদিনীয়া ক্ৰিকেটত সকলোতে সফল বিৰাট কোহলী। যদিও মাজে মাজে ব্যতিক্ৰম হৈছিল, তথাপিও সেইবোৰ আছিল ক্ষন্তেকীয়া।

পৰিসংখ্যা অনুসৰি ২০০৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বিৰাটে দেশৰ মাটিত মুঠ ১২১ খন এদিনীয়া খেল খেলিছিল। ১১৮খন মেচত বেটিং কৰিছিল।

সেই ১১৮খন মেচত বিৰাটৰ বেটৰ পৰা ৬,২১৪ ৰান আহিছিল। ১৬খন মেচত আউট নহ’ল। ৯ খন মেচত কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ উভতি আহিছিল। বিৰাটে ১১৮খন মেচত গড়ে ৬০.৯২ ৰান সংগ্ৰহ কৰে। ষ্ট্ৰাইক ৰেট ৯৬.৮০।

বিৰাটে যি ৫০টা শতক অৰ্জন কৰিছে তাৰ ভিতৰত তেওঁ দেশৰ মাটিত ২৪টা শতক অৰ্জন কৰিছে। তেওঁ ৩২টা অৰ্ধশতক অৰ্জন কৰে।

২০০৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত দেশৰ এদিনীয়া ক্ৰিকেটত বিৰাটে ৫৯০টা  ছাৰি মাৰিছিল। ৭৮টা ছয় মাৰিলে।

এদিনীয়া ক্ৰিকেটত বিৰাটে দেশৰ মাটিত সৰ্বাধিক ১৬৬ ৰান সংগ্ৰহ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে তিৰুৱানন্তপুৰমত শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাটে ১৬৬ ৰান সংগ্ৰহ কৰিছিল। খেলৰ শেষলৈকে তেওঁ নিজৰ উইকেট ৰাখিছিল।

বিদেশৰ মাটিতো কোহলীৰ সফলতা। পৰিসংখ্যা অনুসৰি কোহলীয়ে বিদেশৰ মাটিত মুঠ ১৭০খন এদিনীয়া মেচ খেলিছে। ইয়াৰে ১৬১খন মেচত বেটিং কৰিছে।

কোহলীয়ে ১৬১খন খেলত ৭৫৮০ ৰান সংগ্ৰহ কৰে। গড় ৫৬.৯৯। বিদেশী মাটিত তেওঁৰ ষ্ট্ৰাইক ৰেট দেশতকৈ কম যদিও বৰ কম নহয়। বিদেশৰ মাটিত বিৰাটৰ ষ্ট্ৰাইক ৰেট ৯১.১৬।

বহিঃৰাষ্ট্ৰত খেলা ১৭০খন এদিনীয়া মেচৰ ভিতৰত কোহলীয়ে ২৮খন মেচত আউট নোহোৱাকৈয়ে আছে। মাত্ৰ ৭বাৰ শূন্য ৰাণত আউট হৈছে।

কোহলীৰ ৫০টা শতকৰ ভিতৰত ২৬টা শতক আহিছে বিদেশৰ মাটিত। তেওঁ ৩৯টা অৰ্ধশতক অৰ্জন কৰে। কোহলীয়ে দেশৰ বাহিৰত এদিনীয়া খেলত তেওঁৰ সৰ্বাধিক স্ক’ৰ ১৮৩ ৰান সংগ্ৰহ কৰে। ২০১২ চনত তেওঁ ঢাকাৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে খেলিছিল আৰু সেই নজিৰ গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক