--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ ফুটবল বিশ্বকাপত জয়লাভ কৰিছিল লিয়নেল মেছিয়ে। তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো বিশ্বকাপ জয় আছিল। সেই জয়ৰ পথত আৰ্জেণ্টিনাই ৭খন মেচ খেলিবলগীয়া হৈছিল। সেই সাতখন মেচৰ ভিতৰত ছয়খন খেলত মেচীয়ে খেলা জাৰ্চিখন নিলাম কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে মুঠতে ১০ কোটি ডলাৰ বা ৮৩ কোটি টকা লাভ কৰিব পৰা যাব।

ইংলেণ্ডৰ এটা বিখ্যাত কোম্পানীয়ে মেছিৰ জাৰ্চি নিলাম কৰিছে। ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব এই নিলাম। পিছত বিশ্বকাপৰ ফাইনেলত ছৌদি আৰব, মেক্সিকো, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড, ক্ৰ’ৱেচিয়া আৰু ফ্ৰান্সৰ বিৰুদ্ধে খেলা জাৰ্চিসমূহ নিলাম কৰা হ’ব। যদিহে জাৰ্চিসমূহৰ দাম ১ কোটি ডলাৰ হয়, তেন্তে ই হ’ব ক্ৰীড়াৰ স্মৃতিসৌধৰ আটাইতকৈ দামী টুকুৰা।

নিলামত ব্যক্তিগত জাৰ্চিৰ বাবে এতিয়ালৈকে সৰ্বাধিক মূল্য বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানৰ জাৰ্চি। ১৯৯৮ চনৰ এনবিএ ফাইনেলত চিকাগো বুলছৰ বিৰুদ্ধে জৰ্ডানে পিন্ধা জাৰ্চিখনে ১ কোটি ডলাৰ লাভ কৰিছিল। অৱশ্যে মেছিৰ সকলো জাৰ্চি একেলগে নিলাম হ’ব নে পৃথকে পৃথকে হ’ব সেয়া জানিব পৰা হোৱা নাই।

শেহতীয়াকৈ ক্ৰীড়া স্মৃতিসৌধৰ নিলাম বৃদ্ধি পাইছে। নিলাম চলোৱা কোম্পানীসমূহেও ইয়াৰ প্ৰতি আগ্ৰহী। বহুতে বিপুল দামত কিনিছে। এটা আমেৰিকান কোম্পানীয়ে মেছিৰ জাৰ্চি নিলাম কৰিছে। বিক্ৰীৰ মূল্যৰ এটা অংশ ৰাষ্ট্ৰসংঘৰ শিশু কল্যাণ কাৰ্যসূচীলৈ দান কৰা হ’ব। নিলাম গৃহটোৱে জনোৱা মতে, ৩০ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ তেওঁলোকৰ কাৰ্যালয়ত ৰখা হ’ব মেছিৰ জাৰ্চি। সাধাৰণ মানুহে বিনামূলীয়াকৈ চাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক