--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ ফুটবল বিশ্বকাপত জয়লাভ কৰিছিল লিয়নেল মেছিয়ে। তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো বিশ্বকাপ জয় আছিল। সেই জয়ৰ পথত আৰ্জেণ্টিনাই ৭খন মেচ খেলিবলগীয়া হৈছিল। সেই সাতখন মেচৰ ভিতৰত ছয়খন খেলত মেচীয়ে খেলা জাৰ্চিখন নিলাম কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে মুঠতে ১০ কোটি ডলাৰ বা ৮৩ কোটি টকা লাভ কৰিব পৰা যাব।

ইংলেণ্ডৰ এটা বিখ্যাত কোম্পানীয়ে মেছিৰ জাৰ্চি নিলাম কৰিছে। ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব এই নিলাম। পিছত বিশ্বকাপৰ ফাইনেলত ছৌদি আৰব, মেক্সিকো, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড, ক্ৰ’ৱেচিয়া আৰু ফ্ৰান্সৰ বিৰুদ্ধে খেলা জাৰ্চিসমূহ নিলাম কৰা হ’ব। যদিহে জাৰ্চিসমূহৰ দাম ১ কোটি ডলাৰ হয়, তেন্তে ই হ’ব ক্ৰীড়াৰ স্মৃতিসৌধৰ আটাইতকৈ দামী টুকুৰা।

নিলামত ব্যক্তিগত জাৰ্চিৰ বাবে এতিয়ালৈকে সৰ্বাধিক মূল্য বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানৰ জাৰ্চি। ১৯৯৮ চনৰ এনবিএ ফাইনেলত চিকাগো বুলছৰ বিৰুদ্ধে জৰ্ডানে পিন্ধা জাৰ্চিখনে ১ কোটি ডলাৰ লাভ কৰিছিল। অৱশ্যে মেছিৰ সকলো জাৰ্চি একেলগে নিলাম হ’ব নে পৃথকে পৃথকে হ’ব সেয়া জানিব পৰা হোৱা নাই।

শেহতীয়াকৈ ক্ৰীড়া স্মৃতিসৌধৰ নিলাম বৃদ্ধি পাইছে। নিলাম চলোৱা কোম্পানীসমূহেও ইয়াৰ প্ৰতি আগ্ৰহী। বহুতে বিপুল দামত কিনিছে। এটা আমেৰিকান কোম্পানীয়ে মেছিৰ জাৰ্চি নিলাম কৰিছে। বিক্ৰীৰ মূল্যৰ এটা অংশ ৰাষ্ট্ৰসংঘৰ শিশু কল্যাণ কাৰ্যসূচীলৈ দান কৰা হ’ব। নিলাম গৃহটোৱে জনোৱা মতে, ৩০ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ তেওঁলোকৰ কাৰ্যালয়ত ৰখা হ’ব মেছিৰ জাৰ্চি। সাধাৰণ মানুহে বিনামূলীয়াকৈ চাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক