--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ কেইবাখনো মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। কিছুমান মেচ অভাৰ হ্ৰাস কৰি শেষ কৰিবলগীয়া হৈছিল। কিছুমান মেচ সময়মতে সম্পূৰ্ণ কৰিব পৰা নাছিল। ছুপাৰ এইট পৰ্যায় আৰম্ভ হোৱাৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ বতৰে আন্তর্জাতিক ক্ৰিকেট পৰিষদৰ বিষয়াসকলক চিন্তিত কৰি তুলিছে৷

বৰষুণৰ বাবে বিশ্বকাপৰ কেইবাখনো মেচ বাতিল হোৱাত বিচলিত হৈ পৰিছে ক্ৰিকেট বিশেষজ্ঞৰ পৰা ক্ৰিকেট অনুৰাগীসকল। সুনীল গাভাস্কাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশ্ন উত্থাপন কৰিছে যে বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত সমগ্ৰ খেলপথাৰখন কিয় সামৰি লোৱা নহ’ল। 

টি-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ সকলো মেচ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব। আমেৰিকাত আৰু মেচ নাথাকিব। বাৰ্বাডোছ, ছেইণ্ট লুচিয়া, ছেইণ্ট ভিনচেণ্ট আৰু এন্টিগুয়াত অনুষ্ঠিত হ’ব ছুপাৰ এইট মেচ। এই চাৰিখন স্থানৰ বতৰৰ আগজাননীৰ ওপৰত চকু ৰাখিছে আই চি চিৰ বিষয়াসকলে। লগতে খেলপথাৰখন যিমান পাৰি সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

বাৰ্বাডোছৰ তিনিখন ছুপাৰ এইট মেচ আছে - টি-২০ বিশ্বকাপৰ ফাইনেলকে ধৰি। ২০ জুনত ভাৰত-আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা নাই। অৱশ্যে বাকী তিনিটা মেচ দিনত বৰষুণৰ আগজাননী দিয়া হৈছে। ২২ জুনত আমেৰিকা-ৱেষ্ট ইণ্ডিজৰ খেল অনুষ্ঠিত হোৱাৰ দিনা ৪০ শতাংশ আৰু ২৪ জুনত আমেৰিকা-ইংলেণ্ডৰ খেলৰ দিনটোত ৫৪ শতাংশ বৰষুণৰ সম্ভাৱনা আছে। ২৯ জুনত ফাইনেলত বৰষুণ হ’ব পাৰে।

ছেইণ্ট লুচিয়াত তিনিখন ছুপাৰ এইটৰ মেচ অনুষ্ঠিত হোৱাৰ কথা। ২৪ জুনত ইয়াত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ খেলখন। সেইদিনা ইয়াত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে ৰোহিত শৰ্মা আৰু মিচেল মাৰ্ছৰ যুঁজখন বৰষুণত উটুৱাই নিব পাৰে।

ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত হ’বলগীয়া দুখন ছুপাৰ এইট মেচ। ইয়াত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনক লৈ চিন্তিত হৈ পৰিছে আইচিচিৰ বিষয়াসকল। ২৩ জুনত অষ্ট্ৰেলিয়া-আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা ৫২ শতাংশ। ২৫ জুনত আফগানিস্তান-বাংলাদেশৰ খেলখনৰ দিনটোত বৰষুণৰ সম্ভাৱনা নুই কৰা নাই বতৰ বিজ্ঞানীসকলে।

এন্টিগুয়াত চাৰিখন ছুপাৰ এইটৰ খেল অনুষ্ঠিত হোৱাৰ কথা। ১৯ জুনত দক্ষিণ আফ্ৰিকা-আমেৰিকা, ২১ জুনত অষ্ট্ৰেলিয়া-বাংলাদেশ, ২২ জুনত ভাৰত-বাংলাদেশ আৰু ২৪ জুনত ৱেষ্ট ইণ্ডিজ-দক্ষিণ আফ্ৰিকা। এন্টিগুয়াত চাৰিওদিনতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বতৰ বিজ্ঞানীসকলে মেচখন ধ্বংস কৰিব পৰা একো নহ’ব বুলি আশ্বাস দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ