--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ কেইবাখনো মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। কিছুমান মেচ অভাৰ হ্ৰাস কৰি শেষ কৰিবলগীয়া হৈছিল। কিছুমান মেচ সময়মতে সম্পূৰ্ণ কৰিব পৰা নাছিল। ছুপাৰ এইট পৰ্যায় আৰম্ভ হোৱাৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ বতৰে আন্তর্জাতিক ক্ৰিকেট পৰিষদৰ বিষয়াসকলক চিন্তিত কৰি তুলিছে৷

বৰষুণৰ বাবে বিশ্বকাপৰ কেইবাখনো মেচ বাতিল হোৱাত বিচলিত হৈ পৰিছে ক্ৰিকেট বিশেষজ্ঞৰ পৰা ক্ৰিকেট অনুৰাগীসকল। সুনীল গাভাস্কাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশ্ন উত্থাপন কৰিছে যে বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত সমগ্ৰ খেলপথাৰখন কিয় সামৰি লোৱা নহ’ল। 

টি-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ সকলো মেচ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব। আমেৰিকাত আৰু মেচ নাথাকিব। বাৰ্বাডোছ, ছেইণ্ট লুচিয়া, ছেইণ্ট ভিনচেণ্ট আৰু এন্টিগুয়াত অনুষ্ঠিত হ’ব ছুপাৰ এইট মেচ। এই চাৰিখন স্থানৰ বতৰৰ আগজাননীৰ ওপৰত চকু ৰাখিছে আই চি চিৰ বিষয়াসকলে। লগতে খেলপথাৰখন যিমান পাৰি সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

বাৰ্বাডোছৰ তিনিখন ছুপাৰ এইট মেচ আছে - টি-২০ বিশ্বকাপৰ ফাইনেলকে ধৰি। ২০ জুনত ভাৰত-আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা নাই। অৱশ্যে বাকী তিনিটা মেচ দিনত বৰষুণৰ আগজাননী দিয়া হৈছে। ২২ জুনত আমেৰিকা-ৱেষ্ট ইণ্ডিজৰ খেল অনুষ্ঠিত হোৱাৰ দিনা ৪০ শতাংশ আৰু ২৪ জুনত আমেৰিকা-ইংলেণ্ডৰ খেলৰ দিনটোত ৫৪ শতাংশ বৰষুণৰ সম্ভাৱনা আছে। ২৯ জুনত ফাইনেলত বৰষুণ হ’ব পাৰে।

ছেইণ্ট লুচিয়াত তিনিখন ছুপাৰ এইটৰ মেচ অনুষ্ঠিত হোৱাৰ কথা। ২৪ জুনত ইয়াত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ খেলখন। সেইদিনা ইয়াত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে ৰোহিত শৰ্মা আৰু মিচেল মাৰ্ছৰ যুঁজখন বৰষুণত উটুৱাই নিব পাৰে।

ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত হ’বলগীয়া দুখন ছুপাৰ এইট মেচ। ইয়াত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনক লৈ চিন্তিত হৈ পৰিছে আইচিচিৰ বিষয়াসকল। ২৩ জুনত অষ্ট্ৰেলিয়া-আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা ৫২ শতাংশ। ২৫ জুনত আফগানিস্তান-বাংলাদেশৰ খেলখনৰ দিনটোত বৰষুণৰ সম্ভাৱনা নুই কৰা নাই বতৰ বিজ্ঞানীসকলে।

এন্টিগুয়াত চাৰিখন ছুপাৰ এইটৰ খেল অনুষ্ঠিত হোৱাৰ কথা। ১৯ জুনত দক্ষিণ আফ্ৰিকা-আমেৰিকা, ২১ জুনত অষ্ট্ৰেলিয়া-বাংলাদেশ, ২২ জুনত ভাৰত-বাংলাদেশ আৰু ২৪ জুনত ৱেষ্ট ইণ্ডিজ-দক্ষিণ আফ্ৰিকা। এন্টিগুয়াত চাৰিওদিনতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বতৰ বিজ্ঞানীসকলে মেচখন ধ্বংস কৰিব পৰা একো নহ’ব বুলি আশ্বাস দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু