--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰথম অৱস্থাত কেবিনেট গঠন কৰা হৈছে। কিন্তু দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কেবিনেটত কোনো মুছলমান প্ৰতিনিধি নাই। অভিনেতা নাছিৰুদ্দিন শ্বাহ বিষয়টোক লৈ বেছি আচৰিত হোৱা নাই৷

নতুন মন্ত্ৰীসভা সঁচাকৈয়ে হতাশাজনক যদিও কোনো কাৰণতে আচৰিত নহয়। এই কথা নাছিৰুদ্দিনে কয়। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, "এয়া হতাশাত পৰাৰ দৰেই" কিন্তু ই মোক একেবাৰেই আচৰিত কৰা নাছিল। মুছলমানৰ প্ৰতি ঘৃণা তেওঁলোকৰ মুখত থাকেই।’’

প্ৰবীণ অভিনেতাগৰাকীয়ে সদায় স্পষ্টকৈ নিজৰ ৰাজনৈতিক মতামত প্ৰকাশ কৰি আহিছে। মোডীয়ে বিভিন্ন ৰাজনৈতিক প্ৰচাৰত বাৰে বাৰে মূৰত বিভিন্ন প্ৰাদেশিক মুকুট পিন্ধা দেখা গৈছে। কেতিয়াবা শ্বিলঙলৈ গৈ তাত আঞ্চলিক মুকুট পিন্ধিছিল। তেওঁ আকৌ এবাৰ হিমাচল প্ৰদেশৰ টুপী পিন্ধাও দেখা গ’ল। এই বিষয়টো উত্থাপন কৰি নাছিৰুদ্দিনে প্ৰধানমন্ত্ৰীক সমালোচনা কৰে।

নৰেন্দ্ৰ মোদীয়ে মূৰত ‘স্কুল কেপ’ পিন্ধিব লাগে। অভিনেতাজনে মন্তব্য কৰে। সাধাৰণতে মুছলমানসকলে এই ধৰণৰ টুপী পিন্ধা দেখা যায়। বিভিন্ন ৰাজ্য ভ্ৰমণৰ সময়ত মোদীয়ে আঞ্চলিক টুপী পিন্ধে। কিন্তু ২০১১ চনত যেতিয়া তেওঁক ‘স্কুল কেপ’ পিন্ধিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁ নাকচ কৰিছিল। 

এই সন্দৰ্ভত নাছিৰুদ্দিনে কৈছে, "মোদীয়ে চাগে বেলেগ বেলেগ মুকুট বা টুপী পিন্ধি ভাল পায়। ২০১১ চনত ধৰ্মগুৰুসকলে তেওঁক ‘স্কুল কেপ’ পিন্ধিবলৈ অনুৰোধ কৰিছিল। কিন্তু তেওঁ মান্তি নহ’ল। সেই স্মৃতি মই কেতিয়াও পাহৰিব নোৱাৰো।’’

অভিনেতাগৰাকীৰ মতে- ‘‘যদি মোদীয়ে সেই টুপী পিন্ধিলেহেঁতেন তেন্তে ই মুছলমানলৈ বাৰ্তা প্ৰেৰণ কৰিলেহেঁতেন যে তেওঁ সকলোৰে লগত আছে। সকলো একেখন দেশৰ নাগৰিক। আৰু সেইবাবেই এদিন নাছিৰুদ্দিনে প্ৰধানমন্ত্ৰীক এই বিশেষ টুপী পিন্ধা চাব বিচাৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ