--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিৰণ বেদীয়ে বায়’পিকখনৰ কথা ঘোষণা কৰে। পৰ্দাৰ আঁৰত পৰিচালক কুশল চাওলাৰ প্ৰায় সাড়ে চাৰি বছৰীয়া গৱেষণা। ইয়াৰ পূৰ্বেও তেওঁক কেইবাবাৰো বায়’পিকৰ প্ৰস্তাৱ দিয়া হৈছে। কিন্তু তেওঁ মান্তি নহ’ল। 

এই প্ৰসংগত কিৰণ বেদীয়ে কয়, ‘মই পুডুচেৰীত আছিলো, কামৰ বাবে। কুশল আৰু তেওঁৰ পিতৃ গৌৰৱ চাওলাই মোক লগ কৰি ক’লে যে তেওঁলোকে মোৰ বায়’পিক বনাব বিচাৰে।” সেই সময়ত কিৰণে কাম কৰি আছে বুলি উত্তৰ দিছিল, গতিকে ছবিখন নিৰ্মাণৰ সিদ্ধান্তত খৰখেদা কৰিব বিচৰা নাছিল। কিৰণ মান্তি হ’ব নে নহয় সেই কথা ভবাকৈয়ে প্ৰাৰম্ভিক কাম সম্পূৰ্ণ কৰিলে।

কিন্তু প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে অনুভৱ কৰিছে যে এতিয়াই উপযুক্ত সময়। ছবিখনৰ নাম হ’ল ‘বেদি: দ্য নেম ইউ নো, দ্য ষ্ট’ৰী ইউ ডন’ট’। ইতিমধ্যে প্ৰাৰম্ভিক উৎপাদনৰ কাম আৰম্ভ হৈছে। যদিও বেদীৰ চৰিত্ৰ কোনে কৰিব এতিয়াও চূড়ান্ত হোৱা নাই। 

তেওঁক সোধা হৈছিল, আপোনাৰ চৰিত্ৰত কোনগৰাকী অভিনেত্ৰীক চাব বিচাৰিব? উত্তৰত কিৰণে ক’লে, “এই কথা কোৱাটো টান। বৰঞ্চ পৰিচালক আৰু প্ৰযোজকসকলে এই দায়িত্ব ল’বলৈ দিয়ক।” লগতে প্ৰয়োজন সাপেক্ষে এই সন্দৰ্ভত জৰীপ কৰিব পৰা যাব বুলিও তেওঁ কয়।

অহা বছৰ মুক্তি পাব ছবিখন। ইয়াৰ আঁৰত বিশেষ কাৰণ আছে। ২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ৫০ বছৰীয়া জয়ন্তী। গতিকে প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰক্ষী বিষয়াৰ বায়’পিকৰ বাবে এই বছৰটো বাছি লৈছে ছবি নিৰ্মাতাসকলে।

বলীউডতেই হওক বা দক্ষিণৰ চলচ্চিত্ৰ জগততেই হওক, এজন আৰক্ষী বিষয়াৰ চৰিত্ৰক কেন্দ্ৰ কৰি বহু ছবি আছে। এই বিষয়ত কিৰণ বেদীৰ মতামত কি? তেওঁৰ ভাষাত, “এনে বিশেষ ছবি মই দেখা নাই। মোৰ বাস্তৱ জীৱনৰ বহুখিনি সময় ইউনিফৰ্ম পিন্ধি কটায়, গতিকে এনেকুৱা ছবি প্ৰায়ে দেখা নাপাওঁ।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ