--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিৰণ বেদীয়ে বায়’পিকখনৰ কথা ঘোষণা কৰে। পৰ্দাৰ আঁৰত পৰিচালক কুশল চাওলাৰ প্ৰায় সাড়ে চাৰি বছৰীয়া গৱেষণা। ইয়াৰ পূৰ্বেও তেওঁক কেইবাবাৰো বায়’পিকৰ প্ৰস্তাৱ দিয়া হৈছে। কিন্তু তেওঁ মান্তি নহ’ল। 

এই প্ৰসংগত কিৰণ বেদীয়ে কয়, ‘মই পুডুচেৰীত আছিলো, কামৰ বাবে। কুশল আৰু তেওঁৰ পিতৃ গৌৰৱ চাওলাই মোক লগ কৰি ক’লে যে তেওঁলোকে মোৰ বায়’পিক বনাব বিচাৰে।” সেই সময়ত কিৰণে কাম কৰি আছে বুলি উত্তৰ দিছিল, গতিকে ছবিখন নিৰ্মাণৰ সিদ্ধান্তত খৰখেদা কৰিব বিচৰা নাছিল। কিৰণ মান্তি হ’ব নে নহয় সেই কথা ভবাকৈয়ে প্ৰাৰম্ভিক কাম সম্পূৰ্ণ কৰিলে।

কিন্তু প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে অনুভৱ কৰিছে যে এতিয়াই উপযুক্ত সময়। ছবিখনৰ নাম হ’ল ‘বেদি: দ্য নেম ইউ নো, দ্য ষ্ট’ৰী ইউ ডন’ট’। ইতিমধ্যে প্ৰাৰম্ভিক উৎপাদনৰ কাম আৰম্ভ হৈছে। যদিও বেদীৰ চৰিত্ৰ কোনে কৰিব এতিয়াও চূড়ান্ত হোৱা নাই। 

তেওঁক সোধা হৈছিল, আপোনাৰ চৰিত্ৰত কোনগৰাকী অভিনেত্ৰীক চাব বিচাৰিব? উত্তৰত কিৰণে ক’লে, “এই কথা কোৱাটো টান। বৰঞ্চ পৰিচালক আৰু প্ৰযোজকসকলে এই দায়িত্ব ল’বলৈ দিয়ক।” লগতে প্ৰয়োজন সাপেক্ষে এই সন্দৰ্ভত জৰীপ কৰিব পৰা যাব বুলিও তেওঁ কয়।

অহা বছৰ মুক্তি পাব ছবিখন। ইয়াৰ আঁৰত বিশেষ কাৰণ আছে। ২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ৫০ বছৰীয়া জয়ন্তী। গতিকে প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰক্ষী বিষয়াৰ বায়’পিকৰ বাবে এই বছৰটো বাছি লৈছে ছবি নিৰ্মাতাসকলে।

বলীউডতেই হওক বা দক্ষিণৰ চলচ্চিত্ৰ জগততেই হওক, এজন আৰক্ষী বিষয়াৰ চৰিত্ৰক কেন্দ্ৰ কৰি বহু ছবি আছে। এই বিষয়ত কিৰণ বেদীৰ মতামত কি? তেওঁৰ ভাষাত, “এনে বিশেষ ছবি মই দেখা নাই। মোৰ বাস্তৱ জীৱনৰ বহুখিনি সময় ইউনিফৰ্ম পিন্ধি কটায়, গতিকে এনেকুৱা ছবি প্ৰায়ে দেখা নাপাওঁ।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু