--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিলকিছ বানো ধৰ্ষণকাণ্ডৰ পৰা কেনেকৈ মুক্ত হৈছিল অভিযুক্তকেইজন? দেশ কঁপাই যোৱা এই জঘন্য কাণ্ড কৰিও কিয় মুকলি আকাশৰ তললৈ আহিব পাৰিছিল ধৰ্ষণকাৰীকেইজন? এই সম্পৰ্কে গুজৰাট চৰকাৰে এক লক্ষ্যণীয় ভাষ্য আগবঢ়াইছে।

 

অভিযুক্তকেইজনে আইনী প্ৰক্ৰিয়াটোত ‘ভাল ব্যৱহাৰ’ কৰাৰ বাবে তেওঁলোকক মুক্তি দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ক দিয়া এখনি এফিডেভিটত এইদৰে জনালে গুজৰাটৰ বিজেপি চৰকাৰে।

 

উচ্চতম ন্যায়ালয়ক গুজৰাট চৰকাৰে যে ধৰ্ষণকাণ্ডটোত অভিযুক্ত ১১ জন অপৰাধীয়ে ১৪ বছৰধৰি কাৰাগাৰত আছিল। কাৰাগাৰত থকাৰ সময়ছোৱাত তেওঁলোকে ‘ভাল ব্যৱহাৰ’ কৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষই এই তথ্য চৰকাৰৰ হাতত দিছিল।

 

উল্লেখ্য যে ১১জন অভিযুক্তই গোধ্ৰা উপ-কাৰাগাৰৰ পৰা ১৫ আগষ্ট তাৰিখে মুকলি আকাশৰ তললৈ উভটি আহিছিল। তেওঁলোকক ইয়াৰ পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। কিন্তু গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা মুক্ত কৰে।

 

আনহাতে, বিলকিছ বানো আৰু তেওঁৰ তিনিবছৰীয়া কন্যাশিশুকে ধৰি ১৪গৰাকী লোকক ২০০২ চনৰ ৩ মাৰ্চত হত্যা কৰা হৈছিল।  ডাহুড জিলাৰ লিমখেড়া নামৰ ঠাইখনত সংঘটিত হোৱা বিলকিছ বানুৰ ধৰ্ষণকাণ্ড গুজৰাট সংঘৰ্ষৰ অন্যতম শিহৰণকাৰী অধ্যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু