--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱাই এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ’ল জম্মু আৰু কাশ্মীৰক। আজি  পুৱা বৈষ্ণো দেৱী মন্দিৰলৈ  গৈ থকা  এখন বাছ দ’ খাদত বাগৰি পৰাৰ ফলত   কমেও ১০ জন ভক্ত নিহত হয়।


দুৰ্ঘটনাটোত কমেও ১২ গৰাকী ভক্ত  আহত হৈছে। আহতসকলক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মঙলবাৰে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এটা খাৱৈত  পৰ্যটক কঢ়িয়াই নিয়া বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। কাটৰাৰ পৰা বাছ খনে  যাত্ৰা কৰিছিল।আহতসকলৰ ভিতৰৰে বহু কেইগৰাকী লোকৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

জম্মুৰ উপায়ুক্ত অৱনী লাভাছাই কয়  যে কাটৰাৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত ঝাজ্জৰ কোটলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত  যাত্ৰীবাহী বাছখন গভীৰ খাৱৈত পৰি যায়। লাভাছাই লগতে কয় যে উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। চিআৰপিএফৰ কমাণ্ডেণ্ট অশোক চৌধুৰীয়ে কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু  আহতসকলক  উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 

 উল্লেখ্য উক্ত অঞ্চলটোত পূৰ্বেও এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতো সেই স্থানতে এখন যাত্ৰীবাহী বাহন খাদত পৰি গৈছিল।   বিগত বৰ্ষৰ আগষ্ট মাহত পহেলগাওঁত নিৰাপত্তাবাহিনীৰ এখন বাছ গভীৰ খাদত পৰি যোৱাৰ ফলত  আইটিবিপিৰ সাতজন কৰ্মী নিহত হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস