--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱাই এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ’ল জম্মু আৰু কাশ্মীৰক। আজি  পুৱা বৈষ্ণো দেৱী মন্দিৰলৈ  গৈ থকা  এখন বাছ দ’ খাদত বাগৰি পৰাৰ ফলত   কমেও ১০ জন ভক্ত নিহত হয়।


দুৰ্ঘটনাটোত কমেও ১২ গৰাকী ভক্ত  আহত হৈছে। আহতসকলক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মঙলবাৰে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এটা খাৱৈত  পৰ্যটক কঢ়িয়াই নিয়া বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। কাটৰাৰ পৰা বাছ খনে  যাত্ৰা কৰিছিল।আহতসকলৰ ভিতৰৰে বহু কেইগৰাকী লোকৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

জম্মুৰ উপায়ুক্ত অৱনী লাভাছাই কয়  যে কাটৰাৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত ঝাজ্জৰ কোটলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত  যাত্ৰীবাহী বাছখন গভীৰ খাৱৈত পৰি যায়। লাভাছাই লগতে কয় যে উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। চিআৰপিএফৰ কমাণ্ডেণ্ট অশোক চৌধুৰীয়ে কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু  আহতসকলক  উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 

 উল্লেখ্য উক্ত অঞ্চলটোত পূৰ্বেও এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতো সেই স্থানতে এখন যাত্ৰীবাহী বাহন খাদত পৰি গৈছিল।   বিগত বৰ্ষৰ আগষ্ট মাহত পহেলগাওঁত নিৰাপত্তাবাহিনীৰ এখন বাছ গভীৰ খাদত পৰি যোৱাৰ ফলত  আইটিবিপিৰ সাতজন কৰ্মী নিহত হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ