--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছ'চিয়েচন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ, চমুকৈ এডিআৰ নামৰ সংস্থাটোৱে ২৮খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪,০০১জন বিধায়কৰ সম্পত্তিৰ জৰীপ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰিছে।

যোৱা মে’ মাহত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। ডি কে শিৱকুমাৰ উপ-মুখ্যমন্ত্ৰী হয়। সেই শিৱকুমাৰৰ সম্পত্তিৰ পৰিমাণ ১৪১৩ কোটি।

দেশৰ দ্বিতীয় আৰু তৃতীয় ধনী বিধায়কো কৰ্ণাটকৰ অন্তৰ্গত। এডিআৰ তালিকাত দ্বিতীয় স্থানত আছে কে এইচ পুত্তস্বামী গৌড়া। তেওঁ এজন নিৰ্দলীয় বিধায়ক। গৌড়াৰ সম্পত্তিৰ পৰিমাণ ১২৬৭ কোটি টকা।

দেশৰ ধনী বিধায়কৰ তালিকাত তৃতীয় স্থানত আছে প্ৰিয়া কৃষ্ণ। তেওঁ কংগ্ৰেছৰ বিধায়ক। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১১৫৬ কোটি টকা।

চাৰি নম্বৰত আছে টিডিপিৰ এন চন্দ্ৰবাবু নাইডু। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬৬৮ কোটি। অন্ধ্ৰ প্ৰদেশৰ কুপ্পামৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

ধনী বিধায়কৰ তালিকাত পঞ্চম স্থানত আছে জয়ন্তীভাই সোমভাই পেটেল। গুজৰাটৰ মানছাৰ পৰা তেওঁ বিধায়ক। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৬১ কোটি টকা।

ষষ্ঠ স্থানত আছে কৰ্ণাটকৰ বিধায়ক সুৰেশ বি এছ। কংগ্ৰেছ বিধায়কগৰাকীৰ সম্পত্তি ৬৪৮ কোটি টকা।

সপ্তম স্থানত ৱাই এছ জগনমোহন ৰেড্ডী। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ ৫১০ কোটি টকা।

অষ্টম স্থানত আছে মহাৰাষ্ট্ৰৰ ঘাটকোপা ইষ্টৰ বিধায়ক পৰাগ শ্বাহ। বিজেপি বিধায়কৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি টকা।

নৱম স্থানত আছে কংগ্ৰেছৰ টি এছ বাবা। ছত্তীশগড়ৰ অম্বিকাপুৰৰ পৰা তেওঁ বিধায়ক। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি টকা।

মহাৰাষ্ট্ৰৰ আন এজন বিজেপি বিধায়ক দশম স্থানত। নাম মংগলপ্ৰভাত লোধা। এইজন বিধায়কৰ সম্পত্তি ৪৪১ কোটি টকা।

দেশৰ বিধায়কৰ ভিতৰত বংগৰ নিৰ্মলকুমাৰৰ সম্পত্তি সৰ্বনিম্ন। তেওঁ সিন্ধুৰ বিজেপি বিধায়ক।

প্ৰতিবেদনত দেখা গৈছে যে দেশৰ সকলো বিধায়কৰ গড় সম্পত্তি ১৩.৬৩ কোটি টকা।

এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে যিসকল বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, তেওঁলোকৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নথকা বিধায়কৰ সম্পত্তি বেছি। যিসকল বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে তেওঁলোকৰ গড় সম্পত্তি ১৬.৩৬ কোটি টকা। যাৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নথকা বিধায়কৰ গড় সম্পত্তি ১১.৪৫ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী