--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছ'চিয়েচন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ, চমুকৈ এডিআৰ নামৰ সংস্থাটোৱে ২৮খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪,০০১জন বিধায়কৰ সম্পত্তিৰ জৰীপ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰিছে।

যোৱা মে’ মাহত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। ডি কে শিৱকুমাৰ উপ-মুখ্যমন্ত্ৰী হয়। সেই শিৱকুমাৰৰ সম্পত্তিৰ পৰিমাণ ১৪১৩ কোটি।

দেশৰ দ্বিতীয় আৰু তৃতীয় ধনী বিধায়কো কৰ্ণাটকৰ অন্তৰ্গত। এডিআৰ তালিকাত দ্বিতীয় স্থানত আছে কে এইচ পুত্তস্বামী গৌড়া। তেওঁ এজন নিৰ্দলীয় বিধায়ক। গৌড়াৰ সম্পত্তিৰ পৰিমাণ ১২৬৭ কোটি টকা।

দেশৰ ধনী বিধায়কৰ তালিকাত তৃতীয় স্থানত আছে প্ৰিয়া কৃষ্ণ। তেওঁ কংগ্ৰেছৰ বিধায়ক। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১১৫৬ কোটি টকা।

চাৰি নম্বৰত আছে টিডিপিৰ এন চন্দ্ৰবাবু নাইডু। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬৬৮ কোটি। অন্ধ্ৰ প্ৰদেশৰ কুপ্পামৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

ধনী বিধায়কৰ তালিকাত পঞ্চম স্থানত আছে জয়ন্তীভাই সোমভাই পেটেল। গুজৰাটৰ মানছাৰ পৰা তেওঁ বিধায়ক। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৬১ কোটি টকা।

ষষ্ঠ স্থানত আছে কৰ্ণাটকৰ বিধায়ক সুৰেশ বি এছ। কংগ্ৰেছ বিধায়কগৰাকীৰ সম্পত্তি ৬৪৮ কোটি টকা।

সপ্তম স্থানত ৱাই এছ জগনমোহন ৰেড্ডী। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ ৫১০ কোটি টকা।

অষ্টম স্থানত আছে মহাৰাষ্ট্ৰৰ ঘাটকোপা ইষ্টৰ বিধায়ক পৰাগ শ্বাহ। বিজেপি বিধায়কৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি টকা।

নৱম স্থানত আছে কংগ্ৰেছৰ টি এছ বাবা। ছত্তীশগড়ৰ অম্বিকাপুৰৰ পৰা তেওঁ বিধায়ক। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি টকা।

মহাৰাষ্ট্ৰৰ আন এজন বিজেপি বিধায়ক দশম স্থানত। নাম মংগলপ্ৰভাত লোধা। এইজন বিধায়কৰ সম্পত্তি ৪৪১ কোটি টকা।

দেশৰ বিধায়কৰ ভিতৰত বংগৰ নিৰ্মলকুমাৰৰ সম্পত্তি সৰ্বনিম্ন। তেওঁ সিন্ধুৰ বিজেপি বিধায়ক।

প্ৰতিবেদনত দেখা গৈছে যে দেশৰ সকলো বিধায়কৰ গড় সম্পত্তি ১৩.৬৩ কোটি টকা।

এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে যিসকল বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, তেওঁলোকৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নথকা বিধায়কৰ সম্পত্তি বেছি। যিসকল বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে তেওঁলোকৰ গড় সম্পত্তি ১৬.৩৬ কোটি টকা। যাৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নথকা বিধায়কৰ গড় সম্পত্তি ১১.৪৫ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস