--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ কিমান নৃশংস হ’ব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল নতুন দিল্লীত।  পশ্চিম দিল্লীত এটি  ১১ বছৰীয়া শিশুক এগৰাকী মহিলাই হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  হত্যাৰ গোচৰত মহিলাগৰাকীক ইতিমধ্যে  গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ২৪ বছৰীয়া পূজা কুমাৰীয়ে দিব্যান্স নামৰ শিশুটিক  হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। 

 দিব্যান্সৰ পিতৃৰ সৈতে মহিলাগৰাকীৰ প্ৰেম আছিল। মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে বিয়াত বহিব বিচাৰিছিল যদিও দিব্যান্স  এইক্ষেত্ৰত বাধা হৈ থিয় দিছিল। সেই বাধা দূৰ কৰাৰ বাবেই মহিলাগৰাকীয়ে শিশুটিক হত্যা কৰে।  পূজা কুমাৰী  নামৰ মহিলাগৰাকীয়ে দিব্যান্সৰ পিতৃ  জিতেন্দ্ৰৰ সৈতে প্ৰেমৰ  সম্পৰ্কৰক্ষা কৰি চলিছিল। দুয়ো ২০১৯ চনত একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু তিনি বছৰৰ পিছত জিতেন্দ্ৰই পুনৰ  তেওঁৰ পূৰ্বৰ  পত্নী আৰু পুত্ৰৰ ওচৰলৈ ঘূৰি গৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই কথাতে পূজাৰ খং উঠিছিল আৰু জিতেন্দ্ৰৰ সৈতে আইনী ভাবে বিয়াত বহিব বিচাৰিছিল। 

কিন্তু এই কথাত বাধা দিছিল জিতেন্দ্ৰৰ ১১ বছৰীয়া সন্তান দিব্যান্সে। ১০ আগষ্টৰ  দিনা পূজাই এজন  বন্ধুক লগত লৈ  ইন্দৰপুৰীত জিতেন্দ্ৰৰ ঘৰত উপস্থিত হৈছিল । সেই সময়ত দিব্যান্স শুই আছিল।  ঘৰত তেতিয়া আন কোনো নাছিল।মহিলাগৰাকীয়ে শুই থকা অৱস্থাতে  দিব্যান্সক  শ্বাসৰুদ্ধ কৰি হত্যা কৰে।  পালেঙৰ বাকচৰ ভিতৰত মৃতদেহটো লুকুৱাই ৰাখে।  পশ্চিম দিল্লী আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজৰ সহায়ত মহিলাগৰাকীক চিনাক্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে  পূজাৰ সন্ধান উলিয়াবলৈ ইন্দ্ৰপুৰী আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ প্ৰায় ৩০০ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা আৰম্ভ কৰে । অৱশেষত আৰক্ষীয়ে ঘাতক পূজাৰ সন্ধান লাভ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ