--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ কিমান নৃশংস হ’ব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল নতুন দিল্লীত।  পশ্চিম দিল্লীত এটি  ১১ বছৰীয়া শিশুক এগৰাকী মহিলাই হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  হত্যাৰ গোচৰত মহিলাগৰাকীক ইতিমধ্যে  গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ২৪ বছৰীয়া পূজা কুমাৰীয়ে দিব্যান্স নামৰ শিশুটিক  হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। 

 দিব্যান্সৰ পিতৃৰ সৈতে মহিলাগৰাকীৰ প্ৰেম আছিল। মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে বিয়াত বহিব বিচাৰিছিল যদিও দিব্যান্স  এইক্ষেত্ৰত বাধা হৈ থিয় দিছিল। সেই বাধা দূৰ কৰাৰ বাবেই মহিলাগৰাকীয়ে শিশুটিক হত্যা কৰে।  পূজা কুমাৰী  নামৰ মহিলাগৰাকীয়ে দিব্যান্সৰ পিতৃ  জিতেন্দ্ৰৰ সৈতে প্ৰেমৰ  সম্পৰ্কৰক্ষা কৰি চলিছিল। দুয়ো ২০১৯ চনত একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু তিনি বছৰৰ পিছত জিতেন্দ্ৰই পুনৰ  তেওঁৰ পূৰ্বৰ  পত্নী আৰু পুত্ৰৰ ওচৰলৈ ঘূৰি গৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই কথাতে পূজাৰ খং উঠিছিল আৰু জিতেন্দ্ৰৰ সৈতে আইনী ভাবে বিয়াত বহিব বিচাৰিছিল। 

কিন্তু এই কথাত বাধা দিছিল জিতেন্দ্ৰৰ ১১ বছৰীয়া সন্তান দিব্যান্সে। ১০ আগষ্টৰ  দিনা পূজাই এজন  বন্ধুক লগত লৈ  ইন্দৰপুৰীত জিতেন্দ্ৰৰ ঘৰত উপস্থিত হৈছিল । সেই সময়ত দিব্যান্স শুই আছিল।  ঘৰত তেতিয়া আন কোনো নাছিল।মহিলাগৰাকীয়ে শুই থকা অৱস্থাতে  দিব্যান্সক  শ্বাসৰুদ্ধ কৰি হত্যা কৰে।  পালেঙৰ বাকচৰ ভিতৰত মৃতদেহটো লুকুৱাই ৰাখে।  পশ্চিম দিল্লী আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজৰ সহায়ত মহিলাগৰাকীক চিনাক্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে  পূজাৰ সন্ধান উলিয়াবলৈ ইন্দ্ৰপুৰী আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ প্ৰায় ৩০০ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা আৰম্ভ কৰে । অৱশেষত আৰক্ষীয়ে ঘাতক পূজাৰ সন্ধান লাভ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস