--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তৃতীয় বাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডম্পত অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰে। মোদীয়ে তেওঁৰ ভাষণতচ কয় "আগন্তুক সময়ত দেশৰ সকলো চিবিএছই বিদ্যালয়ত পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব, যাৰ বাবে ২২ টা ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে।’’ এই সময়ছোৱাতে পিএমএছআৰআই আঁচনিৰ প্ৰথম কিস্তিও মুকলি কৰা হয়।

মোদীয়ে কয় "শিক্ষা হৈছে একমাত্ৰ মাধ্যম, যাৰ  দেশৰ ভাগ্য সলনি কৰাৰ ক্ষমতা আছে। দেশখনে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত  শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।  সৰ্বভাৰতীয় শিক্ষা সন্মিলনৰ অংশ হোৱাটোও মোৰ বাবে এক গুৰুত্বপূৰ্ণ অভিজ্ঞতা’’।
"ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভৱিষ্যতৰ প্ৰযুক্তিক পৰম্পৰাগত জ্ঞান ব্যৱস্থাক সন্তুলিত ভাৱে গুৰুত্ব প্ৰদান কৰিছে। দেশৰ শিক্ষাবিদসকলে গৱেষণাৰ জড়িয়তে ব্যৱস্থাটোক  শক্তিশালী কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। আমাৰ শিক্ষাৰ্থীসকল নতুন প্ৰণালীৰ বিষয়ে ভালদৰে অৱগত। তেওঁলোকে জানিব পাৰিছে যে ১০+২ শিক্ষা প্ৰণালীটো ৫+৩+৩+৪ শিক্ষা প্ৰণালীৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে। অধ্যয়ন ৩ বছৰ বয়সৰ পৰা আৰম্ভ হ'ব। ই দেশত একতা আনিব।’’-মোদীয়ে কয়।

মোদীয়ে লগতে কয় যে যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভাৰ সলনি তেওঁলোকৰ ভাষাৰ ভিত্তিত বিচাৰ কৰাটো আটাইতকৈ ডাঙৰ অন্যায়। মাতৃভাষা অধ্যয়নৰ সৈতে, এতিয়া ভাৰতৰ যুৱ প্ৰতিভাই প্ৰকৃত ন্যায় লাভ কৰা আৰম্ভ হ'ব। এয়া সামাজিক ন্যায়ৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ বেছিভাগ উন্নত দেশে তেওঁলোকৰ ভাষাক অগ্ৰাধিকাৰ দিছে।  আমি আমাৰ ভাষাবোৰক পিছপৰা বুলি চিত্ৰিত কৰিছোঁ, ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য কি হ'ব পাৰে? মন যিমানেই অভিনৱ নহওঁক কিয়, যিয়ে  ইংৰাজী ক'ব নাজানে, তেওঁৰ প্ৰতিভা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে গ্ৰাম্য অঞ্চলৰ শিশুসকল। 

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে  এই হীনমন্যতাই দূৰ কৰা হ’ব বুলিও মোদীয়ে উল্লেখ কৰে। মোদীয়ে কয় "মই আনকি ৰাষ্ট্ৰসংঘতো দেশৰ ভাষাতেই কথা কওঁ।  মাতৃভাষাৰ শিক্ষাই  যুৱসকলৰ প্ৰতিভাক বিকাশ কৰিব পাৰে।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস