--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তৃতীয় বাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডম্পত অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰে। মোদীয়ে তেওঁৰ ভাষণতচ কয় "আগন্তুক সময়ত দেশৰ সকলো চিবিএছই বিদ্যালয়ত পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব, যাৰ বাবে ২২ টা ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে।’’ এই সময়ছোৱাতে পিএমএছআৰআই আঁচনিৰ প্ৰথম কিস্তিও মুকলি কৰা হয়।

মোদীয়ে কয় "শিক্ষা হৈছে একমাত্ৰ মাধ্যম, যাৰ  দেশৰ ভাগ্য সলনি কৰাৰ ক্ষমতা আছে। দেশখনে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত  শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।  সৰ্বভাৰতীয় শিক্ষা সন্মিলনৰ অংশ হোৱাটোও মোৰ বাবে এক গুৰুত্বপূৰ্ণ অভিজ্ঞতা’’।
"ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভৱিষ্যতৰ প্ৰযুক্তিক পৰম্পৰাগত জ্ঞান ব্যৱস্থাক সন্তুলিত ভাৱে গুৰুত্ব প্ৰদান কৰিছে। দেশৰ শিক্ষাবিদসকলে গৱেষণাৰ জড়িয়তে ব্যৱস্থাটোক  শক্তিশালী কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। আমাৰ শিক্ষাৰ্থীসকল নতুন প্ৰণালীৰ বিষয়ে ভালদৰে অৱগত। তেওঁলোকে জানিব পাৰিছে যে ১০+২ শিক্ষা প্ৰণালীটো ৫+৩+৩+৪ শিক্ষা প্ৰণালীৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে। অধ্যয়ন ৩ বছৰ বয়সৰ পৰা আৰম্ভ হ'ব। ই দেশত একতা আনিব।’’-মোদীয়ে কয়।

মোদীয়ে লগতে কয় যে যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভাৰ সলনি তেওঁলোকৰ ভাষাৰ ভিত্তিত বিচাৰ কৰাটো আটাইতকৈ ডাঙৰ অন্যায়। মাতৃভাষা অধ্যয়নৰ সৈতে, এতিয়া ভাৰতৰ যুৱ প্ৰতিভাই প্ৰকৃত ন্যায় লাভ কৰা আৰম্ভ হ'ব। এয়া সামাজিক ন্যায়ৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ বেছিভাগ উন্নত দেশে তেওঁলোকৰ ভাষাক অগ্ৰাধিকাৰ দিছে।  আমি আমাৰ ভাষাবোৰক পিছপৰা বুলি চিত্ৰিত কৰিছোঁ, ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য কি হ'ব পাৰে? মন যিমানেই অভিনৱ নহওঁক কিয়, যিয়ে  ইংৰাজী ক'ব নাজানে, তেওঁৰ প্ৰতিভা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে গ্ৰাম্য অঞ্চলৰ শিশুসকল। 

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে  এই হীনমন্যতাই দূৰ কৰা হ’ব বুলিও মোদীয়ে উল্লেখ কৰে। মোদীয়ে কয় "মই আনকি ৰাষ্ট্ৰসংঘতো দেশৰ ভাষাতেই কথা কওঁ।  মাতৃভাষাৰ শিক্ষাই  যুৱসকলৰ প্ৰতিভাক বিকাশ কৰিব পাৰে।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে