--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত মুছলমানৰ বিৰুদ্ধে গোৰক্ষকৰ হিংসাত্মক ঘটনা আৰু মব লিঞ্চিংৰ ঘটনা বৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ছয়খন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে। জনস্বাৰ্থৰ গোচৰসমূহৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই জাননী জাৰি কৰে। আৱেদনত যোৱা ছমাহত উত্থাপিত গোচৰৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰা হৈছে।

শুকুৰবাৰে (২৮ জুলাই) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত সংগঠন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ জে বি পাৰডিৱালাৰ বিচাৰপীঠে। আবেদনখনত ২০১৮ চনত তেহছিন পুনাৱালা গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে ২০১৮ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী সকলো ৰাজ্যকে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ক দাবী জনোৱা হৈছে।

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ লগতে ৬খন ৰাজ্য হাৰিয়ানা, মধ্যপ্ৰদেশ, বিহাৰ, ৰাজস্থান, ওড়িশা আৰু মহাৰাষ্ট্ৰলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিছে৷ বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক কয় যে আমি জাননী জাৰি কৰিম। মব লিঞ্চিঙত পুৰুষক হত্যা কৰাৰ পাছত এৰি থৈ যোৱা পৰিয়ালটোৰ মহিলাসকলৰ বিষয়ে মহিলা সংগঠনটোৱে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছিল৷ আবেদনকাৰীৰ অধিবক্তা কপিল ছিবালে উচ্চ ন্যায়ালয়ক বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ নকৰিবলৈ আহ্বান জনায়।

কপিল ছিবালে কয় যে শেষবাৰৰ বাবে শীৰ্ষ আদালতত উপস্থিত হোৱাৰ সময়ত তেওঁক উচ্চ ন্যায়ালয়লৈ যাবলৈ কোৱা হৈছিল। ছিবালে কয়, ‘এনে হ’লে মই বিভিন্ন উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব, কিন্তু ভুক্তভোগীয়ে কি পাব? দহ বছৰৰ পাছত দুই লাখৰ ক্ষতিপূৰণ। ২০১৮ চনত তেহছিন পুনাৱালা গোচৰত মব লিঞ্চিং সন্দৰ্ভত ৰায়দানৰ পাছতো এই কথা প্ৰকাশ পাইছে। মোৰ কি প্ৰতিকাৰ আছে, ক’লৈ যাম।’ ইয়াৰ পাছত বিচাৰপীঠে শুনানিৰ দাবীত অনুমোদন জনোৱাৰ সময়তে ছিবালক কয় যে আবেদনখনৰ ওপৰত সংশ্লিষ্ট পক্ষক জাননী ইতিমধ্যে জাৰি কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে