--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত মুছলমানৰ বিৰুদ্ধে গোৰক্ষকৰ হিংসাত্মক ঘটনা আৰু মব লিঞ্চিংৰ ঘটনা বৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ছয়খন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে। জনস্বাৰ্থৰ গোচৰসমূহৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই জাননী জাৰি কৰে। আৱেদনত যোৱা ছমাহত উত্থাপিত গোচৰৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰা হৈছে।

শুকুৰবাৰে (২৮ জুলাই) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত সংগঠন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ জে বি পাৰডিৱালাৰ বিচাৰপীঠে। আবেদনখনত ২০১৮ চনত তেহছিন পুনাৱালা গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে ২০১৮ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী সকলো ৰাজ্যকে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ক দাবী জনোৱা হৈছে।

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ লগতে ৬খন ৰাজ্য হাৰিয়ানা, মধ্যপ্ৰদেশ, বিহাৰ, ৰাজস্থান, ওড়িশা আৰু মহাৰাষ্ট্ৰলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিছে৷ বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক কয় যে আমি জাননী জাৰি কৰিম। মব লিঞ্চিঙত পুৰুষক হত্যা কৰাৰ পাছত এৰি থৈ যোৱা পৰিয়ালটোৰ মহিলাসকলৰ বিষয়ে মহিলা সংগঠনটোৱে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছিল৷ আবেদনকাৰীৰ অধিবক্তা কপিল ছিবালে উচ্চ ন্যায়ালয়ক বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ নকৰিবলৈ আহ্বান জনায়।

কপিল ছিবালে কয় যে শেষবাৰৰ বাবে শীৰ্ষ আদালতত উপস্থিত হোৱাৰ সময়ত তেওঁক উচ্চ ন্যায়ালয়লৈ যাবলৈ কোৱা হৈছিল। ছিবালে কয়, ‘এনে হ’লে মই বিভিন্ন উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব, কিন্তু ভুক্তভোগীয়ে কি পাব? দহ বছৰৰ পাছত দুই লাখৰ ক্ষতিপূৰণ। ২০১৮ চনত তেহছিন পুনাৱালা গোচৰত মব লিঞ্চিং সন্দৰ্ভত ৰায়দানৰ পাছতো এই কথা প্ৰকাশ পাইছে। মোৰ কি প্ৰতিকাৰ আছে, ক’লৈ যাম।’ ইয়াৰ পাছত বিচাৰপীঠে শুনানিৰ দাবীত অনুমোদন জনোৱাৰ সময়তে ছিবালক কয় যে আবেদনখনৰ ওপৰত সংশ্লিষ্ট পক্ষক জাননী ইতিমধ্যে জাৰি কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস