--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘অগ্নিপথ’ক লৈ সমগ্ৰ দেশতে অগ্নুৎপাতৰ সৃষ্টি হৈছে। যুৱক-যুৱতীক সেনাত ভৰ্তি কৰোঁৱাৰ বাবে চৰকাৰে আৰম্ভ কৰিব বিচৰা এই হ্ৰস্বকালীন আঁচনিক লৈ অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতে এতিয়া চৰকাৰে নিজৰ পিঠি বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ চৰকাৰৰ সমৰ্থনত মাত মাতিছে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। চৰকাৰৰ পক্ষ লৈ তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।

 

তেওঁ এই সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে, এই আঁচনিখন অন্য এক দৃষ্টিকোণেৰে চোৱাৰ প্ৰয়োজন আছে। তেওঁ এই সম্পৰ্কত কয় যে, অগ্নিপথ এখন অকলশৰীয়া আঁচনি নহয়। ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদী যেতিয়া শাসনলৈ আহিছিল তেতিয়াই তেওঁৰ প্ৰাথমিকতা আছিল দেশক সুৰক্ষাৰ দিশৰ পৰা অধিক শক্তিশালী কৰি তোলা। তাৰ বাবে বহু পথ আৰু পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। অগ্নিপথ তেনে এক দিশৰ বাবে গ্ৰহণ কৰা এটা পদক্ষেপ। সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ এইকথা প্ৰকাশ কৰে।

 

তেওঁ লগতে কয় যে, স্পষ্টকৈ ক’বলৈ হ’লে এই পদক্ষেপৰ চাৰিটা মূল ভাগ আছে। সেয়া হৈছে সা-সৰঞ্জামৰ ক্ষেত্ৰত সাল-সলনি ঘটোৱা, পদ্ধতি, গাঁঠনি প্ৰযুক্তিৰ পৰিৱৰ্তন সাধন কৰা, আৰু মানৱ সম্পদৰ ক্ষেত্ৰত ভৱিষ্যৎমুখী পদক্ষেপ।  D

 

তেওঁ লগতে কয় যে, এতিয়া যুদ্ধৰ ধাৰণাই ব্যাপক পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে। আমি সম্পৰ্কবিহীন বা স্পৰ্শবিহীন যুদ্ধৰ মাজেৰে হৈ আছোঁ। অদৃশ্য শক্তিৰ সৈতে যুদ্ধ কৰিবলৈ গৈ আছোঁ। প্ৰযুক্তিয়ে এই দিশত তীব্ৰ গতি লাভ কৰিছে। আমি যদিহে কাইলৈৰ কাৰণে সাজু হ’ব লাগে তেন্তে আমি পৰিৱৰ্তন সাধন কৰিবও লাগিব।

 

তেওঁ লগতে কয় যে, নিৰাপত্তা হৈছে এটা ডাইনামিক ধাৰণা ই স্থিৰ হৈ নাথাকে। ইয়াৰ সম্পৰ্ক কেৱল পৰিৱেশৰ সৈতে। যাৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষা দিয়া হয়। তেওঁ লগতে কয় যে, সমগ্ৰ সেনা বাহিনী অগ্নিবীৰেৰে গঠন কৰা নহয়। এইসকলৰ মাজৰ পৰাই কিছুসংখ্যকে পৰ্যায়ক্ৰমে বিশেষ প্ৰশিক্ষণ আৰু অভিজ্ঞতা আহৰণৰ মাজেৰে সেনালৈ যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ