--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘অগ্নিপথ’ক লৈ সমগ্ৰ দেশতে অগ্নুৎপাতৰ সৃষ্টি হৈছে। যুৱক-যুৱতীক সেনাত ভৰ্তি কৰোঁৱাৰ বাবে চৰকাৰে আৰম্ভ কৰিব বিচৰা এই হ্ৰস্বকালীন আঁচনিক লৈ অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতে এতিয়া চৰকাৰে নিজৰ পিঠি বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ চৰকাৰৰ সমৰ্থনত মাত মাতিছে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। চৰকাৰৰ পক্ষ লৈ তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।

 

তেওঁ এই সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে, এই আঁচনিখন অন্য এক দৃষ্টিকোণেৰে চোৱাৰ প্ৰয়োজন আছে। তেওঁ এই সম্পৰ্কত কয় যে, অগ্নিপথ এখন অকলশৰীয়া আঁচনি নহয়। ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদী যেতিয়া শাসনলৈ আহিছিল তেতিয়াই তেওঁৰ প্ৰাথমিকতা আছিল দেশক সুৰক্ষাৰ দিশৰ পৰা অধিক শক্তিশালী কৰি তোলা। তাৰ বাবে বহু পথ আৰু পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। অগ্নিপথ তেনে এক দিশৰ বাবে গ্ৰহণ কৰা এটা পদক্ষেপ। সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ এইকথা প্ৰকাশ কৰে।

 

তেওঁ লগতে কয় যে, স্পষ্টকৈ ক’বলৈ হ’লে এই পদক্ষেপৰ চাৰিটা মূল ভাগ আছে। সেয়া হৈছে সা-সৰঞ্জামৰ ক্ষেত্ৰত সাল-সলনি ঘটোৱা, পদ্ধতি, গাঁঠনি প্ৰযুক্তিৰ পৰিৱৰ্তন সাধন কৰা, আৰু মানৱ সম্পদৰ ক্ষেত্ৰত ভৱিষ্যৎমুখী পদক্ষেপ।  D

 

তেওঁ লগতে কয় যে, এতিয়া যুদ্ধৰ ধাৰণাই ব্যাপক পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে। আমি সম্পৰ্কবিহীন বা স্পৰ্শবিহীন যুদ্ধৰ মাজেৰে হৈ আছোঁ। অদৃশ্য শক্তিৰ সৈতে যুদ্ধ কৰিবলৈ গৈ আছোঁ। প্ৰযুক্তিয়ে এই দিশত তীব্ৰ গতি লাভ কৰিছে। আমি যদিহে কাইলৈৰ কাৰণে সাজু হ’ব লাগে তেন্তে আমি পৰিৱৰ্তন সাধন কৰিবও লাগিব।

 

তেওঁ লগতে কয় যে, নিৰাপত্তা হৈছে এটা ডাইনামিক ধাৰণা ই স্থিৰ হৈ নাথাকে। ইয়াৰ সম্পৰ্ক কেৱল পৰিৱেশৰ সৈতে। যাৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষা দিয়া হয়। তেওঁ লগতে কয় যে, সমগ্ৰ সেনা বাহিনী অগ্নিবীৰেৰে গঠন কৰা নহয়। এইসকলৰ মাজৰ পৰাই কিছুসংখ্যকে পৰ্যায়ক্ৰমে বিশেষ প্ৰশিক্ষণ আৰু অভিজ্ঞতা আহৰণৰ মাজেৰে সেনালৈ যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প