--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ নতুন নিযুক্তি আঁচনি অগ্নিপথৰ বিৰুদ্ধে অব্যাহত আছে সেনাত স্থায়ী নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মৰ আন্দোলন। অগ্নিপথ আঁচনি বাতিলৰ দাবীত জোৰদাৰ ৰূপত চলি থকা এই আন্দোলনে কেইখনমান ৰাজ্যত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ বাবে এছআইটি তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। আজি উচ্চতম ন্যায়ালয়ে এই বিষয়ে সদৰি কৰি ভাৰতৰ মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পিছত শুনানিৰ বাবে আবেদনৰ তালিকাভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে।

অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা এই আবেদনৰ জৰিয়তে ন্যায়াধীশ চি টি ৰবিকুমাৰ আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠক জৰুৰী শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল।বিচাৰপীঠে এই বিষয়ে মুখ্য ন্যায়াধীশৰ সন্মুখত উপস্থাপন কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে এই সন্দৰ্ভত মুখ্য ন্যায়াধীশেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। 

ৰাজহুৱা স্বাৰ্থজড়িত এই আবেদন খনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ, তেলেংগানা, বিহাৰ, হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰক হিংসাত্মক প্ৰতিবাদ সম্পৰ্কে স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা বিচৰা হৈছে। 

তিৱাৰীয়ে এই আবেদনখনত অগ্নিপথ আঁচনি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা তথা সেনাৰ ওপৰত আঁচনিখনৰ প্ৰভাৱ পৰীক্ষা কৰাৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে। 

তেওঁ লগতে আবেদন যোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ২০০৯ চনৰ ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ ঘটনাৰ পিছত আৰম্ভ কৰা এক স্বতঃপ্ৰণোদিত গোচৰৰ ৰায়ত শীৰ্ষ ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনাৱলীৰ অধীনত দাবী আয়ুক্ত নিয়োগ কৰাৰ বাবেও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা বিচাৰিছে।

অধিবক্তা তিৱাৰীয়ে আবেদনখনত উল্লেখ কৰিছে যে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত বৰ্তমানৰ ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (অসামৰিক)ৰ জৰিয়তে অগ্নিপথ আঁচনিৰ ফলত দেশৰ বিধ্বস্ত অৱস্থা সম্পৰ্কে আদালতৰ দৃষ্টি আকৰ্ষণ কৰিব বিচৰা হৈছে। এনেদৰে  ৰাজহুৱা সম্পত্তি আৰু সামগ্ৰীৰ ধ্বংসই দেশৰ নাগৰিকসকলৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।

আনহাতে আন এগৰাকী অধিবক্তা এম এল শৰ্মাই 'অগ্নিপথ'ৰ বিৰুদ্ধে আন এখন লেখ আবেদন দাখিল কৰিছে। এই আবেদনত চৰকাৰে সাংবিধানিক ব্যৱস্থাৰ বিপৰীতে আৰু সংসদীয় অনুমোদন অবিহনে সশস্ত্ৰ বাহিনীৰ বাবে পুৰণি বাছনি প্ৰক্ৰিয়া বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তা গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ