--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত যুৱক-যুৱতীৰ বিবাহৰ প্ৰতি অনীহা হৈছে নেকি..? বৈবাহিক সম্পৰ্কৰ প্ৰতি বৰ্তমানৰ যুৱ চামৰ আগ্ৰহ নোহোৱা হ'ল নেকি এক সমীক্ষাই জগাই তুলিছে সেই প্ৰশ্ন। যোৱা কেইবছৰমানৰ পৰা দেশত অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে চলোৱা এক সমীক্ষাত এই কথা চৰ্চালৈ আহিছে। সমীক্ষাৰ তথ্য অনুসৰি ২০১৯ চনত দেশত অবিবাহিত লোকৰ অনুপাত ২৩ শতাংশলৈ বৃদ্ধি পাইছে। ২০১১ চনত এই পৰিমাণ আছিল ১৭.২ শতাংশ। এই প্ৰতিবেদন ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰিছে।

যোৱা কেইবছৰমানৰ পৰা দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা। চৰকাৰে চলোৱা এক সমীক্ষাত এই কথা চৰ্চালৈ আহিছে। সমীক্ষাৰ তথ্য অনুসৰি দেশত ১৫-২৯ বছৰ বয়সৰ অবিবাহিত লোকৰ অনুপাত ২০১১ চনত ১৭.২ শতাংশৰ পৰা ২০১৯ চনত ২৩ শতাংশলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় যুৱ নীতি-২০১৪ অনুসৰি ১৫ৰ পৰা ২৯ বছৰ বয়সৰ লোকক দেশত যুৱক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০১১ চনত দেশত কেতিয়াও বিবাহ নকৰা পুৰুষৰ জনসংখ্যা আছিল ২০.৮%। ২০১৯ চনত এই অনুপাত ২৬.১ শতাংশলৈ বৃদ্ধি পাইছে। সমীক্ষা অনুসৰি, কেতিয়াও বিবাহ নকৰা মহিলাৰ অনুপাতত একেধৰণৰ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে। সমীক্ষা অনুসৰি ২০১১ চনত অবিবাহিত মহিলাৰ অনুপাত আছিল ১৩.৫ শতাংশ, যিটো ২০১৯ চনত বৃদ্ধি পাই ১৯.৯ শতাংশ হৈছে।

জম্মু-কাশ্মীৰ আছে শীৰ্ষত

সমীক্ষা অনুসৰি ২০১৯ বৰ্ষত জম্মু-কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক শতকৰা যুৱক-যুৱতী আছিল যিসকলে কেতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাছিল। ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ, দিল্লী আৰু পঞ্জাৱ। আনহাতে দেশৰ আন প্ৰান্তৰ তুলনাত কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশত বিবাহ নকৰাৰ শতকৰা হাৰ সৰ্বাধিক কম আছিল। কিন্তু অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণ উল্লেখ কৰা হোৱা নাই প্ৰতিবেদনত।

এতিয়া দেশত বৃদ্ধি পাব যুৱ জনসংখ্যা

সমীক্ষাটোত কোৱা হৈছে যে সাম্প্ৰতিক সময়ত দেশত যুৱক-যুৱতীৰ জনসংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু ২০১১ চনৰ পৰা ২০৩৬ চনলৈকে সময়ছোৱাৰ শেষৰ ফালে ই হ্ৰাস পাবলৈ আৰম্ভ কৰিব। ১৯৯১ চনত দেশৰ মুঠ যুৱ জনসংখ্যা আছিল ২২.২৭ কোটি, যিটো ২০১১ চনত ৩৩.৩৪ কোটিলৈ বৃদ্ধি পাইছে। ২০২১ চনৰ ভিতৰত ইয়াৰ পৰিমাণ ৩৭.১৪ কোটি হ’ব বুলি অনুমান কৰা হৈছিল। ইয়াৰ পিছত ২০৩৬ চনৰ ভিতৰত ই ৩৪.৫৫ কোটিলৈ নামি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক