--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত যুৱক-যুৱতীৰ বিবাহৰ প্ৰতি অনীহা হৈছে নেকি..? বৈবাহিক সম্পৰ্কৰ প্ৰতি বৰ্তমানৰ যুৱ চামৰ আগ্ৰহ নোহোৱা হ'ল নেকি এক সমীক্ষাই জগাই তুলিছে সেই প্ৰশ্ন। যোৱা কেইবছৰমানৰ পৰা দেশত অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে চলোৱা এক সমীক্ষাত এই কথা চৰ্চালৈ আহিছে। সমীক্ষাৰ তথ্য অনুসৰি ২০১৯ চনত দেশত অবিবাহিত লোকৰ অনুপাত ২৩ শতাংশলৈ বৃদ্ধি পাইছে। ২০১১ চনত এই পৰিমাণ আছিল ১৭.২ শতাংশ। এই প্ৰতিবেদন ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰিছে।

যোৱা কেইবছৰমানৰ পৰা দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা। চৰকাৰে চলোৱা এক সমীক্ষাত এই কথা চৰ্চালৈ আহিছে। সমীক্ষাৰ তথ্য অনুসৰি দেশত ১৫-২৯ বছৰ বয়সৰ অবিবাহিত লোকৰ অনুপাত ২০১১ চনত ১৭.২ শতাংশৰ পৰা ২০১৯ চনত ২৩ শতাংশলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় যুৱ নীতি-২০১৪ অনুসৰি ১৫ৰ পৰা ২৯ বছৰ বয়সৰ লোকক দেশত যুৱক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০১১ চনত দেশত কেতিয়াও বিবাহ নকৰা পুৰুষৰ জনসংখ্যা আছিল ২০.৮%। ২০১৯ চনত এই অনুপাত ২৬.১ শতাংশলৈ বৃদ্ধি পাইছে। সমীক্ষা অনুসৰি, কেতিয়াও বিবাহ নকৰা মহিলাৰ অনুপাতত একেধৰণৰ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে। সমীক্ষা অনুসৰি ২০১১ চনত অবিবাহিত মহিলাৰ অনুপাত আছিল ১৩.৫ শতাংশ, যিটো ২০১৯ চনত বৃদ্ধি পাই ১৯.৯ শতাংশ হৈছে।

জম্মু-কাশ্মীৰ আছে শীৰ্ষত

সমীক্ষা অনুসৰি ২০১৯ বৰ্ষত জম্মু-কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক শতকৰা যুৱক-যুৱতী আছিল যিসকলে কেতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাছিল। ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ, দিল্লী আৰু পঞ্জাৱ। আনহাতে দেশৰ আন প্ৰান্তৰ তুলনাত কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশত বিবাহ নকৰাৰ শতকৰা হাৰ সৰ্বাধিক কম আছিল। কিন্তু অবিবাহিত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণ উল্লেখ কৰা হোৱা নাই প্ৰতিবেদনত।

এতিয়া দেশত বৃদ্ধি পাব যুৱ জনসংখ্যা

সমীক্ষাটোত কোৱা হৈছে যে সাম্প্ৰতিক সময়ত দেশত যুৱক-যুৱতীৰ জনসংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু ২০১১ চনৰ পৰা ২০৩৬ চনলৈকে সময়ছোৱাৰ শেষৰ ফালে ই হ্ৰাস পাবলৈ আৰম্ভ কৰিব। ১৯৯১ চনত দেশৰ মুঠ যুৱ জনসংখ্যা আছিল ২২.২৭ কোটি, যিটো ২০১১ চনত ৩৩.৩৪ কোটিলৈ বৃদ্ধি পাইছে। ২০২১ চনৰ ভিতৰত ইয়াৰ পৰিমাণ ৩৭.১৪ কোটি হ’ব বুলি অনুমান কৰা হৈছিল। ইয়াৰ পিছত ২০৩৬ চনৰ ভিতৰত ই ৩৪.৫৫ কোটিলৈ নামি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য