--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ National Institute Ranking Framework-এ(NIRF) ১১টা শিতানত দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানৰ ৰেংকিং প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিলে এন আই আৰ এফ ইণ্ডিয়া ৰেংকিং ২০২২ৰ তালিকা। অভিযান্ত্ৰিক, পৰিচালনা, ফাৰ্মাচী, মহাবিদ্যালয়, স্থাপত্য, আইন, চিকিৎসা, দন্ত চিকিৎসা, গৱেষণা আৰু সামগ্ৰিকভাৱে দহটা শাখাৰ বাবে ৰেংকিং ঘোষণা কৰা হৈছে। 

সামগ্ৰিক শাখাত এইবাৰ পুনৰ শীৰ্ষ মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে আই আই টি মাদ্ৰাজ। ৰেংকিং অনুসৰি দেশৰ শীৰ্ষ স্থাপত্য মহাবিদ্যালয়সমূহ তলত উল্লেখ কৰা ধৰণৰ - এন আই আৰ এফ ৰেংকিং তালিকাত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনৰ বিভিন্ন পৰিমাপ, শিক্ষণ আৰু সম্পদ, গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ফলাফল, আউটৰিচ আৰু অন্তৰ্ভুক্তি আদিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠানসমূহক স্ক’ৰ দিয়া হয়। 

নতুন দিল্লীৰ প্ৰতিষ্ঠিত জামিয়া বিশ্ববিদ্যালয়ৰ ৰেংকিং উন্নত হৈছে। যোৱা বছৰৰ ৬ নং ৰেংকৰ পৰা উন্নতি কৰি এইবাৰ ৰেংকিঙৰ তৃতীয় স্থানত আছে জে এম আই।শ্ৰেষ্ঠ বিশ্ববিদ্যালয় শাখাত IISc Bangalore প্ৰথম, JNU দ্বিতীয় আৰু Jamia Millia Islamia তৃতীয় স্থানত আছে। যোৱা বছৰ তৃতীয় স্থানত থকা বি এইচ ইউ এইবাৰ ষষ্ঠ স্থানলৈ নামিছে। যোৱা বছৰ দশম স্থান দখল কৰা আলিগড় মুছলিম বিশ্ববিদ্যালয় শীৰ্ষ দহৰ পৰা বাহিৰ হৈছে।

শীৰ্ষ ১০ স্থানত থকা ২০২২ চনৰ বিশ্ববিদ্যালয় শাখাৰ ৰেংকিং

১) ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স, বেংগালুৰু
২) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী
৩) জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, নতুন দিল্লী
৪) যাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
৫) অমৃতা বিশ্ব বিদ্যাপীঠ, কইম্বাটুৰ, তামিলনাডু
৬) বি এইচ ইউ, বাৰাণসী
৭) মণিপাল একাডেমী অৱ হায়াৰ এডুকেচন, মণিপাল, কৰ্ণাটক
৮) কলিকতা বিশ্ববিদ্যালয়, পশ্চিমবংগ
৯) ভেলোৰ ইনষ্টিটিউট অৱ হায়দৰাবাদ, ভেলোৰ
১০) হায়দৰাবাদ বিশ্ববিদ্যালয়, হায়দৰাবাদ

শীৰ্ষ ১০ খন কলেজৰ তালিকা

১) মিৰাণ্ডা হাউচ, নতুন দিল্লী
২) হিন্দু কলেজ,নতুন দিল্লী
৩) প্ৰেচিডেন্সি কলেজ, চেন্নাই
৪) লয়লা কলেজ, চেন্নাই
৫) লেচী শ্ৰীৰাম কলেজ ফৰ উইমেন, নতুন দিল্লী
৬) পি এছ জি আৰ কৃষ্ণম্মল কলেজ ফৰ উইমেন, কইম্বাটুৰ
৭) আত্মাৰাম সনাতন ধৰ্ম কলেজ,নতুন দিল্লী
৮) ছেইণ্ট জেভিয়াৰ কলেজ, কলকাতা
৯) ৰামকৃষ্ণ মিছন, হাওৰা
১০) কিৰোৰীমল কলেজ, নতুন দিল্লী

উল্লেখ্য যে NIRF-ৰ ৰেংকিং তালিকাত ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ সংখ্যক স্থান লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক