--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ National Institute Ranking Framework-এ(NIRF) ১১টা শিতানত দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানৰ ৰেংকিং প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিলে এন আই আৰ এফ ইণ্ডিয়া ৰেংকিং ২০২২ৰ তালিকা। অভিযান্ত্ৰিক, পৰিচালনা, ফাৰ্মাচী, মহাবিদ্যালয়, স্থাপত্য, আইন, চিকিৎসা, দন্ত চিকিৎসা, গৱেষণা আৰু সামগ্ৰিকভাৱে দহটা শাখাৰ বাবে ৰেংকিং ঘোষণা কৰা হৈছে। 

সামগ্ৰিক শাখাত এইবাৰ পুনৰ শীৰ্ষ মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে আই আই টি মাদ্ৰাজ। ৰেংকিং অনুসৰি দেশৰ শীৰ্ষ স্থাপত্য মহাবিদ্যালয়সমূহ তলত উল্লেখ কৰা ধৰণৰ - এন আই আৰ এফ ৰেংকিং তালিকাত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনৰ বিভিন্ন পৰিমাপ, শিক্ষণ আৰু সম্পদ, গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ফলাফল, আউটৰিচ আৰু অন্তৰ্ভুক্তি আদিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠানসমূহক স্ক’ৰ দিয়া হয়। 

নতুন দিল্লীৰ প্ৰতিষ্ঠিত জামিয়া বিশ্ববিদ্যালয়ৰ ৰেংকিং উন্নত হৈছে। যোৱা বছৰৰ ৬ নং ৰেংকৰ পৰা উন্নতি কৰি এইবাৰ ৰেংকিঙৰ তৃতীয় স্থানত আছে জে এম আই।শ্ৰেষ্ঠ বিশ্ববিদ্যালয় শাখাত IISc Bangalore প্ৰথম, JNU দ্বিতীয় আৰু Jamia Millia Islamia তৃতীয় স্থানত আছে। যোৱা বছৰ তৃতীয় স্থানত থকা বি এইচ ইউ এইবাৰ ষষ্ঠ স্থানলৈ নামিছে। যোৱা বছৰ দশম স্থান দখল কৰা আলিগড় মুছলিম বিশ্ববিদ্যালয় শীৰ্ষ দহৰ পৰা বাহিৰ হৈছে।

শীৰ্ষ ১০ স্থানত থকা ২০২২ চনৰ বিশ্ববিদ্যালয় শাখাৰ ৰেংকিং

১) ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স, বেংগালুৰু
২) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লী
৩) জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, নতুন দিল্লী
৪) যাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
৫) অমৃতা বিশ্ব বিদ্যাপীঠ, কইম্বাটুৰ, তামিলনাডু
৬) বি এইচ ইউ, বাৰাণসী
৭) মণিপাল একাডেমী অৱ হায়াৰ এডুকেচন, মণিপাল, কৰ্ণাটক
৮) কলিকতা বিশ্ববিদ্যালয়, পশ্চিমবংগ
৯) ভেলোৰ ইনষ্টিটিউট অৱ হায়দৰাবাদ, ভেলোৰ
১০) হায়দৰাবাদ বিশ্ববিদ্যালয়, হায়দৰাবাদ

শীৰ্ষ ১০ খন কলেজৰ তালিকা

১) মিৰাণ্ডা হাউচ, নতুন দিল্লী
২) হিন্দু কলেজ,নতুন দিল্লী
৩) প্ৰেচিডেন্সি কলেজ, চেন্নাই
৪) লয়লা কলেজ, চেন্নাই
৫) লেচী শ্ৰীৰাম কলেজ ফৰ উইমেন, নতুন দিল্লী
৬) পি এছ জি আৰ কৃষ্ণম্মল কলেজ ফৰ উইমেন, কইম্বাটুৰ
৭) আত্মাৰাম সনাতন ধৰ্ম কলেজ,নতুন দিল্লী
৮) ছেইণ্ট জেভিয়াৰ কলেজ, কলকাতা
৯) ৰামকৃষ্ণ মিছন, হাওৰা
১০) কিৰোৰীমল কলেজ, নতুন দিল্লী

উল্লেখ্য যে NIRF-ৰ ৰেংকিং তালিকাত ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ সংখ্যক স্থান লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ