--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল লাইভ: ভাৰতবিৰোধী প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰৰ বাবে ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ কেইদিনমান পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে চৰকাৰে দেশৰ বিৰুদ্ধে ‘ষড়যন্ত্ৰকাৰী’ৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা অব্যাহত ৰাখিব৷ বিষয়টো সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ দি ঠাকুৰে সাংবাদিকক কৈছিল, 'মই তেওঁৰ (নিৰ্দিষ্ট ইউটিউব চেনেল) বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিলোঁ। মই সুখী যে পৃথিৱীৰ বহুতো দেশে ইয়াক বিবেচনা কৰিছিল। ইউটিউবেও আগবাঢ়ি আহিছিল আৰু তেওঁলোকক বাধা দিবলৈ পদক্ষেপ লৈছিল। জানিব পৰা গৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোৱাবছৰ ডিচেম্বৰত ২০ টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট চোৰাংচোৱা সংস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টাত বন্ধ কৰাৰ নিৰ্দেশ দিছিল৷ তেওঁ লগতে কয়, ‘আৰু ভৱিষ্যতেও সমাজক বিভাজন কৰা এনে যিকোনো ষড়যন্ত্ৰ, মিছা প্ৰচাৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পূৰ্বে এক বিবৃতিযোগে কৈছিল যে এই ইউটিউব চেনেলবোৰ কাশ্মীৰ, ভাৰতীয় সেনা, ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়, ৰাম মন্দিৰ, জেনেৰেল বিপিন ৰাৱট আদি বিষয়ত সমন্বিতভাৱে বিভাজনমূলক পোষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ২০ টা ইউটিউব চেনেলৰ ভিতৰত আছে দ্য পাঞ্চ লাইন, ইণ্টাৰনেচনেল ৱেব নিউজ, খালচা টিভি, দ্য পাৰফেক্ট ট্ৰুথ, নিউজ ২৪, ৪৮ নিউজ, কাল্পনিক ঐতিহাসিক তথ্য, পাঞ্জাৱ ভাইৰেল, নিউ পাকিস্তান গ্লোবেল আৰু কভাৰ ষ্ট’ৰী। ইউটিউব চেনেলৰ উপৰিও কে গ্লোবেল আৰু কে ৱাচ ৱেবছাইটসমূহ সম্পূৰ্ণৰূপে অৱৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণায়ৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ শেহতীয়া মন্তব্যই এতিয়া দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি, অনলাইন মাধ্যমত দেশবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰিছে৷ এতিয়া বিভিন্ন সামাজিক মাধ্যমত বহুজনে প্ৰশ্ন উত্থাপন কৰিছে যে, কেন্দ্ৰীয় চৰকাৰে পোনতে দেশ আৰু ৰাষ্ট্ৰৰ সংজ্ঞাটো স্পষ্টকৈ নিৰূপণ কৰা ভাল৷ কিয়নো, বিগত সময়ছোৱাত চৰকাৰৰ ভুল নীতি আৰু কাৰ্যক বিৰোধিতা কৰা বাবে দেশজুৰি বহুজনৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হৈছে৷ আনকি, প্ৰধানমন্ত্ৰী মোদী অথবা শাসকীয় বিজেপিক সমালোচনা কৰিলেই দেশবিৰোধী সজাই দিয়াৰ এক মানসিকতা শেহতীয়াকৈ গঢ় লৈ উঠিছে৷ অথচ, ভাৰতৰ সামাজিক প্ৰেক্ষাপট আৰু দেশৰ ইতিহাসত শাসকীয় বিজেপি দলতকৈও বিৰোধী দলতেই অনেক দেশপ্ৰেমিকৰ উদাহৰণ আছে৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি দেশৰ সংকটকালীন প্ৰতিটো মুহূৰ্তত দেশৰ জনগণে ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে৷ কিন্তু, ২০১৪ চন মানৰ পৰা যেন সলনি হৈছে দেশৰ সংজ্ঞা৷ সেয়ে, অনুৰাগ ঠাকুৰৰ মন্তব্যৰ পাছত দেশজৰি সমান্তৰালভাৱে দেশৰ সংজ্ঞাৰ বিষয়টোও চৰ্চিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি