--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল লাইভ: ভাৰতবিৰোধী প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰৰ বাবে ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ কেইদিনমান পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে চৰকাৰে দেশৰ বিৰুদ্ধে ‘ষড়যন্ত্ৰকাৰী’ৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা অব্যাহত ৰাখিব৷ বিষয়টো সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ দি ঠাকুৰে সাংবাদিকক কৈছিল, 'মই তেওঁৰ (নিৰ্দিষ্ট ইউটিউব চেনেল) বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিলোঁ। মই সুখী যে পৃথিৱীৰ বহুতো দেশে ইয়াক বিবেচনা কৰিছিল। ইউটিউবেও আগবাঢ়ি আহিছিল আৰু তেওঁলোকক বাধা দিবলৈ পদক্ষেপ লৈছিল। জানিব পৰা গৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোৱাবছৰ ডিচেম্বৰত ২০ টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট চোৰাংচোৱা সংস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টাত বন্ধ কৰাৰ নিৰ্দেশ দিছিল৷ তেওঁ লগতে কয়, ‘আৰু ভৱিষ্যতেও সমাজক বিভাজন কৰা এনে যিকোনো ষড়যন্ত্ৰ, মিছা প্ৰচাৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পূৰ্বে এক বিবৃতিযোগে কৈছিল যে এই ইউটিউব চেনেলবোৰ কাশ্মীৰ, ভাৰতীয় সেনা, ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়, ৰাম মন্দিৰ, জেনেৰেল বিপিন ৰাৱট আদি বিষয়ত সমন্বিতভাৱে বিভাজনমূলক পোষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ২০ টা ইউটিউব চেনেলৰ ভিতৰত আছে দ্য পাঞ্চ লাইন, ইণ্টাৰনেচনেল ৱেব নিউজ, খালচা টিভি, দ্য পাৰফেক্ট ট্ৰুথ, নিউজ ২৪, ৪৮ নিউজ, কাল্পনিক ঐতিহাসিক তথ্য, পাঞ্জাৱ ভাইৰেল, নিউ পাকিস্তান গ্লোবেল আৰু কভাৰ ষ্ট’ৰী। ইউটিউব চেনেলৰ উপৰিও কে গ্লোবেল আৰু কে ৱাচ ৱেবছাইটসমূহ সম্পূৰ্ণৰূপে অৱৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণায়ৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ শেহতীয়া মন্তব্যই এতিয়া দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি, অনলাইন মাধ্যমত দেশবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰিছে৷ এতিয়া বিভিন্ন সামাজিক মাধ্যমত বহুজনে প্ৰশ্ন উত্থাপন কৰিছে যে, কেন্দ্ৰীয় চৰকাৰে পোনতে দেশ আৰু ৰাষ্ট্ৰৰ সংজ্ঞাটো স্পষ্টকৈ নিৰূপণ কৰা ভাল৷ কিয়নো, বিগত সময়ছোৱাত চৰকাৰৰ ভুল নীতি আৰু কাৰ্যক বিৰোধিতা কৰা বাবে দেশজুৰি বহুজনৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হৈছে৷ আনকি, প্ৰধানমন্ত্ৰী মোদী অথবা শাসকীয় বিজেপিক সমালোচনা কৰিলেই দেশবিৰোধী সজাই দিয়াৰ এক মানসিকতা শেহতীয়াকৈ গঢ় লৈ উঠিছে৷ অথচ, ভাৰতৰ সামাজিক প্ৰেক্ষাপট আৰু দেশৰ ইতিহাসত শাসকীয় বিজেপি দলতকৈও বিৰোধী দলতেই অনেক দেশপ্ৰেমিকৰ উদাহৰণ আছে৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি দেশৰ সংকটকালীন প্ৰতিটো মুহূৰ্তত দেশৰ জনগণে ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে৷ কিন্তু, ২০১৪ চন মানৰ পৰা যেন সলনি হৈছে দেশৰ সংজ্ঞা৷ সেয়ে, অনুৰাগ ঠাকুৰৰ মন্তব্যৰ পাছত দেশজৰি সমান্তৰালভাৱে দেশৰ সংজ্ঞাৰ বিষয়টোও চৰ্চিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ