--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে জনসাধাৰণৰ উন্নয়নমূলক কাম-কাজতকৈ বিজ্ঞাপন আৰু প্ৰচাৰতহে বেছি গুৰুত্ব দিয়া দেখা গৈছে৷ শেহতীয়াকৈ ‘তথ্য আৰু জনসংযোগ বিভাগ’ক তথ্য-জনাৰ অধিকাৰৰ যোগেদি সোধা প্ৰশ্নৰ উত্তৰত উন্মোচিত হৈছে এই কথা! কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰেই নহয়, ৰাজ্য চৰকাৰসমূহেও প্ৰচাৰ আৰু বিজ্ঞাপনত বাবে চৰকাৰী পুঁজিৰ এটা বৃহৎ অংশ ব্যৱহাৰ কৰা দেখা গৈছে৷  শেহতীয়াকৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ ‘তথ্য আৰু জনসংযোগ বিভাগ’ত এখন ‘আৰটিআই’যোগে কিছু প্ৰশ্নৰ উত্থাপন কৰা হৈছিল৷ প্ৰশ্নসমূহৰ উত্তৰত ৰাজ্য চৰকাৰখনে দিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য৷ বিগত এটা বছৰত ৰাজ্য চৰকাৰখনে বিজ্ঞাপনৰ নামত খৰচ কৰিছে ১৬০.৩১ কোটি টকা৷ এয়া কেৱল টিভি চেনেলক প্ৰচাৰৰ বাবদ দিয়া ধনহে৷ ইয়াৰ উপৰি ছপা মাধ্যম আৰু ৰাজহুৱাস্থানত প্ৰচাৰ কৰা বিভিন্ন মাধ্যমৰ বিজ্ঞাপনৰ বাবদ হোৱা খৰচ বাদ দিয়া হৈছে৷ ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত যোগী আদিত্যনাথ চৰকাৰে চৰকাৰী বিজ্ঞাপন টিভি চেনেলত প্ৰচাৰ কৰাৰ নামত খৰচ কৰিছে ১৬০.৩১ কোটি টকা৷ ইয়াৰে অধিকাংশ টকা ভাৰতৰ বৃহৎ পুঁজিপতিৰ মালিকানাধীন নিউজ গ্ৰুপক দিয়া তথ্যও এতিয়া প্ৰকাশ পাইছে৷ বিজ্ঞাপন লাভৰ শীৰ্ষত থকা নিউজ গ্ৰুপটোৱে ২৮.৮২ কোটি টকাৰ বিজ্ঞাপন লাভ কৰিছে বুলি উত্তৰ-প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগে আৰটিআই তথ্যত উল্লেখ কৰিছে৷ আনফালে ২৩.৪৮ কোটি টকাৰ বিজ্ঞাপন লাভ কৰিছে আন এটা পুঁজিপতি মালিকানাধীন টিভি চেনেল গ্ৰুপে৷ উন্নয়নশীল দেশ ভাৰতবৰ্ষই কেৱলমাত্ৰ চৰকাৰ আৰু চৰকাৰী আঁচনিৰ প্ৰচাৰৰ বাবদ ৰাজকোষৰ এটা বৃহৎ অংশ ব্যৱহাৰ কৰাটো কিমান সমীচিন, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ আঁচনিৰ প্ৰচাৰত কৈ কাৰ্যকৰীকৰণতহে চৰকাৰে বেছি গুৰুত্ব প্ৰদান কৰা উচিত৷ তাৰ সলনি আঁচনিখনৰ যোগেদি চৰকাৰ আৰু নেতাৰ প্ৰচাৰ আৰু বাহুল্য কিমানদূৰ সমীচিন, সেয়া পুনৰ বিবেচনাৰ প্ৰয়োজন আছে৷ জনসাধাৰণৰ ভোগ্য ৰাজকোষৰ প্ৰতিটো ধনৰ সদব্যৱহাৰৰ প্ৰতি প্ৰতিখন চৰকাৰ আৰু নেতাই গুৰুত্ব আৰোপ কৰাটো উন্নয়নশীল দেশৰ বাবে কল্যাণকামী পদক্ষেপ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র