--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে জনসাধাৰণৰ উন্নয়নমূলক কাম-কাজতকৈ বিজ্ঞাপন আৰু প্ৰচাৰতহে বেছি গুৰুত্ব দিয়া দেখা গৈছে৷ শেহতীয়াকৈ ‘তথ্য আৰু জনসংযোগ বিভাগ’ক তথ্য-জনাৰ অধিকাৰৰ যোগেদি সোধা প্ৰশ্নৰ উত্তৰত উন্মোচিত হৈছে এই কথা! কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰেই নহয়, ৰাজ্য চৰকাৰসমূহেও প্ৰচাৰ আৰু বিজ্ঞাপনত বাবে চৰকাৰী পুঁজিৰ এটা বৃহৎ অংশ ব্যৱহাৰ কৰা দেখা গৈছে৷  শেহতীয়াকৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ ‘তথ্য আৰু জনসংযোগ বিভাগ’ত এখন ‘আৰটিআই’যোগে কিছু প্ৰশ্নৰ উত্থাপন কৰা হৈছিল৷ প্ৰশ্নসমূহৰ উত্তৰত ৰাজ্য চৰকাৰখনে দিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য৷ বিগত এটা বছৰত ৰাজ্য চৰকাৰখনে বিজ্ঞাপনৰ নামত খৰচ কৰিছে ১৬০.৩১ কোটি টকা৷ এয়া কেৱল টিভি চেনেলক প্ৰচাৰৰ বাবদ দিয়া ধনহে৷ ইয়াৰ উপৰি ছপা মাধ্যম আৰু ৰাজহুৱাস্থানত প্ৰচাৰ কৰা বিভিন্ন মাধ্যমৰ বিজ্ঞাপনৰ বাবদ হোৱা খৰচ বাদ দিয়া হৈছে৷ ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত যোগী আদিত্যনাথ চৰকাৰে চৰকাৰী বিজ্ঞাপন টিভি চেনেলত প্ৰচাৰ কৰাৰ নামত খৰচ কৰিছে ১৬০.৩১ কোটি টকা৷ ইয়াৰে অধিকাংশ টকা ভাৰতৰ বৃহৎ পুঁজিপতিৰ মালিকানাধীন নিউজ গ্ৰুপক দিয়া তথ্যও এতিয়া প্ৰকাশ পাইছে৷ বিজ্ঞাপন লাভৰ শীৰ্ষত থকা নিউজ গ্ৰুপটোৱে ২৮.৮২ কোটি টকাৰ বিজ্ঞাপন লাভ কৰিছে বুলি উত্তৰ-প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগে আৰটিআই তথ্যত উল্লেখ কৰিছে৷ আনফালে ২৩.৪৮ কোটি টকাৰ বিজ্ঞাপন লাভ কৰিছে আন এটা পুঁজিপতি মালিকানাধীন টিভি চেনেল গ্ৰুপে৷ উন্নয়নশীল দেশ ভাৰতবৰ্ষই কেৱলমাত্ৰ চৰকাৰ আৰু চৰকাৰী আঁচনিৰ প্ৰচাৰৰ বাবদ ৰাজকোষৰ এটা বৃহৎ অংশ ব্যৱহাৰ কৰাটো কিমান সমীচিন, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ আঁচনিৰ প্ৰচাৰত কৈ কাৰ্যকৰীকৰণতহে চৰকাৰে বেছি গুৰুত্ব প্ৰদান কৰা উচিত৷ তাৰ সলনি আঁচনিখনৰ যোগেদি চৰকাৰ আৰু নেতাৰ প্ৰচাৰ আৰু বাহুল্য কিমানদূৰ সমীচিন, সেয়া পুনৰ বিবেচনাৰ প্ৰয়োজন আছে৷ জনসাধাৰণৰ ভোগ্য ৰাজকোষৰ প্ৰতিটো ধনৰ সদব্যৱহাৰৰ প্ৰতি প্ৰতিখন চৰকাৰ আৰু নেতাই গুৰুত্ব আৰোপ কৰাটো উন্নয়নশীল দেশৰ বাবে কল্যাণকামী পদক্ষেপ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'