--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰাখণ্ডৰ নেইনীতালৰ পৰা পোহৰলৈ আহিছে এক আচৰিত ঘটনা। ডেষ্টিনেচন ৱেডিং কৰিবলৈ সাজু হোৱা এগৰাকী কইনাৰ মৃত্যু ঘটিছে।

দিল্লীৰ কইনা আৰু লক্ষ্ণৌৰ দৰা নেইনীতাল জিলাৰ এখন ৰিজ’ৰ্টত ডেষ্টিনেচন ৱেডিংৰ বাবে উপস্থিত হৈছিল। নিজৰ বিয়া বুলি খুব আনন্দত আছিল কইনাগৰাকী। মেহেন্দি অনুষ্ঠানৰ সময়ত কইনাই নাচি আছিল, তাতেই তেওঁ অচেতন হৈ পৰিল। 

কইনাজনী অচেতন হোৱাৰ লগে লগে পৰিয়ালৰ লোকে খৰখেদাকৈ চি এইচ চি ভীমতাললৈ লৈ গ’ল। য'ত চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ অন্তত কইনাক মৃত ঘোষণা কৰিছিল। পৰিয়ালৰ সকলো সুখ কেইছেকেণ্ডমানৰ ভিতৰতে শোকলৈ পৰিণত হ’ল। 

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈ থকা অৱস্থাত পৰিয়ালে কোনো আইনী ব্যৱস্থা নকৰিবলৈ আৰক্ষীক আবেদন জনায়। ইয়াৰ পিছত আৰক্ষীয়ে তেওঁলোকক কন্যাৰ মৃতদেহ দিল্লীলৈ নিয়াৰ অনুমতি দিয়ে।

তথ্য অনুসৰি নতুন দিল্লী দ্বাৰকা ছেক্টৰ ৬ নিবাসী ডাঃ সঞ্জয় জৈনৰ ২৪ বছৰীয়া কন্যা শ্ৰেয়াৰ বিবাহ লক্ষ্ণৌৰ এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল। য'ত দুয়োৰে পৰিয়ালৰ সদস্যই ভীমলাল অঞ্চলৰ নৈনিতাল জিলাৰ নৌকুচিয়াটাল ৰিজৰ্টত শ্ৰেয়া আৰু লক্ষ্ণৌৰ যুৱকজনৰ বিবাহৰ বাবে ডেষ্টিনেচন ৱেডিংৰ আয়োজন কৰে। বিয়াৰ প্ৰস্তুতি খুব জোৰদাৰ প্ৰস্তুতিত চলি আছিল কিন্তু কেই মুহূৰ্ত মানৰ ভিতৰতে যে সকলো উলট-পালট হৈ যাব সেয়া কোনেও কল্পনা কৰা নাছিল। 

ভীমতাল কমিউনিটি হেল্থ চেণ্টাৰৰ চিকিৎসকে নিশ্চিত কৰিছে যে সম্ভৱতঃ হৃদযন্ত্ৰৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ