--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰাখণ্ডৰ নেইনীতালৰ পৰা পোহৰলৈ আহিছে এক আচৰিত ঘটনা। ডেষ্টিনেচন ৱেডিং কৰিবলৈ সাজু হোৱা এগৰাকী কইনাৰ মৃত্যু ঘটিছে।

দিল্লীৰ কইনা আৰু লক্ষ্ণৌৰ দৰা নেইনীতাল জিলাৰ এখন ৰিজ’ৰ্টত ডেষ্টিনেচন ৱেডিংৰ বাবে উপস্থিত হৈছিল। নিজৰ বিয়া বুলি খুব আনন্দত আছিল কইনাগৰাকী। মেহেন্দি অনুষ্ঠানৰ সময়ত কইনাই নাচি আছিল, তাতেই তেওঁ অচেতন হৈ পৰিল। 

কইনাজনী অচেতন হোৱাৰ লগে লগে পৰিয়ালৰ লোকে খৰখেদাকৈ চি এইচ চি ভীমতাললৈ লৈ গ’ল। য'ত চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ অন্তত কইনাক মৃত ঘোষণা কৰিছিল। পৰিয়ালৰ সকলো সুখ কেইছেকেণ্ডমানৰ ভিতৰতে শোকলৈ পৰিণত হ’ল। 

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈ থকা অৱস্থাত পৰিয়ালে কোনো আইনী ব্যৱস্থা নকৰিবলৈ আৰক্ষীক আবেদন জনায়। ইয়াৰ পিছত আৰক্ষীয়ে তেওঁলোকক কন্যাৰ মৃতদেহ দিল্লীলৈ নিয়াৰ অনুমতি দিয়ে।

তথ্য অনুসৰি নতুন দিল্লী দ্বাৰকা ছেক্টৰ ৬ নিবাসী ডাঃ সঞ্জয় জৈনৰ ২৪ বছৰীয়া কন্যা শ্ৰেয়াৰ বিবাহ লক্ষ্ণৌৰ এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল। য'ত দুয়োৰে পৰিয়ালৰ সদস্যই ভীমলাল অঞ্চলৰ নৈনিতাল জিলাৰ নৌকুচিয়াটাল ৰিজৰ্টত শ্ৰেয়া আৰু লক্ষ্ণৌৰ যুৱকজনৰ বিবাহৰ বাবে ডেষ্টিনেচন ৱেডিংৰ আয়োজন কৰে। বিয়াৰ প্ৰস্তুতি খুব জোৰদাৰ প্ৰস্তুতিত চলি আছিল কিন্তু কেই মুহূৰ্ত মানৰ ভিতৰতে যে সকলো উলট-পালট হৈ যাব সেয়া কোনেও কল্পনা কৰা নাছিল। 

ভীমতাল কমিউনিটি হেল্থ চেণ্টাৰৰ চিকিৎসকে নিশ্চিত কৰিছে যে সম্ভৱতঃ হৃদযন্ত্ৰৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু