--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ পাটনা বিমানবন্দৰত দেওবাৰে জৰুৰীভাৱে অৱতৰণ কৰে স্পাইচজেটৰ বিমান এছ জি-৭২৩। বিমানখনত আছিল ১৮৫ জন যাত্ৰী। ক্ৰুসহ বিমানখনত মুঠ ১৯১ জন লোক আছিল। উৰণৰ ঠিক পিছতেই বিমানখনৰ বাওঁ ইঞ্জিনত জুই লগাত পাটনাত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে। ঘটনা সন্দৰ্ভত পাটনা জিলা প্ৰশাসন আৰু বিমানবন্দৰৰ বিষয়াসকলক তথ্য প্ৰদান কৰা হয়। স্থানীয় ৰাইজে শ্বুট কৰা ভিডিঅ’টোত বাওঁফালৰ ইঞ্জিনৰ পৰা এটা স্পাৰ্ক নিৰ্গত হোৱা দেখা যায়। সকলো যাত্ৰীক নিৰাপদে খালী কৰা হয় আৰু কোনো লোকৰ মৃত্যু হোৱা নাই বুলি বিষয়াসকলে জনায়। এই জৰুৰীকালীন পৰিস্থিতিত পাইলটে যি ধৰণে বিমানখন অৱতৰণ কৰি সাহসৰ পৰিচয় দিছিল সেই কথাই সকলোতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
 বিমানখনৰ পাইলট আছিল কেপ্তেইন মনিকা খান্না। বিমানখনৰ পাইলট-ইন-কমাণ্ড (পিআইচি) কেপ্তেইন মনিকা খান্নাই আতংকিত নোহোৱাকৈ ক্ষতিগ্ৰস্ত ইঞ্জিনটো বন্ধ কৰি জৰুৰীকালীন অৱতৰণ কৰে। দেওবাৰে বিহাৰৰ ৰাজধানী পাটনাত স্পাইচজেট বিমানখন জৰুৰী অৱতৰণ কৰি ক্ৰুসহ ১৯১ জন লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে সমগ্ৰ দেশেই শলাগ লৈছে কেপ্তেইন মনিকা খান্নাৰ। স্পাইচজেটৰ বিমান পৰিচালনাৰ মুৰব্বী গুৰচৰণ আৰোৰাৰ উদ্ধৃতিৰে বাতৰি সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি এই কাণ্ডৰ সময়ত কেপ্তেইন মনিকা খান্না আৰু প্ৰথম বিষয়া বলপ্ৰীত সিং ভাটিয়াই নিজকে ভালদৰে চম্ভালিছিল। গোটেই সময়খিনি তেওঁ শান্ত হৈ থাকিল আৰু বিমানখন ভালদৰে চম্ভালিলে।
 তেওঁলোক অভিজ্ঞ বিষয়া আৰু তেওঁলোকক লৈ আমি গৌৰৱান্বিত।মনিকা খান্না স্পাইচজেট লিমিটেডৰ এগৰাকী উচ্চ যোগ্যতাসম্পন্ন পাইলট। তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইল অনুসৰি তেওঁ ভ্ৰমণ কৰি ভাল পায় আৰু ফেশ্বনৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছে। দেওবাৰে স্পাইচজেট বয়িং ৭৩৭ বিমানৰ ইঞ্জিনত জুই লগাত কেপ্তেইন মনিকা খান্নাই ক্ষতিগ্ৰস্ত ইঞ্জিনটো বন্ধ কৰি বিপদৰ সময়ত কাৰ্যদক্ষতাৰ পৰিচয় দিয়ে। দৰাচলতে এটা চৰাইৰ সংঘৰ্ষত বিমানখনৰ বাওঁ ইঞ্জিনত জুই লাগিছিল। মনিকা খান্নাই নিজৰ কাৰ্যদক্ষতা দেখুৱাই এটা ডাঙৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হল। বিপদৰ সময়ত অলপো বিচলিত নোহোৱাকৈ দিল্লী অভিমুখে ৰাওনা হোৱা বিমানখন পুনৰ নিৰাপদে পাটনা বিমানবন্দৰত অৱতৰণ কৰে মনিকা খান্নাই। এইগৰাকী সাহসী পাইলটৰ বাবেই এক ভয়ংকৰ বিমান দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল যাত্ৰীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে