--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ পাটনা বিমানবন্দৰত দেওবাৰে জৰুৰীভাৱে অৱতৰণ কৰে স্পাইচজেটৰ বিমান এছ জি-৭২৩। বিমানখনত আছিল ১৮৫ জন যাত্ৰী। ক্ৰুসহ বিমানখনত মুঠ ১৯১ জন লোক আছিল। উৰণৰ ঠিক পিছতেই বিমানখনৰ বাওঁ ইঞ্জিনত জুই লগাত পাটনাত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে। ঘটনা সন্দৰ্ভত পাটনা জিলা প্ৰশাসন আৰু বিমানবন্দৰৰ বিষয়াসকলক তথ্য প্ৰদান কৰা হয়। স্থানীয় ৰাইজে শ্বুট কৰা ভিডিঅ’টোত বাওঁফালৰ ইঞ্জিনৰ পৰা এটা স্পাৰ্ক নিৰ্গত হোৱা দেখা যায়। সকলো যাত্ৰীক নিৰাপদে খালী কৰা হয় আৰু কোনো লোকৰ মৃত্যু হোৱা নাই বুলি বিষয়াসকলে জনায়। এই জৰুৰীকালীন পৰিস্থিতিত পাইলটে যি ধৰণে বিমানখন অৱতৰণ কৰি সাহসৰ পৰিচয় দিছিল সেই কথাই সকলোতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
 বিমানখনৰ পাইলট আছিল কেপ্তেইন মনিকা খান্না। বিমানখনৰ পাইলট-ইন-কমাণ্ড (পিআইচি) কেপ্তেইন মনিকা খান্নাই আতংকিত নোহোৱাকৈ ক্ষতিগ্ৰস্ত ইঞ্জিনটো বন্ধ কৰি জৰুৰীকালীন অৱতৰণ কৰে। দেওবাৰে বিহাৰৰ ৰাজধানী পাটনাত স্পাইচজেট বিমানখন জৰুৰী অৱতৰণ কৰি ক্ৰুসহ ১৯১ জন লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে সমগ্ৰ দেশেই শলাগ লৈছে কেপ্তেইন মনিকা খান্নাৰ। স্পাইচজেটৰ বিমান পৰিচালনাৰ মুৰব্বী গুৰচৰণ আৰোৰাৰ উদ্ধৃতিৰে বাতৰি সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি এই কাণ্ডৰ সময়ত কেপ্তেইন মনিকা খান্না আৰু প্ৰথম বিষয়া বলপ্ৰীত সিং ভাটিয়াই নিজকে ভালদৰে চম্ভালিছিল। গোটেই সময়খিনি তেওঁ শান্ত হৈ থাকিল আৰু বিমানখন ভালদৰে চম্ভালিলে।
 তেওঁলোক অভিজ্ঞ বিষয়া আৰু তেওঁলোকক লৈ আমি গৌৰৱান্বিত।মনিকা খান্না স্পাইচজেট লিমিটেডৰ এগৰাকী উচ্চ যোগ্যতাসম্পন্ন পাইলট। তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইল অনুসৰি তেওঁ ভ্ৰমণ কৰি ভাল পায় আৰু ফেশ্বনৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছে। দেওবাৰে স্পাইচজেট বয়িং ৭৩৭ বিমানৰ ইঞ্জিনত জুই লগাত কেপ্তেইন মনিকা খান্নাই ক্ষতিগ্ৰস্ত ইঞ্জিনটো বন্ধ কৰি বিপদৰ সময়ত কাৰ্যদক্ষতাৰ পৰিচয় দিয়ে। দৰাচলতে এটা চৰাইৰ সংঘৰ্ষত বিমানখনৰ বাওঁ ইঞ্জিনত জুই লাগিছিল। মনিকা খান্নাই নিজৰ কাৰ্যদক্ষতা দেখুৱাই এটা ডাঙৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হল। বিপদৰ সময়ত অলপো বিচলিত নোহোৱাকৈ দিল্লী অভিমুখে ৰাওনা হোৱা বিমানখন পুনৰ নিৰাপদে পাটনা বিমানবন্দৰত অৱতৰণ কৰে মনিকা খান্নাই। এইগৰাকী সাহসী পাইলটৰ বাবেই এক ভয়ংকৰ বিমান দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল যাত্ৰীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ