--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপে খুঁটিলে বা কামুৰিলে মানুহে বহুত ভয় খায়। বিপদৰ আশংকা কৰি কিছুমান যায় হাস্পতাললৈ বা কিছুমান যায় বেজৰ ওচৰলৈ। সাপে খুঁটিলে সদায় হাস্পতাললৈ যাব লাগে যাতে এণ্টিভেনম ল'ব পৰা যায়। এণ্টিভেনম লোৱাৰ পাছত আক্ৰান্ত লোকজনৰ জীৱন ৰক্ষা পৰাৰ বহুখিনি সম্ভাৱনা থাকে।এইখিনিতে এক আচৰিত ঘটনাৰ কথা পোহৰলৈ আহিছে। এজন কৃষকক এটা সাপে খুঁটিলে। সাপো খোঁটাত তেওঁৰ ইমানেই বেছি খং উঠিলে যে লগালগ তেওঁক সাপটোক কেঁচাই কেঁচাই চোবাই দিয়ে। এই ঘটনা উত্তৰ প্ৰদেশৰ বান্দাৰ।

কামাছিন থানা এলেকাৰ সায়োহাট গাঁৱৰ মাতৱদল যাদৱ (৫৫)য়ে কৃষিকৰ্ম কৰি ঘৰখন চলাই আছে। খেতি পথাৰৰ পৰা উভতি আহি মাতৱদল যাদৱ ঘৰৰ বিচনাত পৰি জিৰাই আছিল। হঠাতে এটা সাপ আহি মাতৱদল যাদৱক হাতত কামোৰে। এই কথাত তেওঁৰ ইমানেই খং উঠে যে তেওঁ তৎক্ষণাৎ সাপডাল হাতেৰে ধৰি কেঁচাই কেঁচাই চোবাই দিয়ে। পৰিয়ালৰ লোকে এই দৃশ্য দেখি আতংকিত হৈ ততাতৈয়াকৈ মাতৱদল যাদৱক কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যায়। য'ত চিকিৎসকসকলে তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁৰ অৱস্থা ঠিকেই আছে বুলি জনাইছে চিকিৎসকে। ডাক্তৰে কয় বৰ্তমান তেওঁ সংকটমুক্ত। 

মাতৱদল যাদৱৰ পৰিয়ালৰ লোকে প্ৰথমে গাঁৱৰ বেজলৈ ফোন কৰিছিল। এই ঘটনা দেখি বেজো আচিৰত হৈ পৰিছিল। বেজে কৈছিল যে সাপে কামোৰাৰ ঔষধ আছে কিন্তু সাপ কেঁচাকৈ খোৱাৰ কোনো ঔষধ নাই। ট্ৰমা চেণ্টাৰৰ ডাঃ বিনীত শচানে কয় যে মাতৱদল যাদৱে খঙতে এটা সাপ খাইছিল। তেওঁৰ চিকিৎসা কৰা হৈছে। সাপৰ মূৰত বিষ থাকে, শৰীৰত নাথাকে। সাপ খালে বিষ বিয়পি নাযায়। সাপে কামুৰিলে বিষ বিয়পাই দিয়ে। বিষ তেজত নপৰিলে কোনো প্ৰভাৱ নপৰে অৰ্থাৎ কোনো বিষক্ৰিয়া নহয়। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাতৱদল যাদৱ সংকটমুক্ত বুলি জানি পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে স্বস্তিৰ নিঃশ্বাস পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে