--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপে খুঁটিলে বা কামুৰিলে মানুহে বহুত ভয় খায়। বিপদৰ আশংকা কৰি কিছুমান যায় হাস্পতাললৈ বা কিছুমান যায় বেজৰ ওচৰলৈ। সাপে খুঁটিলে সদায় হাস্পতাললৈ যাব লাগে যাতে এণ্টিভেনম ল'ব পৰা যায়। এণ্টিভেনম লোৱাৰ পাছত আক্ৰান্ত লোকজনৰ জীৱন ৰক্ষা পৰাৰ বহুখিনি সম্ভাৱনা থাকে।এইখিনিতে এক আচৰিত ঘটনাৰ কথা পোহৰলৈ আহিছে। এজন কৃষকক এটা সাপে খুঁটিলে। সাপো খোঁটাত তেওঁৰ ইমানেই বেছি খং উঠিলে যে লগালগ তেওঁক সাপটোক কেঁচাই কেঁচাই চোবাই দিয়ে। এই ঘটনা উত্তৰ প্ৰদেশৰ বান্দাৰ।

কামাছিন থানা এলেকাৰ সায়োহাট গাঁৱৰ মাতৱদল যাদৱ (৫৫)য়ে কৃষিকৰ্ম কৰি ঘৰখন চলাই আছে। খেতি পথাৰৰ পৰা উভতি আহি মাতৱদল যাদৱ ঘৰৰ বিচনাত পৰি জিৰাই আছিল। হঠাতে এটা সাপ আহি মাতৱদল যাদৱক হাতত কামোৰে। এই কথাত তেওঁৰ ইমানেই খং উঠে যে তেওঁ তৎক্ষণাৎ সাপডাল হাতেৰে ধৰি কেঁচাই কেঁচাই চোবাই দিয়ে। পৰিয়ালৰ লোকে এই দৃশ্য দেখি আতংকিত হৈ ততাতৈয়াকৈ মাতৱদল যাদৱক কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যায়। য'ত চিকিৎসকসকলে তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁৰ অৱস্থা ঠিকেই আছে বুলি জনাইছে চিকিৎসকে। ডাক্তৰে কয় বৰ্তমান তেওঁ সংকটমুক্ত। 

মাতৱদল যাদৱৰ পৰিয়ালৰ লোকে প্ৰথমে গাঁৱৰ বেজলৈ ফোন কৰিছিল। এই ঘটনা দেখি বেজো আচিৰত হৈ পৰিছিল। বেজে কৈছিল যে সাপে কামোৰাৰ ঔষধ আছে কিন্তু সাপ কেঁচাকৈ খোৱাৰ কোনো ঔষধ নাই। ট্ৰমা চেণ্টাৰৰ ডাঃ বিনীত শচানে কয় যে মাতৱদল যাদৱে খঙতে এটা সাপ খাইছিল। তেওঁৰ চিকিৎসা কৰা হৈছে। সাপৰ মূৰত বিষ থাকে, শৰীৰত নাথাকে। সাপ খালে বিষ বিয়পি নাযায়। সাপে কামুৰিলে বিষ বিয়পাই দিয়ে। বিষ তেজত নপৰিলে কোনো প্ৰভাৱ নপৰে অৰ্থাৎ কোনো বিষক্ৰিয়া নহয়। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাতৱদল যাদৱ সংকটমুক্ত বুলি জানি পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে স্বস্তিৰ নিঃশ্বাস পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ