--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে দেশক এতিয়া ২২ লাখ দক্ষ গাড়ীচালকৰ প্রয়োজন। গাড়ীচালকৰ সঠিক প্ৰশিক্ষণৰ সুবিধা নথকা বাবে বহু দুর্ঘটনা হৈছে। 

লোক সভাৰ প্ৰশ্নকালত গাডকাৰীয়ে জনায় যে গাড়ীচালকৰ বাবে প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ কোটি টকীয়া এখন আঁচনি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে পর্যায়ক্রমে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত তেনে ১৬০০ প্রতিষ্ঠান স্থাপন কৰা হ'ব। 

ইয়াৰ ফলত ৬০ লাখ কর্মসংস্থান সৃষ্টি হ'ব। তেওঁ আৰু কয় যে সামূহিক প্রচেষ্টাকে ধৰি ইনষ্টিটিউট অব্ ড্রাইভিং ট্রেইনিং এণ্ড ৰিছাৰ্চ (আই ডি টি আৰ এছ), ৰিজিঅ'নেল ড্রাইভিং ট্রেইনিং চেণ্টাৰ (আৰ ডি টি চি) আৰু ড্রাইভিং ট্রেইনিং চেণ্টাৰ (ডি টি চি) স্থাপনৰ বাবে উপযুক্ত প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ অনুৰোধ জনোৱা হৈছে। 

তেওঁ আগলৈ কয় যে বিশ্ব বেংকৰ প্ৰতিবেদনৰ মতে, ভাৰতক আৰু ২২ লাখ গাড়ীচালক লাগে। মন্ত্রীজনে লগতে কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত ভাৰতত ১.৮ লাখ লোকৰ মৃত্যু হয় আৰু এই দুৰ্ঘটনাৰ বেছিভাগেই অপ্রশিক্ষিত গাড়ীচালকৰ বাবে হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক