--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কাইলৈ ​​লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হ’ব সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ।  বিহাৰ, চণ্ডীগড়, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগকে ধৰি ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা লোকসভা সমষ্টিত কাইলৈ  ভোটগ্ৰহণ কৰা হ’ব।  একেদৰে কাইলৈ ওড়িশা বিধানসভাৰো বাকী ৪২ টা বিধানসভা সমষ্টিৰ বাবে একে সময়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম  পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ’ব। উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ তেৰখন আসন, পশ্চিম বংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ’ব।   দেশত  ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ৬টা পৰ্যায়ত ৪৮৬খন লোকসভাৰ আসন বাবে ভোটগ্ৰহণ কৰা হৈ গৈছে।   ৪ জুনত লোকসভা নিৰ্বাচনৰ  ভোটগণনা  কৰা হ’ব।কাইলৈ সপ্তম  পৰ্যায়ত পুৱা ৭ বজাৰ পৰা  ভোটগ্ৰহণ কেন্দ্ৰৰ দুৱাৰ মুকলি কৰা হ’ব। ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব।  সপ্তম পৰ্যায়ৰ নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে বাৰানসী সমষ্টিৰ পৰা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়ৰ  লক্ষ্য স্থিৰ কৰিছে।  মোদীৰ বিৰুদ্ধে বাৰানসীত বিৰোধী  কংগ্ৰেছ প্ৰাৰ্থী হৈছে  অজয় ​​ৰায়।গাজীপুৰত  বৰ্তমান সমাজবাদী পাৰ্টিক প্ৰতিনিধিত্ব কৰা আফজল আনছাৰীয়ে ২০১৯ চনত লাভ কৰা আসনখন অক্ষুণ্ণ ৰখাৰ লক্ষ্য লৈছে।পাটনা চাহিবত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে বিজেপিৰ এই দুৰ্গটোৰ পৰা পুনৰ নিৰ্বাচিত হ’বলৈ বিচাৰিছে। তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰাক্তন লোকসভা অধ্যক্ষ মেইৰা কুমাৰৰ পুত্ৰ কংগ্ৰেছ প্ৰাৰ্থী অংশুল অভিজিতৰ।মাণ্ডী সমষ্টিত  বিজেপিৰ প্ৰাৰ্থী তথা  বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ ৰাজনৈতিক ভাগ্য কাইলৈ নিৰ্ণয় হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু