--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ দ্ৰুত ৰূপত সংক্ৰমণ হৈছে ক’ভিড ১৯৷ দেশৰ বিভিন্ন ৰাজ্যই ক’ভিড ১৯ ৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ৷ মুম্বাইত যোৱা ২৪ ঘণ্টাৰ ভিতৰত ২০,১৮১ টা নতুন কোভিড কেছ আৰু ৪ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশৰ অৰ্থনৈতিক ৰাজধানীত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ৭৯,২৬০ লৈ বৃদ্ধি পাইছে। চহৰৰ চিকিৎসালয়সমূহ এতিয়া ১৬ শতাংশ বিচনা কেৱল ক’ভিড ৰোগীৰে ভৰি আছে। ইফালে, মুম্বাইত ৫০০ তকৈও অধিক আবাসিক অট্টালিকা বন্ধ কৰি দিছে প্ৰশাসনে৷ বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) মতে, বৃহস্পতিবাৰে মুম্বাইৰ ধাৰাৱীত ১০৭ টা নতুন কোভিড-১৯ সংক্ৰমিত ৰোগীকো নিশ্চিত কৰা হৈছে, যি হৈছে এদিনত সৰ্বাধিক সংখ্যক ৰোগী।

ইফালে ক’ভিড ১৯ ৰ ভয়াবহ গণ সমক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে পদক্ষেপ৷ দেশৰ কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিষিদ্ধ কৰিছে সকলো ৰাজহুৱা জনসমাগম৷ ইফালে অসমতো ক’ভিড ১৯ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ ইয়াকে লৈ এতিয়া ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইনকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

ইফালে জম্মু কাশ্মীৰতো বৰফৰ পথৰ মাজেৰে পাৰ হৈ যোৱা পৰ্যটকসকলকো দেশৰ স্বাস্থ্য কৰ্মীসকলে টিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ স্বাস্থ্য কৰ্মীসকলৰ এই পদক্ষেপৰ প্ৰতি সকলোলোকে এতিয়া সহাৰি জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম