--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ দ্ৰুত ৰূপত সংক্ৰমণ হৈছে ক’ভিড ১৯৷ দেশৰ বিভিন্ন ৰাজ্যই ক’ভিড ১৯ ৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ৷ মুম্বাইত যোৱা ২৪ ঘণ্টাৰ ভিতৰত ২০,১৮১ টা নতুন কোভিড কেছ আৰু ৪ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশৰ অৰ্থনৈতিক ৰাজধানীত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ৭৯,২৬০ লৈ বৃদ্ধি পাইছে। চহৰৰ চিকিৎসালয়সমূহ এতিয়া ১৬ শতাংশ বিচনা কেৱল ক’ভিড ৰোগীৰে ভৰি আছে। ইফালে, মুম্বাইত ৫০০ তকৈও অধিক আবাসিক অট্টালিকা বন্ধ কৰি দিছে প্ৰশাসনে৷ বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) মতে, বৃহস্পতিবাৰে মুম্বাইৰ ধাৰাৱীত ১০৭ টা নতুন কোভিড-১৯ সংক্ৰমিত ৰোগীকো নিশ্চিত কৰা হৈছে, যি হৈছে এদিনত সৰ্বাধিক সংখ্যক ৰোগী।

ইফালে ক’ভিড ১৯ ৰ ভয়াবহ গণ সমক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে পদক্ষেপ৷ দেশৰ কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিষিদ্ধ কৰিছে সকলো ৰাজহুৱা জনসমাগম৷ ইফালে অসমতো ক’ভিড ১৯ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ ইয়াকে লৈ এতিয়া ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইনকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

ইফালে জম্মু কাশ্মীৰতো বৰফৰ পথৰ মাজেৰে পাৰ হৈ যোৱা পৰ্যটকসকলকো দেশৰ স্বাস্থ্য কৰ্মীসকলে টিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ স্বাস্থ্য কৰ্মীসকলৰ এই পদক্ষেপৰ প্ৰতি সকলোলোকে এতিয়া সহাৰি জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত