--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া যেন সমগ্ৰ দেশতে একছত্ৰী সম্ৰাট হ’বলৈ উলাইছে ৰিলায়েন্স। দেশৰ হয়তো এনেকুৱা এটা ব্যৱসায়িক ক্ষেত্ৰ নাই, য’ত ৰিলায়েন্সৰ হস্তক্ষেপ নাই। এইবাৰ ৰিলায়েন্সে ঔষধৰ জগতখনত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। ৰিলায়েন্সৰ প্ৰতিনিধিয়ে সম্প্ৰতি ঔষধৰ জগতখনত প্ৰৱেশ কৰি ঔষধৰ ফাৰ্মাচীসমূহক ২৮-৩০ শতাংশ লাভৰ সুযোগ প্ৰদান কৰি যোগানৰ প্ৰস্তাৱ দিছে বুলি জানিব পৰা গৈছে। অসমত থকা ৮-১০ হাজাৰ ফাৰ্মাচীয়ে ঔষধ ক্ৰয় কৰি থকাৰ ফলত ব্যৱসায় চলাই আছে। ৰিলায়েন্সৰ এই ব্যৱসায় বৃদ্ধিত ডিলাৰসমূহৰ যেন এতিয়া পানীত হাঁহনচৰা হ’ব, সেয়া নিশ্চিত। ডিলাৰসমূহ এনেদৰে লোকচানৰ সন্মুখীন হোৱাৰ ফলত ৰিলায়েন্সে নিজৰ হাতলৈ নিব আৰু তেতিয়াই জিঅ’ই নিজৰ মতে দামবৃদ্ধি কৰিব।

ৰিলায়েন্সৰ দ্বিতীয় লক্ষ্য হৈছে ফাৰ্মাচীসমূহ। ইতিমধ্যে ৰিলায়েন্সে স্বকীয়ভাৱে দেশত ১১৪খন ফাৰ্মাচী আৰম্ভ কৰিছে। হয়তো কিছু দিনৰ পাছতে সমগ্ৰ দেশতে ফাৰ্মাচী আউটলেট খোলাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তদুপৰি সমগ্ৰ দেশতে ঘৰৰ দুৱাৰমুখতে ঔষধ বিতৰণ কৰিবলৈ ৰিলায়েন্সে ঠায়ে-ঠায়ে খুলিব স্মাৰ্ট পইণ্ট ষ্ট’ৰ। উল্লেখ্য যে, য’ত ফাৰ্মাচী খুলিব নোৱাৰে তাত ৰিলায়েন্সে ঔষধ প্ৰেৰণ কৰিব নিজস্ব নেটৱৰ্কৰে। 

অচিৰেই দেশৰ ৰোগী জেনেৰিক ঔষধৰ ক্ষেত্ৰত অভ্যস্ত হৈ পৰিব আৰু সস্তাত জেনেৰিক ঔষধ বিক্ৰী কৰিবলৈ সাজু হৈছে ৰিলায়েন্স জিঅ’। ইয়াৰ লগে-লগে ব্ৰেণ্ড নেম ঔষধৰ চাহিদা দেশত নোহোৱা হৈ পৰিব আৰু এপিনৰ পৰা মৃত্যুমুখত পৰিব দেশৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানী তেতিয়াই ঔষধৰ সাম্ৰাজ্যৰ একছত্ৰী অধিপতি হ’ব মুকেশ আম্বানীৰ ৰিলায়েন্স।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ