--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ভয়ংকৰ, এক জঘন্য যৌন কেলেংকাৰীৰ ঘটনাই কঁপাইছে তামিলনাডু। এটা-দুটা নহয় কেইবাটাও ছেক্স ভিডিঅ’ নিৰ্মাণ তথা প্ৰচাৰ কৰা এই কাণ্ডৰ সৈতে এগৰাকী মহিলা শিক্ষয়িত্ৰী তথা বিদ্যালয়খনৰে ছাত্ৰ জড়িত থকাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে তামিলনাডুৰ চাইবাৰ চেলে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই অৰুচিকৰ ভিডিঅ’ এজন ব্যৱসায়ীয়ে ৰেকৰ্ড কৰিছিল। তেওঁ এখন মহিলাৰ পাৰ্লাৰ চলায়। তেওঁ এই ভিডিঅ’ তেওঁৰ কেইজনমান বন্ধুৰ সৈতে শ্বেয়াৰ কৰিছিল।

 চাইবাৰ চেলে এই কথাৰ তদন্ত কৰি আছে যে, এই ভিডিঅ’সমূহ আন্তঃৰাষ্ট্ৰীয় কোনো পৰ্ন’গ্ৰাফী ছাইটত আপলোড কৰা হৈছে নেকি তাক পৰীক্ষা কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।  মাদুৰাই ৪২বছৰীয়া শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ ৩৯বছৰীয়া প্ৰেমিকক দেওবাৰে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোক এতিয়া আৰক্ষীৰ জিম্মাত আছে।

 মাদুৰাই চাইবাৰ চেলৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে, তামিলনাডুৰ ডিজিপিয়ে অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰা এই কাৰ্যৰ সৈতে জড়িত সকলো চক্ৰৰ উৎখাত কৰিবলৈ নিৰ্দেশ দিছে। বিবাহ বিচ্ছেদ হোৱা মহিলা শিক্ষকগৰাকীয়ে ২০১০ চনৰ পৰা ব্যৱসায়ীজনৰ সৈতে অবৈধ সম্পৰ্কত জড়িত হৈ আছে।

 শিক্ষয়িত্ৰীগৰাকীয়ে তিনিজন ১৬ বছৰীয়া ছাত্ৰক নিজৰ ঘৰলৈ মাতি আনি তেওঁলোকৰ সৈতে অনৈতিক কামত লিপ্ত হৈছিল। সেই ভিডিঅ’ ৰেকৰ্ড কৰা হৈছিল। ব্যৱসায়ীজনে আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছিল যে তেওঁ সেই ভিডিঅ’ ৰেকৰ্ড কৰাৰ লগতে সেই ভিডিঅ’ তেওঁৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিছিল। এই তথ্যৰ আঁত ধৰি আন কেইবাজনো লোকক জেৰা কৰিছে চাইবাৰ চেলে।

মাদুৰাই ছাউথ অল অ’মেন পুলিচ থানাই ইতিমধ্যে কিশোৰকেইজনৰ পৰিয়ালৰ লোকৰ অভিযোগৰ আধাৰত গোচৰ ৰুজু কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন