--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। একেৰাহে তৃতীয় দিনৰ বাবে দেশত ২০ হাজাৰৰো অধিক কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ২০ হাজাৰ ৫২৮জন কৰ’নাত আক্ৰান্ত হৈছে, যিটো কালিৰ তুলনাত ২.৪% বেছি। ইয়াৰ সমান্তৰালকৈ ক’ভিডৰ বাবেও ৪৯জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পূৰ্বে শনিবাৰে ২০,০৪৪জনৰ বিপৰীতে শুকুৰবাৰে ২০,০৩৮গৰাকী কৰ’নাত আক্ৰান্ত হৈছিল।

স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, কেৰালাত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হৈছে। ইয়াত ২ হাজাৰ ৮৭১গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰ পাছত পশ্চিমবংগত ২ হাজাৰ ৮৩৯জন, মহাৰাষ্ট্ৰত ২ হাজাৰ ৩৮২জন, তামিলনাডুত ২ হাজাৰ ৩৪০জন আৰু কৰ্ণাটকত ১ হাজাৰ ৩৭৪জন আক্ৰান্ত হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৪৯জন কৰ’না আক্ৰান্ত ৰোগীৰো মৃত্যু হৈছে, যাৰ ফলত দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা বৃদ্ধি পাই ৫ লাখ ২৫ হাজাৰ ৭০৯জনলৈ বৃদ্ধি পাইছে।

আনহাতে, দেশত কৰ’না আৰোগ্যৰ হাৰ এতিয়া ৯৮.৪৭%। যোৱা ২৪ ঘণ্টাত মুঠ ১৭ হাজাৰ ৭৯০গৰাকী ৰোগী আৰোগ্য হৈছে। বৰ্তমান সময়ত দেশত ১ লাখ ৪৩ হাজাৰ ৪৪৯জন সক্ৰিয় কৰ’না আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ২৬৮৯ জন।

কৰ’না প্ৰতিষেধকৰ ক্ষেত্ৰত ভাৰতে নতুন অভিলেখ স্থাপন হ’বলৈ ওলাইছে। সম্ভাৱনা আছে যে আজি দেশত মুঠ টিকাকৰণৰ সংখ্যা দুই বিলিয়ন ড’জ পৰ্যন্ত হ’ব পাৰে। আনহাতে, ভাৰতে দুই বিলিয়নতকৈ অধিক ড’জ দিয়া বিশ্বৰ দ্বিতীয়খন দেশত পৰিণত হ’ব৷ ভাৰততকৈ অধিক ভেকচিনৰ মাত্ৰা কেৱল চীনতহে প্ৰয়োগ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক