--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে দেশত হিজাব বিতৰ্কত উত্তাল আনফালে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে দিলে আকৌ এবাৰ হিন্দুত্ববাদৰৰ হকে দিলে শ্লগান। তেওঁ কয়, "এজন হিন্দুৰ সৈতে ভাল কৰাৰ অৰ্থ হৈছে ৰাজ্যৰ লগতে দেশৰ হকে ভাল কৰা। মোহনে হায়দৰাবাদত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। একাদশ শতিকাৰ সন্ত শ্ৰী ৰামানুজাচাৰ্যৰ হাজাৰ সংখ্যাক জন্ম জয়ন্তী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মঞ্চত ভাষণ দি মোহন ভাগৱতে কয়, "যিসকলে ১,০০০ বছৰ ধৰি হিন্দুসকলক ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছে, তেওঁলোকে আজি সমগ্ৰ বিশ্বতে নিজৰ মাজত যুঁজ দি আছে। দৰাচলতে, হিন্দুসকলৰ মঙ্গলময়তা সমগ্ৰ দেশৰ বাবে ভাল হ'ব। আমি প্ৰথমে সেইটো বুজিব লাগিব। তেতিয়াহে আমি এক ঐক্যবদ্ধ আৰু শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম আৰু এনেদৰেই আমি আমাৰ সকলো দুৰ্বলতা আঁতৰ কৰিব পাৰিম। " মোহন ভাগৱতৰ মতে, হিন্দুসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ হোৱা স্বত্বেও, ভাৰতৰ জনসংখ্যাৰ ৮০ শতাংশ লোক হিন্দু সম্প্ৰদায়ৰ। এই দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে জড়িত বেছিভাগ লোকেই হিন্দু। আৰ এছ এছ ৰ মুৰব্বীগৰাকীজনে লগতে কৈছিল, "এচামে আমাক শেষ কৰিবলৈ অহৰহভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু, একো কৰিব নোৱাৰিলে। এই সকলো আক্ৰমণৰ স্বত্বেও, মাতৃভূমি আমাৰ সৈতে আছে, তেন্তে আমি কিয় ভয় কৰিব লাগে? কাৰণ আমি আমাৰ প্ৰকৃতি পাহৰি গৈছো। আমি জীৱনৰ ওপৰত আমাৰ সামগ্ৰিক দৃষ্টিভংগী পাহৰি গৈছো আৰু সেইকাৰণে আমি দুৰ্বল হৈ পৰিছো। এই সকলোবোৰ আমি নিজেই ঘূৰাই আনিব লাগিব।" মোহন ভাগৱতে কয় যে ফৰাচী নৱজাগৰণৰ পিছতহে বিশ্বই সমতাৰ কথা কৈছে। কিন্তু, ভাৰতত ইয়াৰ বহু বছৰ আগতে, আমি এই নীতি আৰু আদৰ্শবোৰ অনুসৰণ কৰি আহিছো। আমি হাজাৰ হাজাৰ বছৰ ধৰি এই সংস্কৃতি অনুসৰণ কৰি আহিছো। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদত শ্ৰী ৰামানুজাচাৰ্যৰ ২১৬ ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াক সমতাৰ মূৰ্তি বুলি আখ্যা দিয়া হৈছে। বিশ্বৰবাসীৰ আগত ভাৰতৰ ঐক্য আৰু সমতাৰ পৰম্পৰা প্ৰদৰ্শন কৰিবলৈ এই মূৰ্তিটো সৃষ্টি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তা আছিল যে 'সমতাৰ প্ৰতিমূৰ্তি'য়ে সমগ্ৰ দেশক সমতাৰ পাঠ শিকাব। অৱশ্যে, মোহন ভাগৱত 'সমতাৰ প্ৰতিমূৰ্তি'লৈ যোৱাৰ পাছতো, মোহনে হিন্দু ধৰ্মৰ দুৰ্দশাৰ বিষয়ে আলোকপাত কৰিছিল, যিয়ে দেশত সংখ্যালঘু সম্প্ৰদায় লোকসকলৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন