--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ ৭৫টা গৌৰৱজ্জ্বল বছৰ গৰকা ভাৰতত কৃষকৰ স্থান কত? পংকিল জীৱনৰ বাট কাটি দেশৰ নাগৰিকৰ পেট পুৰোৱা সেইসকল কৃষকৰ ভৱিষ্যতৰ কথা ভাবিছে নে কোনোবাই? দেশৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰা কৃষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যদিও প্ৰকৃত নায্যতা প্ৰাপ্তিৰ পৰা আজিও বঞ্চিত দেশৰ কৃষক। সেইবাবে খেতিপথাৰৰ নাঙল-যুঁৱলি এৰি ৰাজপথতে দিনক ৰাতি , ৰাতিক দিন কৰিবলগীয়া হৈছে। প্ৰশংসাৰ পৰিৱৰ্তে শাসকপক্ষৰ অত্যাচাৰে সহি যাৱলগীয়া হৈছে। এই ঘটনা-পৰিঘটনাই কৃষকৰ সামগ্ৰিক ছবিখন তুলি ধৰিছে।  ফলস্বৰূপে দেশত ক্ৰমশঃ বৃদ্ধি পাই আহিছে কৃষকৰ আত্মহত্যাৰ ঘটনা। শতিকাৰ প্ৰথম দুটা দশকত প্ৰায় ২০লাখ ভাৰতীয় কৃষকে আত্মহত্যা কৰিছে। কি উত্তৰ ভাৰত, কি দক্ষিণ ভাৰত, কি পশ্চিম ভাৰত, কি উত্তৰ পূৰ্বাঞ্চল সকলোতে একেখনি হৃদয়বিদাৰক ছবি। ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা কৃষকৰ ঘামৰ মূল্য কোনো চৰকাৰে দিব পৰা নাই আৰু দিবলৈ ইচ্ছাও কৰা নাই বুলিয়েই এতিয়া দেশৰ নাগৰিকৰ মনে ধৰিছে। কেন্দ্ৰীয় চৰকাৰে লোকসভাত দাখিল কৰা শেহতীয়া তথ্য অনুসৰি, ২০১৮-২০ বৰ্ষলৈ দেশত ১৭ হাজাৰৰো অধিক কৃষকে আত্মহনৰৰ পথ বাছি লৈছে। সেইয়া লাগিলে, ঋণগস্ততাৰ বাবেই হওঁক বা কৃষকে শ্ৰমৰ উচ্চিত মূল্য নোপোৱাৰ বাবেই হওঁক। লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই এক লিখিত প্ৰশ্ন-উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয় যে, ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ বিভাগ চমুকৈ এন চি আৰ ডিৰ প্ৰতিবেদনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কৃষকে কৰা আত্মহত্যাৰ তথ্যৰ জৰিয়তে এই পৰিসংখ্যা পোহৰলৈ আহিছে। মন্ত্ৰীজনে সদৰী কৰা অনুসৰি, দেশত ২০১৮ বৰ্ষত ৫,৭৬৩, ২০১৯ বৰ্ষত ৫,৯৫৭ আৰু ২০২০ বৰ্ষত ৫,৫৭৯ গৰাকী কৃষকে আত্মহত্যা কৰিছে। ইফালে দেশৰ বিৰোধী দলসমূহেও এইবাৰৰ বাজেটত মুদ্ৰাস্ফীতি, দেশৰ বৰ্দ্ধিত নিবনুৱা সমস্য, কৃষকৰ সমস্যসমূহ কোনো স্থান নাপালে বুলি অভিযোগ উত্থাপন কৰে। ইফালে, আন এক তথ্য অনুসৰি কৰ্মহীন আৰু ঋণগ্ৰস্ত হৈ যোৱা তিনি বছৰত দেশৰ ২৬ হাজাৰ লোকে আত্মহনৰৰ পথ বাছি লৈছে। ৰাজ্যসভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে। ২০১৮-২০ বৰ্ষলৈকে ১৬ হাজাৰ লোকে আৰ্থিকবাৱে দেউলীয়া হৈ অথবা ঋণৰ বোজা সহিব নোৱাৰি আত্মসহনৰৰ পথ বাছি লৈছে বুলি পৰিসংখ্যাত পোহৰলৈ আহিছে। উল্লেখ্য যে কৰ্মসংস্থাপন নোহোৱাৰ বাবেই যোৱা তিনি বছৰত ৯,১৪০ গৰাকী লোকে আত্মহত্যা কৰিছে বুলি পোহৰলৈ আহিছে। ঠিক সেইদৰে ২০২০ বৰ্ষত আৰ্থিকভাৱে দেউলীয়া হৈ ৫,২১৩ জন, ২০১৯ বৰ্ষত ৫,৯০৮ আৰু ২০১৮ বৰ্ষত ৪,৯৭০ জন লোকে আত্মহত্যা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement