--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ ৭৫টা গৌৰৱজ্জ্বল বছৰ গৰকা ভাৰতত কৃষকৰ স্থান কত? পংকিল জীৱনৰ বাট কাটি দেশৰ নাগৰিকৰ পেট পুৰোৱা সেইসকল কৃষকৰ ভৱিষ্যতৰ কথা ভাবিছে নে কোনোবাই? দেশৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰা কৃষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যদিও প্ৰকৃত নায্যতা প্ৰাপ্তিৰ পৰা আজিও বঞ্চিত দেশৰ কৃষক। সেইবাবে খেতিপথাৰৰ নাঙল-যুঁৱলি এৰি ৰাজপথতে দিনক ৰাতি , ৰাতিক দিন কৰিবলগীয়া হৈছে। প্ৰশংসাৰ পৰিৱৰ্তে শাসকপক্ষৰ অত্যাচাৰে সহি যাৱলগীয়া হৈছে। এই ঘটনা-পৰিঘটনাই কৃষকৰ সামগ্ৰিক ছবিখন তুলি ধৰিছে।  ফলস্বৰূপে দেশত ক্ৰমশঃ বৃদ্ধি পাই আহিছে কৃষকৰ আত্মহত্যাৰ ঘটনা। শতিকাৰ প্ৰথম দুটা দশকত প্ৰায় ২০লাখ ভাৰতীয় কৃষকে আত্মহত্যা কৰিছে। কি উত্তৰ ভাৰত, কি দক্ষিণ ভাৰত, কি পশ্চিম ভাৰত, কি উত্তৰ পূৰ্বাঞ্চল সকলোতে একেখনি হৃদয়বিদাৰক ছবি। ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা কৃষকৰ ঘামৰ মূল্য কোনো চৰকাৰে দিব পৰা নাই আৰু দিবলৈ ইচ্ছাও কৰা নাই বুলিয়েই এতিয়া দেশৰ নাগৰিকৰ মনে ধৰিছে। কেন্দ্ৰীয় চৰকাৰে লোকসভাত দাখিল কৰা শেহতীয়া তথ্য অনুসৰি, ২০১৮-২০ বৰ্ষলৈ দেশত ১৭ হাজাৰৰো অধিক কৃষকে আত্মহনৰৰ পথ বাছি লৈছে। সেইয়া লাগিলে, ঋণগস্ততাৰ বাবেই হওঁক বা কৃষকে শ্ৰমৰ উচ্চিত মূল্য নোপোৱাৰ বাবেই হওঁক। লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই এক লিখিত প্ৰশ্ন-উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয় যে, ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ বিভাগ চমুকৈ এন চি আৰ ডিৰ প্ৰতিবেদনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কৃষকে কৰা আত্মহত্যাৰ তথ্যৰ জৰিয়তে এই পৰিসংখ্যা পোহৰলৈ আহিছে। মন্ত্ৰীজনে সদৰী কৰা অনুসৰি, দেশত ২০১৮ বৰ্ষত ৫,৭৬৩, ২০১৯ বৰ্ষত ৫,৯৫৭ আৰু ২০২০ বৰ্ষত ৫,৫৭৯ গৰাকী কৃষকে আত্মহত্যা কৰিছে। ইফালে দেশৰ বিৰোধী দলসমূহেও এইবাৰৰ বাজেটত মুদ্ৰাস্ফীতি, দেশৰ বৰ্দ্ধিত নিবনুৱা সমস্য, কৃষকৰ সমস্যসমূহ কোনো স্থান নাপালে বুলি অভিযোগ উত্থাপন কৰে। ইফালে, আন এক তথ্য অনুসৰি কৰ্মহীন আৰু ঋণগ্ৰস্ত হৈ যোৱা তিনি বছৰত দেশৰ ২৬ হাজাৰ লোকে আত্মহনৰৰ পথ বাছি লৈছে। ৰাজ্যসভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে। ২০১৮-২০ বৰ্ষলৈকে ১৬ হাজাৰ লোকে আৰ্থিকবাৱে দেউলীয়া হৈ অথবা ঋণৰ বোজা সহিব নোৱাৰি আত্মসহনৰৰ পথ বাছি লৈছে বুলি পৰিসংখ্যাত পোহৰলৈ আহিছে। উল্লেখ্য যে কৰ্মসংস্থাপন নোহোৱাৰ বাবেই যোৱা তিনি বছৰত ৯,১৪০ গৰাকী লোকে আত্মহত্যা কৰিছে বুলি পোহৰলৈ আহিছে। ঠিক সেইদৰে ২০২০ বৰ্ষত আৰ্থিকভাৱে দেউলীয়া হৈ ৫,২১৩ জন, ২০১৯ বৰ্ষত ৫,৯০৮ আৰু ২০১৮ বৰ্ষত ৪,৯৭০ জন লোকে আত্মহত্যা কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ