--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে কৰো’নাই পুনৰ এবাৰ আতংক বৃদ্ধি কৰিছে। দৈনিক সংক্ৰমণ বৃদ্ধি পাইছে। অৱশ্যে, মানুহ এতিয়াও সচেতন হোৱা নাই। মানুহে মাস্ক আৰু সামাজিক দূৰত্ব মানি নচলাৰ বাবেই পুনৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি বিশেষজ্ঞই দাবী কৰিছে। আক্ৰান্ত ৰোগীৰ সংখ্যা ও বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰালয়ত তথ্য অনুসৰি  যোৱা ২৪ ঘণ্টাত দেশত ১৭ হাজাৰ ০৭০ জন লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। এদিনত ২৩ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ সৈতে, মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৫,১৩৯। বৃহস্পতিবাৰে, দেশত ১৮,৮১৯ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল। এদিনত ৩৯ জন লোকৰ মৃত্যু হৈছিল।

দেশত সক্ৰিয় কৰো’না ৰোগীৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে। বৰ্তমান, দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১,০৭,১৮৯ গৰাকী। দৈনিক ইতিবাচকতাৰ হাৰ ৩.৪০ শতাংশত উপনীত হৈছে। নতুন মৃত্যুৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে।  আজিৰ দিনটোত দেশৰ জনসাধাৰণে কোনো সতৰ্কতা অবিহনে ৰথ যাত্ৰা উদযাপন কৰিছে। চিকিৎসকসকলে আশংকা কৰে যে সংক্ৰমণ একাধিকবাৰ বিয়পিব পাৰে।  মাস্ক পিন্ধি যিকোনো উৎসৱত উপস্থিত থাকিবলৈ বাৰে বাৰে কোৱা হৈছে যদিও সেই  সাৱধানতা অৱলম্বন কোনো নকৰা পৰিলক্ষিত হৈছে।

এনে পৰিস্থিতিত, বিশেষজ্ঞসকলে শিশুসকলৰ মাজত টিকাকৰণৰ হাৰ বৃদ্ধিৰ পোষকতা কৰিছে। চিকিৎসক ৰাহুল নাগপালৰ মতে, শিশুৰ জৰিয়তে পৰিয়ালৰ আন সদস্য সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। ই বৃদ্ধ আৰু ৰোগীসকলৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে, টিকাকৰণৰ ওপৰত প্ৰাধন্য দিয়া হৈছে। অৱশ্যে, সাত বছৰৰ তলৰ শিশুক টিকাকৰণ কৰাত গুৰুত্ব আৰোপ কৰা নাই স্বাস্থ্য বিভাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক