--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংবাদ জগতত এক ডাঙৰ খবৰ বিয়পি পৰিছে। 'Zee Group'ৰ হিন্দী নিউজ চেনেল 'Zee News'ৰ পৰা আহিছে এটা ডাঙৰ খবৰ। আভ্যন্তৰীণ সূত্ৰৰ খবৰ অনুসৰি চেনেলটোৰ মুখ্য সম্পাদক তথা মুখ্য কাৰ্যবাহী বিষয়া সুধীৰ চৌধুৰীয়ে পদত্যাগ কৰিছে। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি শেহতীয়াকৈ চেনেলটোৰ জনপ্ৰিয় প্ৰাইম টাইম শ্ব’ ‘ডি এন এ’ত এক বৃহৎ পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ অধীনত নিশা ৯ বজাত দীৰ্ঘদিন ধৰি ‘ডি এন এ’ আয়োজন কৰি অহা সুধীৰ চৌধুৰীৰ পৰা এই অনুষ্ঠানৰ দায়িত্ব প্ৰত্যাহাৰ কৰা হৈছে। 

চলিত সপ্তাহৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত সুধীৰ চৌধুৰীৰ ঠাইত ‘জী হিন্দুস্তান’ৰ এংকৰ ৰোহিত ৰঞ্জনে আয়োজন কৰিছে। প্ৰায় দুবছৰ ধৰি ‘জী হিন্দুস্তান’ত কাম কৰি, ‘সূৰ্য সমাচাৰ’ আৰু ‘পি৭’ চেনেলতো কাম কৰি আহিছে ৰোহিত ৰঞ্জনে। প্ৰায় এটা দশক ধৰি এই চেনেলটোৰ সৈতে জড়িত সুধীৰ চৌধুৰীক এই বিষয়ে আগতীয়াকৈও জনোৱা হোৱা নাছিল বুলি কোৱা হৈছে। সূত্ৰসমূহে লগতে কয় যে সুধীৰ চৌধুৰীয়ে এনেদৰে একাষৰীয়া হৈ থকাৰ বাবে আঘাত পাইছে আৰু ইয়াৰ বাবেই তেওঁ ইয়াৰ পৰা বিদায় লৈছে। এচেল গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত চৌধুৰীয়ে লিখে যে “এই সিদ্ধান্ত মোৰ আভ্যন্তৰীণ বিবেচনাৰ ফল। “এতিয়া মই নিজাকৈ মোৰ কাম আৰম্ভ কৰিম”। 

লগতে সুধীৰ চৌধুৰীয়ে লিখে যে ‘‘মই আপোনালোকক আশ্বস্ত কৰিছো যে মোৰ প্ৰস্তাৱিত নতুন উদ্যোগটোৱে (যদি সফল হয়) আপোনালোকক সুখী আৰু গৌৰৱান্বিত কৰি তুলিব।” জিৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰা চৌধুৰীয়ে প্ৰায় তিনিটা দশক ধৰি টিভি নিউজ উদ্যোগত কাম কৰি আহিছে। ২০০৩ চনত তেওঁ জি নিউজ এৰি ছাহাৰাত যোগদান কৰে। পিছলৈ তেওঁ ইণ্ডিয়া টিভিৰ সৈতেও কিছু সময়ৰ বাবে জড়িত আছিল। ২০১২ চনত চৌধুৰীয়ে পুনৰ জি নিউজত যোগদান কৰি ইয়াৰ প্ৰাইম টাইম শ্ব’ ডেইলী নিউজ এণ্ড এনালাইছিছ (ডি এন এ) আয়োজন কৰিবলৈ আৰম্ভ কৰে। এই অনুষ্ঠানটো অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল যদিও সমালোচনাৰো সন্মুখীন হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ