--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংবাদ জগতত এক ডাঙৰ খবৰ বিয়পি পৰিছে। 'Zee Group'ৰ হিন্দী নিউজ চেনেল 'Zee News'ৰ পৰা আহিছে এটা ডাঙৰ খবৰ। আভ্যন্তৰীণ সূত্ৰৰ খবৰ অনুসৰি চেনেলটোৰ মুখ্য সম্পাদক তথা মুখ্য কাৰ্যবাহী বিষয়া সুধীৰ চৌধুৰীয়ে পদত্যাগ কৰিছে। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি শেহতীয়াকৈ চেনেলটোৰ জনপ্ৰিয় প্ৰাইম টাইম শ্ব’ ‘ডি এন এ’ত এক বৃহৎ পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ অধীনত নিশা ৯ বজাত দীৰ্ঘদিন ধৰি ‘ডি এন এ’ আয়োজন কৰি অহা সুধীৰ চৌধুৰীৰ পৰা এই অনুষ্ঠানৰ দায়িত্ব প্ৰত্যাহাৰ কৰা হৈছে। 

চলিত সপ্তাহৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত সুধীৰ চৌধুৰীৰ ঠাইত ‘জী হিন্দুস্তান’ৰ এংকৰ ৰোহিত ৰঞ্জনে আয়োজন কৰিছে। প্ৰায় দুবছৰ ধৰি ‘জী হিন্দুস্তান’ত কাম কৰি, ‘সূৰ্য সমাচাৰ’ আৰু ‘পি৭’ চেনেলতো কাম কৰি আহিছে ৰোহিত ৰঞ্জনে। প্ৰায় এটা দশক ধৰি এই চেনেলটোৰ সৈতে জড়িত সুধীৰ চৌধুৰীক এই বিষয়ে আগতীয়াকৈও জনোৱা হোৱা নাছিল বুলি কোৱা হৈছে। সূত্ৰসমূহে লগতে কয় যে সুধীৰ চৌধুৰীয়ে এনেদৰে একাষৰীয়া হৈ থকাৰ বাবে আঘাত পাইছে আৰু ইয়াৰ বাবেই তেওঁ ইয়াৰ পৰা বিদায় লৈছে। এচেল গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত চৌধুৰীয়ে লিখে যে “এই সিদ্ধান্ত মোৰ আভ্যন্তৰীণ বিবেচনাৰ ফল। “এতিয়া মই নিজাকৈ মোৰ কাম আৰম্ভ কৰিম”। 

লগতে সুধীৰ চৌধুৰীয়ে লিখে যে ‘‘মই আপোনালোকক আশ্বস্ত কৰিছো যে মোৰ প্ৰস্তাৱিত নতুন উদ্যোগটোৱে (যদি সফল হয়) আপোনালোকক সুখী আৰু গৌৰৱান্বিত কৰি তুলিব।” জিৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰা চৌধুৰীয়ে প্ৰায় তিনিটা দশক ধৰি টিভি নিউজ উদ্যোগত কাম কৰি আহিছে। ২০০৩ চনত তেওঁ জি নিউজ এৰি ছাহাৰাত যোগদান কৰে। পিছলৈ তেওঁ ইণ্ডিয়া টিভিৰ সৈতেও কিছু সময়ৰ বাবে জড়িত আছিল। ২০১২ চনত চৌধুৰীয়ে পুনৰ জি নিউজত যোগদান কৰি ইয়াৰ প্ৰাইম টাইম শ্ব’ ডেইলী নিউজ এণ্ড এনালাইছিছ (ডি এন এ) আয়োজন কৰিবলৈ আৰম্ভ কৰে। এই অনুষ্ঠানটো অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল যদিও সমালোচনাৰো সন্মুখীন হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক