--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মোদী চৰকাৰে দেশে বিশ্বগুৰুৰ সন্মান লাভ কৰিবলৈ অগ্ৰসৰ হৈছে বুলি ঢোল পিটি ঘোষণা কৰি আছে। তেনেসময়তে বাস্তৱ ক্ষেত্ৰত কিন্তু ইয়াৰ এখন ওলোটা প্ৰতিচ্ছবিহে দেখা পোৱা গৈছে। দেশৰ অৰ্থনীতিক লৈ ইটোৰ পাছত সিটো উদ্বেগজনক খবৰ পোৱা গৈছে৷ শেহতীয়াকৈ বিশ্ব বেংকৰ এখন প্ৰতিবেদনত এয়া অতি জলজল পটপটকৈ প্ৰতিফলিত হৈছে।

বুধবাৰে বিশ্ব বেংকে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে ২০২০ চনত মুঠ ৫.৬ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ গ্ৰাসত পৰিছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ এটা থিংক টেংকে দেশৰ বিভিন্ন প্ৰান্তত চলোৱা এক সমীক্ষাৰ ভিত্তিত এই তথ্য আগবঢ়োৱা হৈছে। বিশ্ব বেংকৰ ‘প’ভাৰ্টি এণ্ড শ্বেয়াৰ্ড প্ৰচ্পাৰিটি ২০২২’ নামৰ এই প্ৰতিবেদনখনত ২০২০ বৰ্ষৰ মহামাৰীকালীন সময়খিনিৰ ওপৰত সমীক্ষা চলোৱা হৈছিল। মহামাৰীৰ সময়ছোৱাত ভাৰতৰ মধ্য বিত্তীয়- নিম্ন মধ্যবিত্তীয় অৰ্থনীতিৰ ওপৰত ইয়াৰ দ্বাৰা পৰীক্ষা কৰি চোৱা হৈছিল।

আনহাতে, ইণ্টাৰনেচনেল মণিটেৰী ফাণ্ডে অৰ্থাৎ আইএমএফেও আন এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। কিন্তু ইমানখিনি ভাৰতীয়ই দৰিদ্ৰতাৰ গ্ৰাসলৈ অৱনমিত হোৱা বুলি তাত উল্লেখ কৰা নাছিল। আইএমএফৰ প্ৰতিবেদনত ২.৩ কোটি ভাৰতীয়ৰ কথাহে কোৱা হৈছিল। এতিয়া বিশ্ববেংকৰ দৰে নিৰ্ভৰযোগ্য এটা সংস্থাই এইদৰে নতুন তথ্য আগবঢ়োৱাৰ পাছতে বিষয়টোৱে ব্যাপক তাৎপৰ্য বহন কৰিছে।

বিশ্ব বেংকৰ প্ৰতিবেদনখনত কেৱল ভাৰতবৰ্ষকে সাঙুৰি লোৱা নাই। মহামাৰীৰ সময়ছোৱাত সমগ্ৰ বিশ্বৰে অৰ্থনৈতিক বিপৰ্যয়ৰ বিষয়ে ইয়াত সবিস্তাৰে সমীক্ষা চলোৱা হৈছে। কোৱা হৈছে বিশ্বজুৰি ২০২০ চনত দৰিদ্ৰতাৰ গ্ৰাসত পতিত হোৱা লোকৰ সংখ্যা ঐতিহাসিকভাৱে বৃহৎ পৰিমাণৰ। উল্লেখযোগ্য যে মহামাৰীৰ বাবেই ২০২০ চনত বিশ্বৰ দৰিদ্ৰতা ৯.৩ শতাংশ বৃদ্ধি পাইছে।

আনহাতে, ২০১৯ চনত ইয়াৰ পৰিমাণ আছিল ৮.৪ শতাংশ। ভাৰতত ই ভয়ংকৰভাৱে দেখা দিছে। প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, ২০১১ চনৰ পাছত ভাৰতত ভয়ংকৰভাৱে দৰিদ্ৰতা বৃদ্ধি পাইছে। বিশেষকৈ গ্ৰামাঞ্চলত ইয়াক দেখা পোৱা গৈছে। বিশ্ব বেংকৰ মতে, ২০১৭ চনত ১৩.৬ শতাংশ ভাৰতীয়ই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল। ২০২০ চনত হোৱা ক’ভিড মহামাৰীয়ে ইয়াক ক্ষীপ্ৰ কৰি তোলে। মহামাৰী কালত চৰকাৰে আগবঢ়োৱা পুঁজিসমূহ যথাস্থানত প্ৰয়োগ হোৱা নাই বুলিও বিশ্ববেংকে কৈছে।

প্ৰতিবেদনখনৰ মতে, মহামাৰী কালত চৰকাৰৰ আঁচনিসমূহে গ্ৰামাঞ্চলৰ ৮৫ শতাংশ লোকক সামৰি লোৱাৰ বিপৰীতে নগৰাঞ্চলসমূহ বহু পাছ পৰি আছে। ৬৯ শতাংশ নগৰাঞ্চলত বাস কৰা লোকেহে ইয়াক লাভ কৰিবলৈ সক্ষম হৈছে।

লক্ষ্যণীয় কথাটো হৈছে ভাৰতৰ পৰা ক’ভিড নিৰ্মূল হ’ল বুলি মোদী চৰকাৰে ব্যাপক প্ৰচাৰ কৰি আহিছে। প্ৰচাৰ কৰি আহিছে যে মহামাৰীয়ে কোটি কোটি ভাৰতীয়ক কোনো বিশেষ ক্ষতিসাধন কৰিব নোৱাৰিলে। মহামাৰীৰ কালত চৰকাৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা বুলি শাসকীয় দলে দাবী কৰি আহিছে। দেশত বিনামূলীয়া ভেকচিন দি মোদী চৰকাৰে চমক সৃষ্টি কৰিলে।

কিন্তু বাস্তৱ ক্ষেত্ৰত যে দেশবাসীয়ে নাজল-নাথল অৱস্থাত হাহাকাৰ কৰি আছে, সেই বিষয়সমূহ গাপ দি থোৱা হৈছে। ব্যাপক মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, নিম্ন বিত্তৰ জীৱন- জীৱিকাৰ অস্থিৰতাৰ দৰে বিষয়সমূহৰ পৰা ফালৰি কাটি মোদী চৰকাৰে নানা ধৰণৰ ৰাজনীতি কৰি আহিছে। তেনে ক্ষেত্ৰত বিশ্ব বেংকৰ এই প্ৰতিবেদনখনে বিশেষ তাৎপৰ্য বহন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement