--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। শশী থাৰুৰৰ আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মাজতে হ’ব এইবাৰৰ নিৰ্বাচনৰ মূল যুঁজ। বহুতে এইবুলি আলোচনা কৰিছে যে মল্লিকাৰ্জুন খাৰ্গে ছোনিয়া গান্ধীৰ হাতৰ পুতলাৰ বাদে আন একো নহয়। ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰ’লতে খাৰ্গে সভাপতি নিৰ্বাচিত হ’লে চলিব লাগিব বুলিও বহুতে আলোচনা কৰা দেখা গৈছে। 

 ইয়াৰ মাজতে কংগ্ৰেছ নেতা তথা দলৰ সভাপতি  নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেই শুকুৰবাৰে দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছতো ছোনিয়া গান্ধীৰ ৰিম'ট কণ্ট্ৰোল হৈ নপৰে বুলি  স্পষ্টভাৱে কয়।

প্ৰবীণ ৰাজনীতিবিদজনে কয়  যে ভাৰতীয় জনতা পাৰ্টিয়ে ভবাৰ দৰে   তেওঁৰ দলত "ৰিম'ট কণ্ট্ৰোল" বুলি কোনো বস্তু নাই, য'ত প্ৰতিজন সভাপতিক  "সহমত"ৰ জৰিয়তে বাছনি কৰা হয়।  খাৰ্গেই দৃঢ়তাৰে কয় যে যদি তেওঁ  পুৰণি দলটোৰ   মুৰব্বী হয়, তেন্তে ৰিম'ট কণ্ট্ৰোল তেওঁৰ সৈতেহে থাকিব। উল্লেখ্য বিজেপিয়ে এইবুলি দাবীকৰি আহিছে  যে খাৰ্গে  এই পদত নিৰ্বাচিত হোৱাৰ পিছত ছোনিয়া গান্ধীৰ "ৰিম'ট কণ্ট্ৰোল" আৰু "প্ৰক্সি" হিচাপে কাম কৰিব।

বিজেপিৰ দাবীৰ প্ৰসংগত খাৰ্গেই কয় " বহুলোকে কয় যে মই এটা ৰিম'ট কণ্ট্ৰোল আৰু পিছফালৰ পৰা কাম কৰোঁ। তেওঁলোকে কয় যে ছোনিয়া গান্ধীয়ে যি ক'ব মই সেয়া শুনিম। কংগ্ৰেছত ৰিম'ট কণ্ট্ৰোল বুলি কোনো বস্তু নাই, সকলো মানুহেদলত একেলগে সিদ্ধান্ত লয়। "  বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ বিজেপিৰ  সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিছে? সকলো সভাপতিক সহমতৰ জৰিয়তে বাছনি কৰা হৈছে,  তেন্তে বিজেপিতহে ৰিম'ট কণ্ট্ৰ’ল আছে? যেতিয়া মই সভাপতি  হম, ৰিম'ট কণ্ট্ৰ’ল মোৰ হাতত থাকিব।"

 উল্লেখ্য কংগ্ৰেছে দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। ১৯ নৱেম্বৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ  আছিল ৩০ ছেপ্টেম্বৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক