--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দাক্ষিণাত্যৰ সমাজ জীৱনৰ সামগ্ৰিক পৰিচিতিক সলনি কৰিবলৈ অহৰ্নিশে প্ৰয়াস কৰিছে বিজেপিয়ে৷ যাৰ বাবে সংঘবদ্ধ হৈ বিজেপিৰ আগ্ৰাসনৰ বিপৰীতে সবল স্থিতি ঘোষণা কৰিছে তামিলনাডুকে ধৰি দক্ষিণৰ কেইবাখনো ৰাজ্যই৷ 

বিজেপিয়ে তামিলনাডুত নিজৰ আগ্ৰাসী ৰাজনীতিৰ চলাই নিয়াৰ সময়তে ভাৰতৰ ইতিহাসক সমৃদ্ধ কৰা চোল সাম্ৰাজ্যক লৈ এক অবাঞ্চিত বিতৰ্কৰ সৃষ্টি হৈছে সমগ্ৰ তামিলনাডুত৷ দাক্ষিণাত্যৰ সমাজ জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰা চোল সাম্ৰাজ্যক বিতৰ্কৰ মাজলৈ টানি আনিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল পৰিচালক বেত্ৰিমাৰণে৷ বেত্ৰিমাৰণে ৰাজাৰাজা চোলক হিন্দু ৰজা নহয় বুলি দাবী কৰি সৃষ্টি কৰিছে বিতৰ্কৰ৷ আৰু ভাৰতীয় চিনেমাক্ষেত্ৰৰ আগশাৰীৰ অভিনেতা কমল হাসনে পৰিচালকজনৰ বক্তব্যক সমৰ্থন জনাইছে৷

এই সকলো বিষয়ৰ সূত্ৰপাত হৈছিল এটা অনুষ্ঠানত৷ য’ত বেত্ৰিমাৰণ উপস্থিত আছিল৷ য’ত তেওঁ কেইটামান প্ৰশ্ন তুলিছিল৷ বেত্ৰিমাৰণে কৈছিল, চোজলান ৰজা হিন্দু নাছিল কিন্তু বিজেপিয়ে আমাৰ পৰিচয় চুৰি কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে ইতিমধ্যে থিৰুভাল্লুভাৰক গেৰুৱা কৰিবলৈ চেষ্টা কৰিছে। আমি কেতিয়াও সেইটো অনুমতি দিয়া উচিত নহয়। 

তাৰ পাছত কমল হাসনে সেই বক্তব্যক সমৰ্থন কৰি কয়, ৰজা চোলৰ সময়ছোৱাত হিন্দু ধৰ্ম নামৰ কোনো নাম নাছিল। তাত বৃথাভম, শৈৱম আৰু সামনাম আছিল৷ ব্ৰিটিছসকলেহে হিন্দু শব্দটো প্ৰস্তুত কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় ব্ৰিটিছসকলে একেলগে ইয়াক কেনেদৰে উল্লেখ কৰিব লাগে নাজানিছিল।

ৰাজাৰাজা চোলৰ দ্বাৰা অনুপ্ৰাণিত এখন কাল্পনিক উপন্যাসৰ ওপৰত আধাৰিত ‘পন্নিয়িন চেলভান: ১’ চলচ্চিত্ৰখনৰ মুক্তিৰ ঠিক এদিন পাছতে বেত্ৰিমাৰণৰ এই মন্তব্য আগবঢ়াইছে৷

যদিও বেত্ৰিমাৰণে হাসনৰ পৰা সমৰ্থন পাইছিল, বিজেপিয়ে পৰিচালকজনক তীব্ৰ সমালোচনা কৰিছে। বিজেপি নেতা এইচ ৰাজাই কৈছে যে ৰাজাৰাজা চোল সঁচাকৈয়ে এজন হিন্দু ৰজা আছিল। 

মই বেত্ৰিমাৰণৰ দৰে ইতিহাসৰ সৈতে ভালদৰে পৰিচিত নহয়, কিন্তু তেওঁক ৰাজাৰাজা চোলৰ দ্বাৰা নিৰ্মিত দুটা গীৰ্জা আৰু মছজিদ দেখুৱাবলৈ দিয়ক। তেওঁ নিজকে শিৱপদ শেকৰণ বুলি কৈছিল। তেতিয়া তেওঁ হিন্দু নাছিল নেকি বুলি প্ৰশ্ন কৰে এইচ ৰাজাই৷ 

উল্লেখযোগ্য যে, চোল সম্পৰ্কে বিতৰ্ক এয়াই প্ৰথম নহয়৷ ৰাজাৰাজা চোল সম্পৰ্কীয় বিতৰ্কই পূৰ্বেও তামিলনাডুত শিৰোনাম দখল কৰিছে। ২০১৯ত চলচ্চিত্ৰ পৰিচালক পিএ ৰঞ্জিতে ৰাজাৰাজাক সমালোচনা কৰাৰ পাছত বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ সেই সময়ত কৈছিল যে পূৰ্বৰ ৰজাৰ শাসন দলিতসকলৰ বাবে এক অন্ধকাৰ যুগ আছিল। তেওঁ লগতে দাবী কৰিছিল যে তেওঁলোকৰ পৰা ভূমি বলপূৰ্বক কাঢ়ি লোৱা হৈছিল আৰু ৰাজাৰাজা চোলৰ শাসনকালত বিভিন্ন ধৰণৰ জাতিগত উৎপীড়ন আৰম্ভ হৈছিল৷ 

আৰু এতিয়া তিনি বছৰৰ পাছত পুনৰ সৃষ্টি হোৱা এই বিতৰ্কই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তামিলনাডুত৷ একেসময়ে বিজেপিৰ আগ্ৰাসী স্থিতিৰ বিপপীতে দাক্ষিণাত্যৰ নাগৰিকে লোৱা শক্তিশালী স্থিতিও প্ৰকাশিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement