--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। দেশত ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰিলে মোডী চৰকাৰে আৰু তেওঁলোকৰ হাতত যেন এতিয়াও ব্যক্তিগতকৰণ কৰিব লগা প্ৰতিষ্ঠানসমূহৰ তালিকাখন এতিয়াও বহুত দীঘলীয়া৷ এইবাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ যো-জা কৰিছে মোডী চৰকাৰে৷ ৰাজহুৱা খণ্ডৰ দূৰসংযোগ প্ৰতিষ্ঠান বি এছ এন এলক অতিক্ৰম কৰিলে দেশৰ সৰ্ববৃহৎ ফিক্সড লাইন ব্ৰডবেণ্ড সেৱা ৰিলায়েন্স জিঅ’৷ ইয়াৰ বিপৰীতে বি এছ এন এলৰ ফিক্সড লাইন ব্ৰডবে গ্ৰাহকৰ সংখ্যা ৪.২ নিযুতলৈ হ্ৰাস পাইছে৷ উল্লেখ্য যে, ২০১৯ ৰ ছেপ্তেম্বৰৰ পৰা ৰিলায়েন্স জিঅ’ ব্ৰডবেণ্ড সেৱা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই ক্ৰমাৎ জিঅ’ ফাইবাৰ গ্ৰাহকৰ সংখ্যা কেৱল বৃদ্ধি হৈ আহিছে৷ দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা বুলি ক’লেও অকণো ভূল কোৱা নহব৷ দেশত যেন চৰকাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ কৰাত অঘোষিত প্ৰতিযগিতাত হে নামিছে ৷ দেশৰ ঘৰুৱা উৎপাদন(GDP) উৰ্ধগামী হোৱাৰ পৰিৱৰ্তে দৈনন্দিন নিম্নগামী হোৱাৰ খবৰে সদায়ে শিৰানা্ম দখল কৰে৷ দেশৰ ঘৰুৱা উৎপাদনৰ অৱস্থিতি ইমানেই পুতৌলগা যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে আনকি জি ডি পিৰ প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ লাজ পোৱা পৰিস্থিতি সদৃশ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন মোডী চৰকাৰে দেশৰ জি ডি পি হাৰ নিম্নগামী হোৱাৰ মুখ্য কাৰণ হিচাপে ক’ৰোনা মহামাৰীক দোহাই দি নিজৰ দায়িত্ব সামৰিব বিচাৰে যদিও একে সময়তে চীন দেশেকো ক’ভিড মহামাৰীয়ে জুৰুলা কৰাৰ পাছতো বিশ্ব অৰ্থনীতিত চীনে শীৰ্ষস্থান দখল কৰিলে৷ গতিকে চীনৰ পৰা মোডী চৰকাৰে শিক্ষা ল’ব লাগে বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিব৷ তদুপৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ একেবাৰে হঠকাৰী সিদ্ধান্ত জি এছ টি আৰু বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলালে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি