--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। দেশত ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰিলে মোডী চৰকাৰে আৰু তেওঁলোকৰ হাতত যেন এতিয়াও ব্যক্তিগতকৰণ কৰিব লগা প্ৰতিষ্ঠানসমূহৰ তালিকাখন এতিয়াও বহুত দীঘলীয়া৷ এইবাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ যো-জা কৰিছে মোডী চৰকাৰে৷ ৰাজহুৱা খণ্ডৰ দূৰসংযোগ প্ৰতিষ্ঠান বি এছ এন এলক অতিক্ৰম কৰিলে দেশৰ সৰ্ববৃহৎ ফিক্সড লাইন ব্ৰডবেণ্ড সেৱা ৰিলায়েন্স জিঅ’৷ ইয়াৰ বিপৰীতে বি এছ এন এলৰ ফিক্সড লাইন ব্ৰডবে গ্ৰাহকৰ সংখ্যা ৪.২ নিযুতলৈ হ্ৰাস পাইছে৷ উল্লেখ্য যে, ২০১৯ ৰ ছেপ্তেম্বৰৰ পৰা ৰিলায়েন্স জিঅ’ ব্ৰডবেণ্ড সেৱা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই ক্ৰমাৎ জিঅ’ ফাইবাৰ গ্ৰাহকৰ সংখ্যা কেৱল বৃদ্ধি হৈ আহিছে৷ দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা বুলি ক’লেও অকণো ভূল কোৱা নহব৷ দেশত যেন চৰকাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ কৰাত অঘোষিত প্ৰতিযগিতাত হে নামিছে ৷ দেশৰ ঘৰুৱা উৎপাদন(GDP) উৰ্ধগামী হোৱাৰ পৰিৱৰ্তে দৈনন্দিন নিম্নগামী হোৱাৰ খবৰে সদায়ে শিৰানা্ম দখল কৰে৷ দেশৰ ঘৰুৱা উৎপাদনৰ অৱস্থিতি ইমানেই পুতৌলগা যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে আনকি জি ডি পিৰ প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ লাজ পোৱা পৰিস্থিতি সদৃশ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন মোডী চৰকাৰে দেশৰ জি ডি পি হাৰ নিম্নগামী হোৱাৰ মুখ্য কাৰণ হিচাপে ক’ৰোনা মহামাৰীক দোহাই দি নিজৰ দায়িত্ব সামৰিব বিচাৰে যদিও একে সময়তে চীন দেশেকো ক’ভিড মহামাৰীয়ে জুৰুলা কৰাৰ পাছতো বিশ্ব অৰ্থনীতিত চীনে শীৰ্ষস্থান দখল কৰিলে৷ গতিকে চীনৰ পৰা মোডী চৰকাৰে শিক্ষা ল’ব লাগে বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিব৷ তদুপৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ একেবাৰে হঠকাৰী সিদ্ধান্ত জি এছ টি আৰু বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলালে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ