--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল নিৰ্বাচনৰ সময়তে কিয় তুংগত হৈ উঠে তালাচীৰ প্ৰকোপ৷ এই কথাটোৱে এতিয়া দেশৰ বিৰোধী শিবিৰৰ মাজত চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে, দেশৰ ৫ খন ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন৷ এই নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এতিয়া বিজেপি তদন্তকাৰী সংস্থাসমূহক উদ্দেশ্যপ্ৰণোদিতভাবে ব্যৱহাৰ কৰিব লৈছে৷ যেন এতিয়া দেশৰ সৰ্ব্বোচ্ছ তদন্তকাৰী সংস্থাসমূহ বিজেপিৰ চাবি দিয়া পুতলা হৈ পৰিছে বুলি সকলোৱে অভিযোগ কৰিছে৷ দেশ ৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তালাচী অভিযানো তীব্ৰতৰ হৈ পৰিছে৷ বিৰোধী দলসমূহে এতিয়া তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে অপপ্ৰয়োগ কৰিছে বুলি অভিযোগ উঠিছে৷ বিগত কেইবছৰমানৰ চালে দেখা যায় যে, কেৱল নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপিয়ে বিৰোধী দলৰ নেতাসমূহৰ বাসগৃহত তালাচী অভিযান চলাই আৰু নিৰ্বাচনৰ পাছত এই অভিযানসমূহে গেঁঠেলা মাৰে৷ উল্লেখ্য যে, ২০১৭ কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী ডি কে শিৱকুমাৰৰ বাসগৃহৰ লগতে আন বহুতো স্থানত মুঠ ৭০ টা স্থানত তালাচী চলাইছিল৷ ২০১৯ ৰ অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে ই ডিয়ে টি টি পিৰ সাংসদ ৱাক এছ চৌধুৰী আৰু চি এম ৰমেশৰ ঘৰত আয়কৰে তালাচী চলাইছিল৷ বিগত বৰ্ষৰ পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে চি বি আয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভটিজা অভিষেকৰ পত্নীক জেৰা কৰে৷ উল্লেখ্য যে, চলিত বৰ্ষৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে সমাজবাদী পাৰ্টীৰ ঘনিষ্ঠ আতৰ ব্যৱসায়ী পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলায় ৷ পঞ্জাৱতো আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাবতো অবৈধ বালি খননৰ তিনি বছৰ পুৰণি গোচৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘৰত ই ডিয়ে তালাচী চলায়৷ কিন্তু এই আটাইবোৰ অভিযানকালতে কোনো বিশেষ ফলদায়ক ৰিজাল্ট নাপাই তদন্তকাৰী সংস্থাসমূহে৷ বিজেপিয়ে যেন এতিয়া বিৰোধী দলৰ নেতাসকলক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে বিজেপিয়ে ই ডি, চি বি আই, আয়কৰ বিভাগৰ দৰে ডাঙৰ তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰিব লৈছে বুলি সকলোৱে ক’ৱ খুজিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি