--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল নিৰ্বাচনৰ সময়তে কিয় তুংগত হৈ উঠে তালাচীৰ প্ৰকোপ৷ এই কথাটোৱে এতিয়া দেশৰ বিৰোধী শিবিৰৰ মাজত চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে, দেশৰ ৫ খন ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন৷ এই নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এতিয়া বিজেপি তদন্তকাৰী সংস্থাসমূহক উদ্দেশ্যপ্ৰণোদিতভাবে ব্যৱহাৰ কৰিব লৈছে৷ যেন এতিয়া দেশৰ সৰ্ব্বোচ্ছ তদন্তকাৰী সংস্থাসমূহ বিজেপিৰ চাবি দিয়া পুতলা হৈ পৰিছে বুলি সকলোৱে অভিযোগ কৰিছে৷ দেশ ৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তালাচী অভিযানো তীব্ৰতৰ হৈ পৰিছে৷ বিৰোধী দলসমূহে এতিয়া তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে অপপ্ৰয়োগ কৰিছে বুলি অভিযোগ উঠিছে৷ বিগত কেইবছৰমানৰ চালে দেখা যায় যে, কেৱল নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপিয়ে বিৰোধী দলৰ নেতাসমূহৰ বাসগৃহত তালাচী অভিযান চলাই আৰু নিৰ্বাচনৰ পাছত এই অভিযানসমূহে গেঁঠেলা মাৰে৷ উল্লেখ্য যে, ২০১৭ কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী ডি কে শিৱকুমাৰৰ বাসগৃহৰ লগতে আন বহুতো স্থানত মুঠ ৭০ টা স্থানত তালাচী চলাইছিল৷ ২০১৯ ৰ অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে ই ডিয়ে টি টি পিৰ সাংসদ ৱাক এছ চৌধুৰী আৰু চি এম ৰমেশৰ ঘৰত আয়কৰে তালাচী চলাইছিল৷ বিগত বৰ্ষৰ পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে চি বি আয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভটিজা অভিষেকৰ পত্নীক জেৰা কৰে৷ উল্লেখ্য যে, চলিত বৰ্ষৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে সমাজবাদী পাৰ্টীৰ ঘনিষ্ঠ আতৰ ব্যৱসায়ী পুষ্পৰাজ জৈনৰ ঘৰত তালাচী চলায় ৷ পঞ্জাৱতো আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাবতো অবৈধ বালি খননৰ তিনি বছৰ পুৰণি গোচৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘৰত ই ডিয়ে তালাচী চলায়৷ কিন্তু এই আটাইবোৰ অভিযানকালতে কোনো বিশেষ ফলদায়ক ৰিজাল্ট নাপাই তদন্তকাৰী সংস্থাসমূহে৷ বিজেপিয়ে যেন এতিয়া বিৰোধী দলৰ নেতাসকলক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে বিজেপিয়ে ই ডি, চি বি আই, আয়কৰ বিভাগৰ দৰে ডাঙৰ তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰিব লৈছে বুলি সকলোৱে ক’ৱ খুজিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক