--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুবিধাৰ বিতৰণক উন্নত কৰাৰ বাবে এক স্থিতিস্থাপক খাদ্য ব্যৱস্থা গঢ়ি তুলিবলৈ কেন্দ্ৰই ৰাজ্যিক ৰেংকিং সূচকাংক এনএফএছএ-২০২২ত ওড়িশাক দেশৰ ভিতৰতে প্ৰথম স্থানত ঠাই দিয়ে। মঙলবাৰে নতুন দিল্লীত খাদ্য আৰু পুষ্টি সুৰক্ষা সম্পৰ্কীয় খাদ্য মন্ত্ৰী সন্মিলনত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেলে।

০.৮৩৬ সূচকাংক স্ক’ৰ লাভ কৰা ওড়িশাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশ। ইউ পিয়ে সূচকাংক স্ক’ৰ ০.৭৯৭ লাভ কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশে ০.৭৯৪ স্ক’ৰেৰে প্ৰায় পিছ পৰি আছে।

সাধাৰণ শ্ৰেণীৰ ৰাজ্যসমূহত ওড়িশাৰ পিছতে উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাট আছে, আনহাতে উত্তৰ-পূবৰ ৰাজ্য, হিমালয়ৰ ৰাজ্য, আৰু  বিশেষ শ্ৰেণীত ত্ৰিপুৰাৰ পিছতে আছে হিমাচল প্ৰদেশ, ছিকিম আৰু নাগালেণ্ড।

খাদ্য আৰু সুৰক্ষা সূচকাংকৰ ওপৰত ভিত্তি কৰি কৰা এই ৰেংকিং প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হৈছে। প্ৰতি বছৰে একেধৰণৰ অনুশীলন কৰা হ’ব। বুলি শীৰ্ষ বিষয়া সকলে উল্লেখ কৰিছে।

পীয়ুষ গোৱালে কয় ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা, সহযোগিতা, আৰু শিক্ষণৰ পৰিৱেশ সমূহ সৃষ্টি কৰাৰ উদ্দেশ্যে সূচকাংকটো প্ৰস্তুত কৰা হৈছে , ৰাজ্যসমূহে খাদ্য সুৰক্ষা আৰু খাদ্ৰ বিভিন্ন বিষয়সমূহ সমাধান কৰাৰ লগতে ৰাজ্যসমূহে অৰ্থাৎ এখন ৰাজ্যই আনএখন ৰাজ্যৰ পৰা খাদ্য সম্পৰ্কীয় উত্তম পদ্ধতিসমূহ শিকিব পাৰিব।

সন্মিলনত একাধিক ৰাজ্যৰ পৰা তেওঁলোকৰ উত্তম পদ্ধতি সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে । গোৱালে সন্মিলনৰ পৰা শাৰীৰিক বা ভাৰ্চুৱেলভাৱে বিৰত থকা ৰাজ্যসমূহক তিৰস্কাৰ কৰি কয়  খাদ্য সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি এতিয়াও বহু ৰাজ্য সক্ৰিয় নহয় ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে