--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ইতিহাসত আপুনি বহুতো প্ৰাচীন মন্দিৰ দেখিবলৈ পাব, যিবোৰ হাজাৰ বছৰৰ আগতে নিৰ্মাণ কৰা হৈছিল। সেই সময়ত ৰজা মহাৰাজসকলেও বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল যাৰ প্ৰাচীন দেৱাল এতিয়াও দৃঢ়ভাৱে থিয় হৈ আছে। প্ৰাচীন হোৱাৰ বাবে এই মন্দিৰসমূহে দেশ-বিদেশৰ বহু পৰ্যটকক আকৰ্ষণ কৰিছে। কিছু এনে মন্দিৰো আছে যাৰ লগত বহুতো চাঞ্চল্যকৰ কথা জড়িত হৈ আছে। আজি আমি আপোনালোকক এনে এটা প্ৰাচীন মন্দিৰৰ বিষয়ে ক’ম, যাক ভূতৰ মন্দিৰ বুলি কোৱা হয়। আহকচোন জানো এই মন্দিৰৰ বিষয়ে। মন্দিৰটো মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ চিহোনিয়ান চহৰত অৱস্থিত। মন্দিৰটোৰ নাম কাকনমথ মন্দিৰ। ছিহোনিয়ানৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৰ পৰা এই মন্দিৰটো দেখিবলৈ পোৱা যায়। 

এই বিস্ময়কৰ মন্দিৰটো মাটিৰ পৰা প্ৰায় ১১৫ ফুট উচ্চতাত অৱস্থিত। এই প্ৰাচীন মন্দিৰটো ভগৱান শিৱৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। এই মন্দিৰটো কেৱল শিলৰে নিৰ্মাণ কৰা হৈছে আৰু প্ৰতিটো শিল ওলমি আছে। বহু ডাঙৰ ডাঙৰ ধুমুহা, ভূমিকম্প আহিল আৰু গ'ল কিন্তু এই ৰহস্যময় মন্দিৰটোক জোকাৰিব নোৱাৰিলে। মুছলমান শাসকসকলে ইয়াক ভাঙিবলৈ গোলাও দলিয়াইছিল কিন্তু মন্দিৰটোৰ একো ক্ষতি কৰিব নোৱাৰিলে। ওলমি থকা শিলেৰে নিৰ্মিত এই মন্দিৰৰ ওচৰলৈ যোৱাৰ লগে লগে ইয়াৰ ওলমি থকা প্ৰতিটো শিল দৃশ্যমান হৈ পৰে। যিমানেই ওচৰ চাপিব সিমানেই মনত আতংক আৰম্ভ হয়। ওচৰতে নিৰ্মাণ কৰা বহুতো সৰু সৰু মন্দিৰ ধ্বংস হৈছে যদিও এই মন্দিৰত কোনো প্ৰভাৱ পৰা নাছিল। মন্দিৰৰ আশ্চৰ্যজনক কথাটো হ’ল, যি শিলৰ পৰা এই মন্দিৰটো তৈয়াৰ কৰা হৈছে, এই শিলটো ক'তো পোৱা নাযায়।

এই মন্দিৰৰ বিষয়ে বহুতো কিংবদন্তি আছে। মন্দিৰটো ভূতে নিৰ্মাণ কৰিছিল বুলি যুগ যুগ ধৰি বিশ্বাস কৰি অহা হৈছে। এই মন্দিৰত এটা প্ৰাচীন শিৱলিংগ আছে। ভগৱান শিৱক কেৱল দেৱ-দেৱী আৰু মানুহে পূজা নকৰে, ভূত আৰু অসুৰেও তেওঁক ঈশ্বৰ হিচাপে পূজা কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে শিৱৰ আন এটা নাম ভূতনাথ বুলি কোৱা হয়। পুৰাণত লিখা আছে যে ভগৱান শিৱৰ বিবাহত দেৱ-দেৱীৰ উপৰিও বিবাহৰ শোভাযাত্ৰাত ভূতো আহিছিল। মন্দিৰ নিৰ্মাণৰ লগত জড়িত কিংবদন্তিবোৰত কোৱা হৈছে যে ভূতবোৰে খালী পথাৰখনত দূৰৰ পৰা শিল আনি এৰাতিতে এই মন্দিৰটো নিৰ্মাণ কৰিছিল। এই মন্দিৰটো দেখি এনে লাগে যেন ইয়াৰ নিৰ্মাণৰ কাম আধাতে এৰি দিয়া হৈছিল। স্থানীয় লোকে কয় যে মন্দিৰ নিৰ্মাণ কৰি থকাৰ সময়ত পুৱা নহওঁতেই এজন মানুহে সাৰ পাইছিল আৰু তেওঁ উঠি আহি আটা তৈয়াৰ কৰা কাঠৰ চকাটো ঘূৰাই কামত লাগিছিল যাৰ শব্দ শুনি মন্দিৰ নিৰ্মাণৰ কাম আধাতে এৰি ভূতবোৰ গুচি গৈছিল। কোৱা হয় যে এই মন্দিৰৰ প্ৰদক্ষিণতো শিলেৰে আবৃত আছিল। ইয়াক মুছলমান শাসকসকলে কামানেৰে আক্ৰমণ কৰি ভাঙিবলৈ চেষ্টা কৰিছিল যদিও গোটেই মন্দিৰটো ভাঙিব পৰা নাছিল। অঞ্চলবাসীয়ে কয় যে এই মন্দিৰৰ চৌহদত পৰি থকা শিল যদি কোনোবাই তুলি লয় আৰু সেইবোৰ লৈ যাবলৈ বিচাৰে তেন্তে মন্দিৰৰ আন শিলবোৰ লৰচৰ কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে মানুহবোৰে ভয় খাই শিলবোৰ আগৰ স্থানতে এৰি থৈ যায়। 

এতিয়া এই মন্দিৰটো ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগৰ অধীনত আছে। কাকনমথ মন্দিৰত কোনো পুৰোহিত নাই আৰু নিশা ইয়াত কাকো থাকিবলৈ দিয়া নহয়। লগতে পুৰাতত্ত্ব বিভাগৰ একাংশ প্ৰহৰীও ৰাতি হোৱাৰ পিছত ইয়াত নাথাকি ওচৰৰ এখন গাঁৱত আশ্ৰয় লয়।অতুলনীয় স্থাপত্য কলাৰ এই মন্দিৰটোত কোনো অলৌকিক অদৃশ্য শক্তি আছে যিয়ে মন্দিৰটোক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়। এই মন্দিৰটো দেখি এনে লাগে যেন ই যিকোনো সময়তে খহি পৰিব পাৰে.. কিন্তু হাজাৰ বছৰ ধৰি এনেকৈ থিয় হৈ আছে কাকনমথ মন্দিৰ, যি সঁচাকৈয়ে আশ্বৰ্যকৰ। 

মৰেনাত অৱস্থিত কাকনমথ মন্দিৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থান। মাত্ৰ এটা ৰাতিতে নিৰ্মাণ কৰা এনে এটা মন্দিৰ য'ত ৰাতি কোনেও নাথাকে, দুৱাৰ বা খিৰিকীও একো নাই, কেৱল শিলৰ ওপৰত শিল ৰাখি নিৰ্মাণ কৰা হৈছে এই মন্দিৰ। যিকোনো সময়তে মন্দিৰটো খহি পৰাৰ ভয় কিন্তু হাজাৰ বছৰ ধৰি তেনেকৈয়ে থিয় হৈ আছে। মন্দিৰৰ সত্যতা কি। ইয়াৰ আঁৰৰ কাহিনী যিয়েই নহওক মন্দিৰটো কিন্তু সঁচাই এক আচৰিত মন্দিৰ বুলি সকলোৱে স্বীকাৰ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ