--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'নাৰ সংক্ৰমণ পুনৰ বৃদ্ধিয়ে চিন্তাত পেলাইছে জনতাক৷ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক'ভিডৰ সংক্ৰমণ অস্বাভাবিক হাৰত বৃদ্ধি পাইছে ক'ভিড৷ ব্ৰিটেইনত এটা নিশাৰ ভিতৰতে প্ৰায় ৭৯ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ৰনাত। ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰমনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক ক'ৰনাত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ।

বুধবাৰৰ দিনটোত ব্ৰিটেইনত মুঠ ৭৮,৬১০ গৰাকী লোক নতুনকৈ ক'ৰনাত আক্ৰান্ত হৈছে। দেশখনত বৰ্তমানলৈকে মুঠ ৬.৭০ কোটি জনতাৰ ভিতৰত ১.১০ কোটিৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে। অ'মিক্ৰনৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দেশবাসীক অতি বিপদজনক পৰিস্থিতিৰ সতৰ্কবাণী জাৰি কৰিছে। উল্লেখ্য যে বিশ্বত অ'মিক্ৰনৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা ব্ৰিটেইনতে প্ৰথমটো সংঘটিত হৈছে।

ইফালে বুধবাৰে দিনটোত পশ্চিমবংগ আৰু তামিলনাডুত নতুনকৈ অ'মিক্ৰনত আক্ৰান্ত চিনাক্ত হৈছে। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী এ সুব্ৰমনিয়ামে কৈছে যে ৪৭ বছৰীয়া এগৰাকী ব্যক্তি অ'মিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে। আক্ৰান্ত ব্যক্তিজন নাইজেৰিয়াৰ পৰা উভতি আহিছিল।

পশ্চিমবংগত এটি ৭ বছৰীয়া শিশু আক্ৰান্ত হৈছে অ'মিক্ৰনত। শিশুটি নিজ পৰিয়ালৰ সৈতে আবু ধাবিৰ পৰা হায়দৰাবাদ হৈ কলকাতালৈ আহিছিল। আনহাতে মহাৰাষ্ট্ৰ আৰু কেৰালাত ৪ জনকৈ লোক নতুনকৈ অ'মিক্ৰনত সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰৰ ওচমানাবাদত নতুনকৈ ২ জন ব্যক্তি, মুম্বাই আৰু বুলধানাত ১জনৈক লোক অ'মিক্ৰনত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অমিক্ৰন ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হৈছে। কেৰালাত বৰ্তমানলৈকে মুঠ ৫ জন ব্যক্তি অ'মিক্ৰনত আক্ৰান্ত হৈছে। দেশত বুধবাৰলৈকে অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ