--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'নাৰ সংক্ৰমণ পুনৰ বৃদ্ধিয়ে চিন্তাত পেলাইছে জনতাক৷ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক'ভিডৰ সংক্ৰমণ অস্বাভাবিক হাৰত বৃদ্ধি পাইছে ক'ভিড৷ ব্ৰিটেইনত এটা নিশাৰ ভিতৰতে প্ৰায় ৭৯ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ৰনাত। ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰমনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক ক'ৰনাত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ।

বুধবাৰৰ দিনটোত ব্ৰিটেইনত মুঠ ৭৮,৬১০ গৰাকী লোক নতুনকৈ ক'ৰনাত আক্ৰান্ত হৈছে। দেশখনত বৰ্তমানলৈকে মুঠ ৬.৭০ কোটি জনতাৰ ভিতৰত ১.১০ কোটিৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে। অ'মিক্ৰনৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দেশবাসীক অতি বিপদজনক পৰিস্থিতিৰ সতৰ্কবাণী জাৰি কৰিছে। উল্লেখ্য যে বিশ্বত অ'মিক্ৰনৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা ব্ৰিটেইনতে প্ৰথমটো সংঘটিত হৈছে।

ইফালে বুধবাৰে দিনটোত পশ্চিমবংগ আৰু তামিলনাডুত নতুনকৈ অ'মিক্ৰনত আক্ৰান্ত চিনাক্ত হৈছে। তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী এ সুব্ৰমনিয়ামে কৈছে যে ৪৭ বছৰীয়া এগৰাকী ব্যক্তি অ'মিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে। আক্ৰান্ত ব্যক্তিজন নাইজেৰিয়াৰ পৰা উভতি আহিছিল।

পশ্চিমবংগত এটি ৭ বছৰীয়া শিশু আক্ৰান্ত হৈছে অ'মিক্ৰনত। শিশুটি নিজ পৰিয়ালৰ সৈতে আবু ধাবিৰ পৰা হায়দৰাবাদ হৈ কলকাতালৈ আহিছিল। আনহাতে মহাৰাষ্ট্ৰ আৰু কেৰালাত ৪ জনকৈ লোক নতুনকৈ অ'মিক্ৰনত সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰৰ ওচমানাবাদত নতুনকৈ ২ জন ব্যক্তি, মুম্বাই আৰু বুলধানাত ১জনৈক লোক অ'মিক্ৰনত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অমিক্ৰন ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হৈছে। কেৰালাত বৰ্তমানলৈকে মুঠ ৫ জন ব্যক্তি অ'মিক্ৰনত আক্ৰান্ত হৈছে। দেশত বুধবাৰলৈকে অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু