--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে কয় যে, কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰন অভূতপূৰ্ব হাৰত বিয়পিবলৈ ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ দেশসমূহক অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য প্ৰণালী সুৰক্ষিত কৰিবলৈ দ্ৰুততাৰে কাম কৰিবলৈ আহ্বান জনাইছে। স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিগত মাহত দক্ষিণ আফ্ৰিকাত নতুন আৰু গুৰুতৰভাৱে পৰিৱৰ্তিত প্ৰকাৰটো প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱাৰ পাছত, অদ্যপি ৭৭খন দেশত ই বিয়পি পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই লগতে অ’মিক্ৰনে যিকোনো মুহূৰ্ততে গণসংক্ৰমণৰ ৰূপ ল’ব পাৰে বুলি উল্লেখ কৰি সকলো দেশক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে৷


কিন্তু, অ’মিক্ৰণৰ দ্ৰুতসংক্ৰমণ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নিৰ বিপৰীতে ভাৰতত দেখা গৈছে অন্য এখন ছবি৷ ইতিমধ্যে, ভাৰতৰ আঠখন ৰাজ্যৰ ৬৪গৰাকী লোক আক্ৰান্ত হৈছে ভাৰতত৷ পিছে, এইবোৰলৈ যেন ভ্ৰুক্ষেপ কৰা নাই দেশৰ প্ৰধানমন্ত্ৰীয়ে৷ উত্তৰ-প্ৰদেশৰ বাৰাণসীৰ পাঁচ লাখ বৰ্গফুট এলেকা সাঙুৰি নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধাম প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ উত্তৰ-প্ৰদেশত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী৷ ক্ৰমবৰ্ধমান অ’মিক্ৰনৰ সংক্ৰমণৰ ভয়াৱহতাৰ সময়তো লাখ লাখ লোকৰ সমাগমেৰে বাৰাণসীত অনুষ্ঠিত কৰা হৈছে ধৰ্মসভা৷ এতিয়া ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে দেশবাসী৷

কিয়নো, ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত কুম্ভমেলা কৰ’নাৰ হটস্পটৰূপে পৰিগণিত হৈছিল৷ ক’ভিডৰ সংহাৰী সময়তো ভাৰতত অনুষ্ঠিত হৈছিল কুম্ভমেলা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন৷ তাৰ পৰৱৰ্তী সময়ত লকডাউন, কাৰ্ফিউৱে জুৰুলা কৰিলে ৰাইজক৷ ক’ভিডে দেশৰ অৰ্থনীতিক বহুবছৰলৈ পিছুৱাই নিলে৷ ক’ভিডৰ সময়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা বাবে আনকি উচ্চতম ন্যায়ালয়েও প্ৰশ্ন তুলিছিল৷ যেন পূৰ্বৰ পৰা একোৱেই শিক্ষা নহ’ল দেশৰ প্ৰধানমন্ত্ৰীৰ৷ আকৌ, উত্তৰ-প্ৰদেশৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাৰাণসীত ধৰ্মসভাক লৈ ব্যস্ত আছে প্ৰধানমন্ত্ৰী৷ তাৰ পাছত দেশজুৰি উঠিছে সমালোচনাৰ জোৱাৰ৷ বিৰোধীও সৰব হৈ পৰিছে এই কাৰ্যত৷

কিয়নো, বাৰাণসীত অনুষ্ঠিত অনুষ্ঠানত কোনোধৰণৰ ক’ভিড বিধি মনা হোৱা নাই৷ লগতে, দেশৰ অন্য প্ৰান্ততো এতিয়া ক’ভিড বিধি উলংঘা হৈছে প্ৰতিনিয়ত৷ অথচ, সাধাৰণ লোকে ক’ভিড বিধি ভংগ কৰিলে জৰিমনা বিহা এই দেশত ৰাজনীতিবিদসকলে ক'ভিড বিধি নমনাকৈয়ে লাখ লাখ লোকৰ সমাগম কৰি অনুষ্ঠিত কৰি আছে সভা৷ কৰ’নাৰ বাবে সকলোতকৈ ক্ষতি হৈছে সৰ্বসাধাৰণৰ৷ প্ৰাণহানি হৈছে লক্ষাধিক জনতাৰ৷ পৰিয়ালবোৰলৈ নামি আহিছে অন্ধকাৰ৷ অৰ্থনীতি জুৰুলা হৈ পৰিছে৷ তেনেস্থলত পুনৰ বাৰাণসী-অযোধ্যাত অনুষ্ঠিত সভাই সংশয় নমাই আনিছে সকলোৰে মনত৷ প্ৰশ্ন হৈছে বাৰাণসী-অযোধ্যা হ’বগৈ নেকি কৰ’নাৰ নতুন হটস্পট! বিপদ সমাগত৷ কলিকতাও পালে অ’মিক্ৰন৷ অসমলৈ কিমাননো দূৰ বাট!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ