--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মটিভেচ’নেল স্পীকাৰ বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক আক্ৰমণ কৰাৰ গোচৰ ৰুজু কৰা হৈছে। বিবেক বিন্দ্ৰা কেৱল এজন ইউটিউবাৰেই নহয় এজন ডাঙৰ ব্যৱসায়ীও। ২০২৩ চনৰ ৬ ডিচেম্বৰত তেওঁ য়ানিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বিয়াৰ পাছদিনাই পত্নীক প্ৰহাৰ কৰি কাণৰ পৰ্দা ফালি দিয়ে মটিভেচনেল স্পীকাৰ বিবেক বিন্দ্ৰাই।

তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ তদন্ত চলি আছে। বিবেক বিন্দ্ৰাই নিজকে ব্যৱসায়িক গুৰু বুলি কয়। ইউটিউবত তেওঁৰ বহু চেনেল আছে আৰু তেওঁ মানুহক মাৰ্কেটিং আৰু ব্যৱসায়ৰ কৌশল শিকায়।

বিবেক বিন্দ্ৰাৰ খুলশালী বৈভৱ কোৱাত্ৰাই নয়ডা থানা ছেক্টৰ ১২৬ এলেকাত এজাহাৰ দাখিল কৰিছে। য'ত তেওঁ লিখিছে যে ২০২৩ চনৰ ৬ ডিচেম্বৰত ললিত মনাগৰ হোটেলত বিবেক বিন্দ্ৰাৰ সৈতে তেওঁৰ ভগ্নীৰ বিবাহ হয়। তেওঁ নয়ডাৰ ছুপাৰনোভা ৱেষ্ট ৰেচিডেন্সি ৪২০৯ প্লেট ছেক্টৰ ৯৪ত থাকে। বিবেকে পত্নীক আক্ৰমণ কৰাৰ ভিডিঅ’ও পোহৰলৈ আহিছে।

বৈভৱ কোৱাত্ৰাই কয় যে ''৭ ডিচেম্বৰ তাৰিখে পুৱা প্ৰায় ৩ বজাত মোৰ ভিনদেউ বিবেক বিন্দ্ৰাই নিজ মাতৃ প্ৰভাজীৰ লগত কাজিয়া কৰি আছিল। এই বিষয়ত যেতিয়া মোৰ ভগ্নী য়ানিকাই হস্তক্ষেপ কৰিলে, তেতিয়া বিবেক বিন্দ্ৰাই য়ানিকাক কোঠাত আবদ্ধ কৰি নিৰ্যাতন চলাইছিল। ইয়াৰ পিছত তেওঁক প্ৰচণ্ড মাৰপিট কৰা হয় যাৰ বাবে তেওঁৰ গোটেই শৰীৰত ঘাঁ হয়।''

ইয়াৰ বাহিৰেও বৈভৱ কোৱাত্ৰাই কয় যে ''য়ানিকাই ইমানেই আঘাত পাইছে যে তেওঁৰ কাণৰ পৰ্দা ফাটি গৈছে। কাজিয়াৰ সময়ত বিবেকে য়ানিকাৰ চুলিতো জোৰকৈ ধৰিছিল। মূৰত আঘাত পোৱাৰ পাছত তেওঁৰ মূৰ ঘূৰোৱা হ’বলৈ ধৰিলে। দিল্লীৰ কাৰ্কাৰডুমাৰ কৈলাশ দীপক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে য়ানিকা। এই কাজিয়াৰ সময়ত বিবেকে য়ানিকাৰ মোবাইল ফোনো ভাঙি পেলায়। আমি বিচাৰো বিবেকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement