--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মটিভেচ’নেল স্পীকাৰ বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক আক্ৰমণ কৰাৰ গোচৰ ৰুজু কৰা হৈছে। বিবেক বিন্দ্ৰা কেৱল এজন ইউটিউবাৰেই নহয় এজন ডাঙৰ ব্যৱসায়ীও। ২০২৩ চনৰ ৬ ডিচেম্বৰত তেওঁ য়ানিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বিয়াৰ পাছদিনাই পত্নীক প্ৰহাৰ কৰি কাণৰ পৰ্দা ফালি দিয়ে মটিভেচনেল স্পীকাৰ বিবেক বিন্দ্ৰাই।

তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ তদন্ত চলি আছে। বিবেক বিন্দ্ৰাই নিজকে ব্যৱসায়িক গুৰু বুলি কয়। ইউটিউবত তেওঁৰ বহু চেনেল আছে আৰু তেওঁ মানুহক মাৰ্কেটিং আৰু ব্যৱসায়ৰ কৌশল শিকায়।

বিবেক বিন্দ্ৰাৰ খুলশালী বৈভৱ কোৱাত্ৰাই নয়ডা থানা ছেক্টৰ ১২৬ এলেকাত এজাহাৰ দাখিল কৰিছে। য'ত তেওঁ লিখিছে যে ২০২৩ চনৰ ৬ ডিচেম্বৰত ললিত মনাগৰ হোটেলত বিবেক বিন্দ্ৰাৰ সৈতে তেওঁৰ ভগ্নীৰ বিবাহ হয়। তেওঁ নয়ডাৰ ছুপাৰনোভা ৱেষ্ট ৰেচিডেন্সি ৪২০৯ প্লেট ছেক্টৰ ৯৪ত থাকে। বিবেকে পত্নীক আক্ৰমণ কৰাৰ ভিডিঅ’ও পোহৰলৈ আহিছে।

বৈভৱ কোৱাত্ৰাই কয় যে ''৭ ডিচেম্বৰ তাৰিখে পুৱা প্ৰায় ৩ বজাত মোৰ ভিনদেউ বিবেক বিন্দ্ৰাই নিজ মাতৃ প্ৰভাজীৰ লগত কাজিয়া কৰি আছিল। এই বিষয়ত যেতিয়া মোৰ ভগ্নী য়ানিকাই হস্তক্ষেপ কৰিলে, তেতিয়া বিবেক বিন্দ্ৰাই য়ানিকাক কোঠাত আবদ্ধ কৰি নিৰ্যাতন চলাইছিল। ইয়াৰ পিছত তেওঁক প্ৰচণ্ড মাৰপিট কৰা হয় যাৰ বাবে তেওঁৰ গোটেই শৰীৰত ঘাঁ হয়।''

ইয়াৰ বাহিৰেও বৈভৱ কোৱাত্ৰাই কয় যে ''য়ানিকাই ইমানেই আঘাত পাইছে যে তেওঁৰ কাণৰ পৰ্দা ফাটি গৈছে। কাজিয়াৰ সময়ত বিবেকে য়ানিকাৰ চুলিতো জোৰকৈ ধৰিছিল। মূৰত আঘাত পোৱাৰ পাছত তেওঁৰ মূৰ ঘূৰোৱা হ’বলৈ ধৰিলে। দিল্লীৰ কাৰ্কাৰডুমাৰ কৈলাশ দীপক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে য়ানিকা। এই কাজিয়াৰ সময়ত বিবেকে য়ানিকাৰ মোবাইল ফোনো ভাঙি পেলায়। আমি বিচাৰো বিবেকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক