--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পূৰ্ণগতিত চলি আছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ এতিয়ালৈকে দেশত সামগ্ৰীক ভোটদানৰ হাৰ ২৫.৪ শতাংশ, পশ্চিম বংগত সৰ্বাধিক ভোটদান হৈছে৷ মঙলবাৰে পুৱা ৭ বজাত লোকসভাৰ তৃতীয় পৰ্যায় আৰম্ভ হয়৷ ভোটাৰসকলে ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীৰ বাবে ই ভি এমৰ বুটাম টিপিবলৈ ওলাই আহে। 

আবেলি ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। ভাৰতীয় নিৰ্বাচন আয়োগে কৈছে যে দেশৰ  ১.৮৫ লাখ ভোটকেন্দ্ৰত ১৭.২৪ কোটিতকৈও অধিক ভোটাৰ আছে৷ তেওঁলোকৰ ভিতৰত ৮.৮৫ কোটি পুৰুষ আৰু ৮.৩৯ কোটি মহিলা ভোটাৰ আছে৷  ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ  প্ৰায় ১৮.৫ লাখ ভোটগ্ৰহণ বিষয়া মোতায়েন কৰা হয় । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত  1,300 ৰো অধিক প্ৰাৰ্থী আছে, যাৰ ভিতৰত আছে ১২০ গৰাকী মহিলা প্ৰাৰ্থী আছে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অসম, ছত্তীশগড়, গোৱা, গুজৰাট, কৰ্ণাটক, কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউৰ একমাত্ৰ আসনত অনুষ্ঠিত হৈছে। অসমৰ চাৰিখন,বিহাৰৰ পাঁচখন, পশ্চিম বংগৰ পাঁচখন, উত্তৰ প্ৰদেশত দহখন, মধ্য প্ৰদেশত নখন  আৰু মহাৰাষ্ট্ৰত এঘাৰখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তৃতীয় পৰ্যায়ৰ  নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে গুজৰাটৰ গান্ধীনগৰত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, বংগৰ বহৰমপুৰত কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী,  টিএমচিৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান, কংগ্ৰেছৰ দিগ্বিজয় সিং ,সমাজবাদী পাৰ্টিৰ ডিম্পল যাদৱ আৰু  আদিত্য যাদৱ আদি। ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১১ বজালৈকে ২৫.৪ শতাংশ ভোটদান  হৈছে আৰু পশ্চিম বংগ পুৱা ১১ বজালৈকে ৩২.৮২ শতাংশৰ সৈতে তালিকাত আগবাঢ়ি আছে। 

গোৱাত ৩০.৯৪ শতাংশ ভোটদান   হৈছে। মহাৰাষ্ট্ৰত পুৱা ১১ বজালৈকে ১৮.১৮ শতাংশ ভোটদান হৈছে৷  ১১ বজালৈ  আন ৰাজ্যসমূহৰ ভোটদানৰ শতাংশ ইয়াত আছে - অসম-২৭.৩৪ শতাংশ, বিহাৰ ২৪.৪১ শতাংশ, ছত্তীশগড় ২৯.৯০ শতাংশ, গুজৰাট ২৪.৩৫ শতাংশ, কৰ্ণাটক ২৪.৪৮ শতাংশ, মধ্য প্ৰদেশ ৩০.২১ শতাংশ আৰু উত্তৰ প্ৰদেশ ২৬.১২ শতাংশ। কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউত পুৱা ১১ বজালৈকে ২৪.৬৯ শতাংশ ভোটদান হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু