--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পূৰ্ণগতিত চলি আছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ এতিয়ালৈকে দেশত সামগ্ৰীক ভোটদানৰ হাৰ ২৫.৪ শতাংশ, পশ্চিম বংগত সৰ্বাধিক ভোটদান হৈছে৷ মঙলবাৰে পুৱা ৭ বজাত লোকসভাৰ তৃতীয় পৰ্যায় আৰম্ভ হয়৷ ভোটাৰসকলে ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীৰ বাবে ই ভি এমৰ বুটাম টিপিবলৈ ওলাই আহে। 

আবেলি ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। ভাৰতীয় নিৰ্বাচন আয়োগে কৈছে যে দেশৰ  ১.৮৫ লাখ ভোটকেন্দ্ৰত ১৭.২৪ কোটিতকৈও অধিক ভোটাৰ আছে৷ তেওঁলোকৰ ভিতৰত ৮.৮৫ কোটি পুৰুষ আৰু ৮.৩৯ কোটি মহিলা ভোটাৰ আছে৷  ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ  প্ৰায় ১৮.৫ লাখ ভোটগ্ৰহণ বিষয়া মোতায়েন কৰা হয় । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত  1,300 ৰো অধিক প্ৰাৰ্থী আছে, যাৰ ভিতৰত আছে ১২০ গৰাকী মহিলা প্ৰাৰ্থী আছে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অসম, ছত্তীশগড়, গোৱা, গুজৰাট, কৰ্ণাটক, কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউৰ একমাত্ৰ আসনত অনুষ্ঠিত হৈছে। অসমৰ চাৰিখন,বিহাৰৰ পাঁচখন, পশ্চিম বংগৰ পাঁচখন, উত্তৰ প্ৰদেশত দহখন, মধ্য প্ৰদেশত নখন  আৰু মহাৰাষ্ট্ৰত এঘাৰখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তৃতীয় পৰ্যায়ৰ  নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে গুজৰাটৰ গান্ধীনগৰত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, বংগৰ বহৰমপুৰত কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী,  টিএমচিৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান, কংগ্ৰেছৰ দিগ্বিজয় সিং ,সমাজবাদী পাৰ্টিৰ ডিম্পল যাদৱ আৰু  আদিত্য যাদৱ আদি। ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১১ বজালৈকে ২৫.৪ শতাংশ ভোটদান  হৈছে আৰু পশ্চিম বংগ পুৱা ১১ বজালৈকে ৩২.৮২ শতাংশৰ সৈতে তালিকাত আগবাঢ়ি আছে। 

গোৱাত ৩০.৯৪ শতাংশ ভোটদান   হৈছে। মহাৰাষ্ট্ৰত পুৱা ১১ বজালৈকে ১৮.১৮ শতাংশ ভোটদান হৈছে৷  ১১ বজালৈ  আন ৰাজ্যসমূহৰ ভোটদানৰ শতাংশ ইয়াত আছে - অসম-২৭.৩৪ শতাংশ, বিহাৰ ২৪.৪১ শতাংশ, ছত্তীশগড় ২৯.৯০ শতাংশ, গুজৰাট ২৪.৩৫ শতাংশ, কৰ্ণাটক ২৪.৪৮ শতাংশ, মধ্য প্ৰদেশ ৩০.২১ শতাংশ আৰু উত্তৰ প্ৰদেশ ২৬.১২ শতাংশ। কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউত পুৱা ১১ বজালৈকে ২৪.৬৯ শতাংশ ভোটদান হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ