--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ আবকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অন্তৱৰ্তীকালীন জামিন দিয়া উচিত নে অনুচিত সেই বিষয়ত পৰ্যালোচনা কৰি আছে  উচ্চতম ন্যায়ালয়ে৷ হয়তো এই বিষয়ত আৰু কিছু সম.য়ৰ পিছতে আদালতৰ সিদ্ধান্ত জানিব পৰা যাব । অৰবিন্দ কেজৰিৱালৰ আবেদন সন্দৰ্ভত মঙলবাৰে  উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ থকা  এএছজি এছ ভি ৰাজুৱে যুক্তি আগবঢ়ায়। এএছজি ৰাজুৱে উচ্চতম ন্যায়ালয়ক কয়  যে মনীষ চিছোদিয়াৰ জামিন বাতিল হোৱাৰ পিছত ১১০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। 

এই সন্দৰ্ভত ন্যায়াধীশ খান্নাই প্ৰশ্ন কৰে  যে উৎকোচৰ পৰিমাণ  ১০০ কোটি টকা  বুলি কোৱা হৈছিল যদিও  ই কেনেকৈ ২-৩ বছৰত ১,১০০ কোটি টকা হ'ল? ন্যায়াধীশ খান্নাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এএছজি ৰাজুৱে কয় যে ৫৯০ কোটি টকা হৈছে পাইকাৰী বিক্ৰেতাৰ লাভ। ইয়াৰ সৈতে, সুৰা কোম্পানীবোৰে ৯০০ কোটি লাভ অৰ্জন কৰিছিল। উচ্চতম ন্যায়ালয়ে তেতিয়া কয়  যে পাৰ্থক্য টো প্ৰায় ৩৩৮ কোটি টকা আছিল আৰু গোটেই বিষয়টো উৎকোচৰ বিষয় বুলি ধৰিব নোৱাৰি। ইয়াৰ পিছত এএছজি ৰাজুৱে ইডিৰ হৈ কয় যে যেতিয়া আমি তদন্ত আৰম্ভ কৰিছিলো, আমাৰ তদন্ত পোনপটীয়াকৈ তেওঁৰ (অৰবিন্দ কেজৰিৱাল) বিৰুদ্ধে নাছিল। অনুসন্ধানৰ সময়ত তেওঁৰ ভূমিকা পোহৰলৈ আহিছিল আৰু সেয়েহে প্ৰথমতে তেওঁক এটাও প্ৰশ্ন সোধা হোৱা নাছিল। তদন্তটো তেওঁৰ ওপৰত কেন্দ্ৰীভূত নাছিল।
 
গোচৰটোৰ শুনানিৰ সময়ত, ন্যায়াধীশ সঞ্জীৱ খান্নাই ইডিক প্ৰশ্ন কৰে যে এই গোচৰটোত প্ৰথমজন চৰকাৰী বিষয়াক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল? গ্ৰেপ্তাৰৰ তাৰিখ কিমান আছিল? এই সন্দৰ্ভত, এএছজি ৰাজুৱে ইডিৰ হৈ উত্তৰ দিয়ে  যে গ্ৰেপ্তাৰ কৰা হৈছিল ৯ মাৰ্চত। ন্যায়াধীশ খান্নাই তেতিয়া এএছজি ৰাজুৰ প্ৰশ্ন কৰে  যে আপুনি উদ্ধৃত কৰা বিবৃতিবোৰ সম্ভৱতঃ আপোনাৰ কল্পনাসৃষ্ট  হ'ব পাৰে। এই সন্দৰ্ভত ৰাজুৱে কয় যে আমি এই বিবৃতিবোৰৰ আধাৰতে আমাৰ তদন্ত চলাই আছো।  ইয়াত সফলতাও  লাভ কৰিছো৷ ইপিনে কেজৰিৱালৰ জামিনৰ শুনানি দিনৰ ১ বজাৰ পৰা পুনৰ চলি আছে৷ এতিয়ালৈকে অৱশ্যে কোনো সিদ্ধান্ত জানিব পৰা হোৱা নাই৷ ইপিনে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কৈছে যে জামিন লাভ কৰিলেও মুখ্যমন্ত্ৰীৰ কাৰ্যালয় চম্ভালিব নোৱাৰিব কেজৰিৱালে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement