--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকাৰ পাহাৰ দেখিছেনে? হয়, ঝাৰখণ্ডত উদ্ধাৰ হৈছে টকাৰ পাহাৰ৷    ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা বন কৰা লোকৰ ঘৰত এতিয়ালৈকে উদ্ধাৰ হৈছে নগদ ৩২ কোটি টকা৷  ইডিৰ বিষয়াসকলে কালিৰে পৰা টকা গণনা কৰা যন্ত্ৰত ধন গণিয়েই আছে৷  কেৱল টকা উদ্ধাৰ কৰাই নহয়  ইডিয়ে এই ক্ষেত্ৰত ব্যৱস্থাও গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতা তথা ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালক মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে৷  

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ঝাৰখণ্ডৰ উক্ত  মন্ত্ৰী জনৰ সচিবৰ এজন লগুৱাৰ বাসগৃহত অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) কালিৰে পৰা এতিয়ালৈকে ৩২  কোটি টকা জব্দ কৰিছে। ইডিৰ বিষয়াসকলে সোমবাৰে পুৱাৰে পৰা ৰাঁচীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ চলাই আছে।  ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ  এজন লগুৱাৰ ঘৰতো তালাচী চলোৱা হয়। ইডিৰ সূত্ৰৰ মতে পৰিচাৰকৰ ঘৰৰ পৰা ৩২   কোটি টকা উদ্ধাৰ কৰা হৈছে। ইডিয়ে সন্দেহ কৰিছে যে এই ধন  মানি লণ্ডাৰিং গোচৰৰ সৈতে জড়িত।  

ইডিৰ  বিষয়াসকলে সঞ্জীৱৰ লগুৱাৰ ঘৰত তালাচী চলাই ৩২    কোটি টকা উদ্ধাৰ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। ইমান বেছি মাত্ৰাত নগদ ধন লুকুৱাই ৰখাৰ কথাই এয়া যে দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন তাকেই প্ৰমাণ কৰা বুলি বহুতে মন্তব্য কৰিছে।  ইডিৰ মতে গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ ধন সৰবৰাহৰ  গোচৰত সঞ্জীৱৰ নাম জড়িত আছিল। সেই সংযোগৰ সৈতে সংগতি ৰাখি   সোমবাৰে  পুৱা  ইডিয়ে অভিযান আৰম্ভ কৰে। গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰক ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

 তেওঁৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ  ধন আত্মসাৎ কৰাৰ অভিযোগ আছে। ইডিয়ে দাবী কৰিছে যে সঞ্জীৱো গোচৰটোত জড়িত আছে।  ইডি বিষয়াসকলৰ মতে  সঞ্জীৱ ঝাৰখণ্ডৰ আন মন্ত্ৰীসকলৰ সৈতে  ধনৰ লেনদেনত জড়িত আছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ