--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেউলীয়া হৈ পৰিছে নেকি পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান? এই প্ৰশ্ন এতিয়া গৰম প্ৰশ্ন হৈ ধৰা দিছে পাকিস্তানবাসীৰ বাবে। পাকিস্তানৰ বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰা লাভ কৰা উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে। যাৰ ভিতৰত আছে ১ মিলিয়ন ডলাৰৰ ব্যয়বহুল ঘড়ী। ভাৰতীয় মূল্যত এই ঘড়ীৰ মূল্য ১০ লাখ টকা। আৰ্থিক সংকটত জুৰুলা হৈ ইমৰাণ খানে বিক্ৰী কৰিলে উপহাৰ হিচাপে পোৱা এটা বিলাসী ঘড়ী। ঘড়ীটোৰ দাম আছিল ১ মিলিয়ন ডলাৰ। পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ এক কাণ্ডই এতিয়া দেশখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিলাসী ঘড়ীটো ইমৰাণ খানক উপহাৰ দিছিল উপসাগৰীয় দেশৰ ৰাজকুমাৰে। উপহাৰ হিচাপে লাভ কৰা ১ মিলিয়ন ডলাৰৰ এটা ঘড়ী বিক্ৰী কৰি বিৰোধী দলসমূহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইমৰাণ খান। দেশৰ নেতৃত্বত থকা লোকে যেতিয়া বিদেশ ভ্ৰমণ কৰে তেতিয়াই সাংবিধানিক পদত থকা ব্যক্তিসকলৰ মাজত উপহাৰৰ আদান-প্ৰদান হয়। ইয়াত বহুতো বিলাসী তথা দামী উপহাৰ অন্তৰ্ভুক্ত থাকে। নিয়ম অনুসৰি, এই উপহাৰবোৰ মুকলি নিলামত বিক্ৰী নোহোৱালৈকে ৰাষ্ট্ৰীয় সম্পত্তি হৈ থাকে। কিন্তু হঠাতে উপহাৰত পোৱা ঘড়ীটো বিক্ৰী কৰি দিয়া বাবে বিৰোধী দলে কটূ সমালোচনা কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীক।

আৰু পঢ়কঃ সমকামী প্ৰেম! প্ৰেমিকাৰ সৈতে মিলি ১৬ মহীয়া সন্তানক হত্যা মাতৃৰ

ঘটনাটো পোহৰলৈ অহাৰ পিছত মৰিয়ম নাৱাজে উৰ্দু ভাষাত এটা টুইট কৰি কৈছিল যে এজন ব্যক্তি(ইমৰান খান) কেনেকৈ ইমান অসংবেদনশীল, বধিৰ, বোবা, অন্ধ হ’ব পাৰে? অন্যহাতে বিৰোধী মিত্ৰজোঁট পাকিস্তান ডেম'ক্ৰেটিক মুভমেণ্ট (পিডিএম)ৰ সম্পাদক মৌলানা ফজলুৰ ৰহমানে কয় যে প্ৰধানমন্ত্ৰী খানে এজন ৰাজকুমাৰৰ পৰা লাভ কৰা এটা মূল্যৱান ঘড়ী বিক্ৰী কৰিছে বুলি বাতৰি এটা পালোঁ। "এয়া বৰ লজ্জাজনক।" অভিযোগ অনুসৰি ঘড়ীটো খানৰ ঘনিষ্ঠ সহায়কে ডুবাইত বিক্ৰী কৰিছে আৰু প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১ মিলিয়ন ডলাৰ দিয়া হৈছে। এই সন্দৰ্ভত পিছে মুখ খোলা নাই পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু