--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেউলীয়া হৈ পৰিছে নেকি পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান? এই প্ৰশ্ন এতিয়া গৰম প্ৰশ্ন হৈ ধৰা দিছে পাকিস্তানবাসীৰ বাবে। পাকিস্তানৰ বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰা লাভ কৰা উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে। যাৰ ভিতৰত আছে ১ মিলিয়ন ডলাৰৰ ব্যয়বহুল ঘড়ী। ভাৰতীয় মূল্যত এই ঘড়ীৰ মূল্য ১০ লাখ টকা। আৰ্থিক সংকটত জুৰুলা হৈ ইমৰাণ খানে বিক্ৰী কৰিলে উপহাৰ হিচাপে পোৱা এটা বিলাসী ঘড়ী। ঘড়ীটোৰ দাম আছিল ১ মিলিয়ন ডলাৰ। পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ এক কাণ্ডই এতিয়া দেশখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিলাসী ঘড়ীটো ইমৰাণ খানক উপহাৰ দিছিল উপসাগৰীয় দেশৰ ৰাজকুমাৰে। উপহাৰ হিচাপে লাভ কৰা ১ মিলিয়ন ডলাৰৰ এটা ঘড়ী বিক্ৰী কৰি বিৰোধী দলসমূহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইমৰাণ খান। দেশৰ নেতৃত্বত থকা লোকে যেতিয়া বিদেশ ভ্ৰমণ কৰে তেতিয়াই সাংবিধানিক পদত থকা ব্যক্তিসকলৰ মাজত উপহাৰৰ আদান-প্ৰদান হয়। ইয়াত বহুতো বিলাসী তথা দামী উপহাৰ অন্তৰ্ভুক্ত থাকে। নিয়ম অনুসৰি, এই উপহাৰবোৰ মুকলি নিলামত বিক্ৰী নোহোৱালৈকে ৰাষ্ট্ৰীয় সম্পত্তি হৈ থাকে। কিন্তু হঠাতে উপহাৰত পোৱা ঘড়ীটো বিক্ৰী কৰি দিয়া বাবে বিৰোধী দলে কটূ সমালোচনা কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীক।

আৰু পঢ়কঃ সমকামী প্ৰেম! প্ৰেমিকাৰ সৈতে মিলি ১৬ মহীয়া সন্তানক হত্যা মাতৃৰ

ঘটনাটো পোহৰলৈ অহাৰ পিছত মৰিয়ম নাৱাজে উৰ্দু ভাষাত এটা টুইট কৰি কৈছিল যে এজন ব্যক্তি(ইমৰান খান) কেনেকৈ ইমান অসংবেদনশীল, বধিৰ, বোবা, অন্ধ হ’ব পাৰে? অন্যহাতে বিৰোধী মিত্ৰজোঁট পাকিস্তান ডেম'ক্ৰেটিক মুভমেণ্ট (পিডিএম)ৰ সম্পাদক মৌলানা ফজলুৰ ৰহমানে কয় যে প্ৰধানমন্ত্ৰী খানে এজন ৰাজকুমাৰৰ পৰা লাভ কৰা এটা মূল্যৱান ঘড়ী বিক্ৰী কৰিছে বুলি বাতৰি এটা পালোঁ। "এয়া বৰ লজ্জাজনক।" অভিযোগ অনুসৰি ঘড়ীটো খানৰ ঘনিষ্ঠ সহায়কে ডুবাইত বিক্ৰী কৰিছে আৰু প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১ মিলিয়ন ডলাৰ দিয়া হৈছে। এই সন্দৰ্ভত পিছে মুখ খোলা নাই পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ